বাংলাদেশত সুৰক্ষিত হৈ আছে ভাৰতীয় সম্পত্তি, সেনা প্ৰধানৰ আশ্বাস

Dec 21, 2025 | 9:05 PM

শনিবাৰে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে ভাৰতৰ সেনাধ্যক্ষ বা সহজ ভাষাত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক ফোন কৰে। ঢাকাৰ পৰা নতুন দিল্লীলৈ, এটা আন্তঃৰাষ্ট্ৰীয় ফোন কল। কিন্তু তেওঁলোকে কি কথা পাতিলে?

কেতিয়াবা যদি সাত ভনীক পৃথক কৰাৰ ভাবুকি, কেতিয়াবা আকৌ ভাৰতক ধ্বংস কৰি ‘বৃহত্তৰ বাংলাদেশ’ সৃষ্টিৰ সপোন দেখিছে তেওঁলোকে। নিৰ্বাচনী হুলস্থূলৰ মাজতে পদ্মৰ পাৰত এয়া ‘বেনজিৰ’ৰ প্ৰতিচ্ছবি । ইফালে বিদ্ৰোহৰ অন্যতম নেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুৰ পিছত  নিশাটোৰ ভিতৰতে যিদৰে পৰিস্থিতি সলনি হৈছে, তাক লৈও যথেষ্ট চিন্তিত নতুন দিল্লী।

সৰ্বভাৰতীয় সংবাদ সংস্থা নিউজ 18ৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে জেনেৰেল দ্বিবেদীক জনাইছে যে, বাংলাদেশত সকলো ভাৰতীয় সম্পত্তি সুৰক্ষিত হৈ আছে। বিগত তিনিদিন ধৰি  ভয়ংকৰ হৈ পৰিছে ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি।