আই পি এলত দেখা নাযাব মুস্তাফিজুৰক! বিচিচিআইয়ে দিলে এনে নিৰ্দেশ
কিন্তু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পিছত দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। এই বিষয়ক লৈ ৰাজনৈতিক বাদানুবাদৰো সৃষ্টি হয়। এনে পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই মুস্তাফিজুৰক আই পি এলৰ পৰা বহিষ্কাৰৰ কথা সদৰী কৰে।
বাংলাদেশ আৰু ভাৰতৰ মাজত চলি থকা ৰাজনৈতিক উত্তেজনাৰ পৰিপ্ৰেক্ষিতত BCCI-এ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কলকাতা নাইট ৰাইডাৰ্ছ (KKR)ক তেওঁলোকৰ স্কোৱাডৰ পৰা বাংলাদেশী পেচাৰ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিবলৈ নিৰ্দেশনা দিয়া হৈছে। শেহতীয়া নিলামত কেকেআৰে ৯.২০ কোটি টকাত মুস্তাফিজুৰক ক্ৰয় কৰিছিল। কিন্তু বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পিছত দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। এই বিষয়ক লৈ ৰাজনৈতিক বাদানুবাদৰো সৃষ্টি হয়।
এনে পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই মুস্তাফিজুৰক আই পি এলৰ পৰা বহিষ্কাৰৰ কথা সদৰী কৰে। অৱশ্যে তেওঁৰ পৰিৱৰ্তে কেকেআৰে আন এজন বিদেশী খেলুৱৈক দলত ল’ব পাৰিব। এতিয়া ২৬/১১ৰ পিছত পাকিস্তানী খেলুৱৈৰ দৰেই এতিয়া বাংলাদেশী খেলুৱৈৰ ক্ষেত্ৰতো বিচিচিআই-এ কঠোৰ স্থিতি গ্ৰহণ কৰিব পাৰে নেকি, সেই লৈ চৰ্চা দেখিবলৈ পোৱা গৈছে।
