শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কলাই গাঁৱত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীক কটাক্ষ গৌৰৱ গগৈৰ...

কলাই গাঁৱত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীক কটাক্ষ গৌৰৱ গগৈৰ…

barasha-sarma
Barasha Sarma | Updated On: 17 Sep 2025 16:24 PM

বৰ্তমান অব্যাহত আছে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। কংগ্ৰেছৰ দিনত চৰকাৰী বিদ্যালয়ৰ ওপৰত গুৰুত্ব আছিল বুলিও কয় তেওঁ।

আকৰ্ষনীয় হৈ পৰিছে বি টি চি ৰ পৰিষদীয় নিৰ্বাচন। বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰত বিভিন্ন কৌশল অৱলম্বন কৰিছে। ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো। ৩৫ নং মূদৈবুৰী পৰিষদীয় সমষ্টিৰ হিমাংগ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে।

কলাইগাঁও প্ৰগতিশীল জনমঞ্চত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, অসমত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া চৰকাৰী স্কুলৰ ওপৰত গুৰুত্ব দিছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনত মদৰ দোকানৰ গুৰুত্ব বেছি হৈছে।

গগৈয়ে আৰু কয় যে, ১২৫০ টকা পালে আপুনি মাটিৰ পট্টা পাব নেকি,বয়োজ্যেষ্ঠজনৰ চিকিৎসা হ’ব নেকি? সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিবাৰৰ নামত কোটি কোটি টকাৰ মাটি লৈছে বুলিও কয় গগৈয়ে।