India Pakistan War Tension: প্ৰতি টোপাল তেজৰ প্ৰতিশোধ ল’ম…. ভাৰতক সাজু হ’বলৈ ক’লে পাক প্ৰধানমন্ত্ৰীয়ে
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ ওপৰত বৃহৎ আক্ৰমণৰ সকীয়নি দিছে। বুধবাৰে নিশা তেওঁ দেশবাসীক সম্বোধন কৰে। তাত তেওঁ কয় যে, এই আক্ৰমণৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।
পাকিস্তানত প্ৰৱেশ কৰি বহু সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিলে ভাৰতে। “অপাৰেশ্যন সেন্দূৰ”ৰ জৰিয়তে পহলগামত হেৰুওৱা সেন্দূৰৰ প্ৰতিশোধ ল’লে ভাৰতে। ইফালে সন্ত্ৰাসবাদীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পাকিস্তানে। এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ ওপৰত বৃহৎ আক্ৰমণৰ সকীয়নি দিছে। বুধবাৰে নিশা তেওঁ দেশবাসীক সম্বোধন কৰে। তাত তেওঁ কয় যে, এই আক্ৰমণৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।
ভাৰতৰ প্রতিশোধৰ পাছৰ পৰাই বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তান৷ বিমান আক্ৰমণৰে সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে সন্ত্ৰাসবাদীৰ ৯টা ঘাটি। এই আক্ৰমণ সংঘটিত হোৱাৰ লগে লগে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে জৰুৰী সভাৰ আহ্বান জনায়। তাৰ পিছত দেশবাসীক সম্বোধন কৰি তেওঁ কয়, “যোৱা নিশা ভাৰতে কৰা ভুলৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।” শ্বৰীফে লগতে কয়, “ভাৰতে পাকিস্তানৰ সাৰ্বভৌমত্বক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। ইয়াৰ প্ৰতিশোধ লোৱা হ’ব। নিৰীহ শ্বহীদৰ প্ৰতিটো টোপাল তেজৰ প্ৰতিশোধ লোৱা হ’ব। ভাৰতে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হোৱা উচিত।”
জালিয়াতি ৰোধ কৰাৰ বাবে আধাৰৰ বায়মেট্ৰিক লক কেনেকৈ কৰিব?
শ্বাহেনশ্বাহৰ ‘স্বৰ্ণ কমোডে’ লগাইছে তোলপাৰ, দাম শুনিলে হ’ব আচৰিত
কোকৰাঝাৰৰ পৰিস্থিতিৰ পৰা ভাৰত-নিউজীলেণ্ড টি-২০লৈ, দিনটোৰ খবৰ...
আইনৰ ওপৰত আস্থা ৰাখকঃ কোকৰাঝাৰৰ ঘটনাক লৈ IGP অখিলেশ সিঙৰ আহ্বান
