‘ষড়যন্ত্ৰৰ বলি হৈছিলোঁ..’ মনোনয়ন দাখিলৰ পাছত বিজেপি প্ৰাৰ্থী ৰমেন মদাহীৰ প্ৰথম প্ৰতিক্ৰিয়া
ৰমেন মদাহীৰ মনোনয়নক লৈ ব্যাপক চৰ্চা হৈছে। মাটি দালালিৰ গোচৰত আৰক্ষীৰ গুলী খোৱা এজন অভিযুক্ত দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা বিজেপি দলৰ পৰা টিকট লাভ কৰাত চকু কপালত উঠিছে সকলোৰে।
ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰা এগৰাকী প্ৰাৰ্থীক লৈ চলিছে ব্যাপক চৰ্চা। নাম ৰমেন মদাহী। কিছুদিন পূৰ্বে চিনাকী আছিল মাটিৰ দালাল হিচাপে। কিন্তু এতিয়া তেওঁৰ চিনাকী বিজেপিৰ সদস্য তথা প্ৰাৰ্থী। বিটিচি নিৰ্বাচনত কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিব ৰমেন মদাহীয়ে।
কিন্তু বিজেপিৰ এই প্ৰাৰ্থীগৰাকীক লৈ ইমান চৰ্চা কিয়? তেন্তে দুবছৰ আগলৈ মনত পেলাব লাগিব আপুনি। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ কালত ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলিছিল ব্যাপক অভিযান। বিভিন্ন স্থানত মাটিৰ দালালক ধৰি আৰক্ষীয়ে জেলত ভৰাইছিল। ২০২৩ চনৰ ২৬ নৱেম্বৰত সেই সময়ত মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত গুৱাহাটীক লালুং গাঁৱত আৰক্ষীয়ে গুলীয়াইছিল ৰমেন মদাহীক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলিবিদ্ধ হৈছিল ৰমেন। কেবাটাও গোচৰত অভিযুক্ত হৈ থকা ৰমেনৰ এনকাউণ্টাৰৰ ঘটনাই সেই সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছিল।
কিন্তু আজি ৰমেন মদাহীৰ মনোনয়নক লৈ ব্যাপক চৰ্চা হৈছে। মাটি দালালিৰ গোচৰত আৰক্ষীৰ গুলী খোৱা এজন অভিযুক্ত দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা বিজেপি দলৰ পৰা টিকট লাভ কৰাত চকু কপালত উঠিছে সকলোৰে। ৰমেন মদাহীৰ মনোনয়ন দাখিলৰ সময়ত সৃষ্টি হোৱা জন সমাগমৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। যিয়ে উন্মোচিত কাহিনীটোত আন এক জটিলতাৰ স্তৰ যোগ কৰিছে।
TV9-অসমৰ আগত ৰমেন মদাহীয়ে কয় যে এক ষড়যন্ত্ৰৰ বলি হৈ তেওঁ সেইসময়ত এই ঘটনাত সাঙোৰ খাই পৰিছিল। এতিয়া ভাল কাম কৰিব খোজাত একাংশ লোকে পুৰণি ঘটনাক খুচৰি বিতৰ্ক কৰিছে। “মোৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ হৈছিল। ৩ বছৰৰ পূৰ্বেও গভীৰ ষড়যন্ত্ৰৰ বলি হৈছিলোঁ আৰু আজি প্ৰাৰ্থিত্ব ঘোষণাৰ পিছত আকৌ চলিছে। ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ আমাৰ আস্থা আছে। কোকলাবাৰী সমষ্টিত বিজেপি দলৰ বিজয় সুনিশ্চিত।” প্ৰাৰ্থীগৰাকীয়ে কয়।