YouTube ব্যৱহাৰ কৰে নেকি? ফটো আৰু বিষয়-বস্তু সন্ধানৰ ক্ষেত্ৰত হওক সাৱধান, কাৰণ…

আপুনিও ইউটিউব ব্যৱহাৰ কৰে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে। ইউটিউবে প্ৰায়ে বিভিন্ন ধৰণৰ বৈশিষ্ট লৈ আছে। এইবাৰ ইউটিউবে এক নতুন বৈশিষ্ট অনাৰ প্ৰস্তুতি চলাই আছে যাৰ বাবে আপুনি ফটো ব্লাৰ দেখিব পাৰে।

YouTube ব্যৱহাৰ কৰে নেকি? ফটো আৰু বিষয়-বস্তু সন্ধানৰ ক্ষেত্ৰত হওক সাৱধান, কাৰণ...

ইউটিউব

Updated On: 

01 May 2025 17:23 PM

আজিকালি বহু মানুহে সামাজিক মাধ্যমত ভিডিঅ’ প্ৰস্তুত কৰে। দৰ্শকক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ ফটো, ভিডিঅ’ ব্যৱহাৰ কৰে। কিন্তু এই ক্ষেত্ৰত কিছুমান নিয়ম মানি চলা দৰকাৰ। ইউটিউবে প্ৰায়ে এপটোত নতুন নতুন বৈশিষ্ট্য সংযোগ কৰে। ইউটিউবে পুনৰ এক নতুন বৈশিষ্ট্য সংযোগ কৰাৰ প্ৰস্তুতি চলাই আছে। গতিকে ইউটিউবত ভাইৰেল হোৱাৰ বাবে কোনোৱে যদি অশ্লীল ফটো থামনেল হিচাপে লগাই তেন্তে সতৰ্ক হোৱা ভাল। কিয়নো পৰিব পাৰে বিপদত।

ইউটিউবে এটা নতুন ফিচাৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে। কোম্পানীটোৰ এই নতুন বৈশিষ্ট্য অত্যাধুনিক হ’ব কাৰ ই বেয়া আৰু থামনেলবোৰ স্বয়ংক্ৰিয়ভাৱে ব্লাৰ কৰি দিব। এই বৈশিষ্ট্যৰ বিয়য়ে গুগলে কয় যে,এই বৈশিষ্ট্য অনাৰ আঁৰৰ উদ্দেশ্য হৈছে সকলো বয়সৰ লোকৰ বাবে প্লেটফৰ্মটোক সুৰক্ষিত কৰি তোলা।

বৰ্তমান ইউটিউবৰ এই বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে আৰু সীমিত সংখ্যক ইউটিউব ব্যৱহাৰকাৰীৰ সৈতে ইয়াক পৰীক্ষা কৰি চোৱা হৈছে। এই বৈশিষ্ট্যৰ একমাত্ৰ উদ্দেশ্য হৈছে সকলো বয়সৰ মানুহৰ বাবে ইয়াৰ সুৰক্ষিত কৰি তোলা লগতে মানুহক প্লেটফৰ্মত নিৰাপদ সন্ধান অভিজ্ঞতা প্ৰদান কৰা। এই তথ্য প্ৰকাশ কৰিছে ইউটিউবৰ কমিউনিটি ছেকচনৰ হেল্প চেণ্টাৰত। কোম্পানীটোৱে কয় যে যদি কোনো ব্যক্তিয়ে কিছুমান প্ৰাপ্তবয়স্কৰ কীৱৰ্ড (Adult keyword) লিখি বিষয়বস্তু সন্ধান কৰে তেন্তে সেই ব্যক্তিজনে ভিডিঅ’টোৰ থাম্বনেইল অস্পষ্ট দেখিব পাৰে।

অৱশ্যে কোনোট কিৱাৰ্ড বা থিমে ব্লাৰ ট্ৰিগাৰ সক্ৰিয় কৰিব সেই বিষয়ে এতিয়াও ইউটিউবে কোনো তথ্য প্ৰদান কৰা নাই। অৱশ্যে কোম্পানীটোৱে নিশ্চিত কৰিছে যে এই নতুন বৈশিষ্ট্যই কেৱল ভিডিঅ’টোৰ থাম্বনেইলতহে প্ৰভাৱ পেলাব। ইয়াৰ বাহিৰে ইউটিউবৰ ভিডিঅ’, শিৰোনাম, চেনেলৰ নাম আৰু বিৱৰণ আদিৰ দৰে গুৰুত্বপূৰ্ণ দিশবোৰ দেখা পাব। এই বৈশিষ্ট্যটোক গুগলৰ অন্যতম নিৰাপদ বৈশিষ্ট হিচাপে গণ্য কৰিব পাৰি কিয়নো ই আপোনাক পৰ্ণগ্ৰাফিক থাম্বনেইলৰ দৰে বস্তু দেখাত বাধা দিয়াত সহায় কৰিব।

 

অন্য খবৰ পঢ়কঃ ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ পৰা কেনেকৈ সহজে ধন উপাৰ্জন কৰিব পাৰি? জানক সকলো…

পুৱা খাওক গাখীৰত তিয়াই থোৱা কিচমিচ, স্বাস্থ্যৰ ওপৰত পৰিব এনে সুপ্ৰভাৱ…
কি কথাত বিতুষ্ট চেন্নাইৰ অনুৰাগী! নায়কৰ দৰে খেলিও খলনায়কৰ দৰে ব্যৱহাৰ পালে নেকি কুৰাণে?
জিভাত বগা তৰপ পৰিছে নেকি? তেন্তে এই সহজ উপায়ৰ দ্বাৰা কৰক আঁতৰ...
অনবৰতে মন বেয়া লাগি থাকে নেকি? জানক ডিপ্ৰেছনৰ লক্ষণসমূহ...