ৰিচাৰ্জ নকৰিলে কিমান দিন পাছত বন্ধ হৈ যাব আপোনাৰ SIM? জানক নিয়ম…

যদি আপুনি দুখন চিম ব্যৱহাৰ কৰে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো দুখন চিম থকাৰ ফলত এখন চিমত কমকৈ ৰিচাৰ্জ কৰা হয়। গতিকে প্ৰশ্ন হয়, ৰিচাৰ্জ নকৰাকৈ এখন চিম কিমান দিন ব্যৱহাৰ কৰিব পাৰি?

ৰিচাৰ্জ নকৰিলে কিমান দিন পাছত বন্ধ হৈ যাব আপোনাৰ SIM? জানক নিয়ম...

চিম কাৰ্ডৰ নিয়ম

Published: 

12 Aug 2025 | 02:21 PM

আজিকালি বহুতে এটা ফোনত দুখনকৈ চিম ব্যৱহাৰ কৰে। তেনে স্থলত এখন চিম কাৰ্ড বেছিকৈ আৰু এখন কমকৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ এখন চিমত সঘনাই ৰিচাৰ্জ কৰি থকা যায় আৰু এখনত মাজে মাজে ৰিচাৰ্জ কৰা যায়। দেখা যায়, কেইবাদিন ধৰি ৰিচাৰ্জ নকৰাৰ পাছতো চিম সক্ৰিয় হৈ থাকে। গতিকে প্ৰশ্ন হয়, ৰিচাৰ্জ নকৰাকৈ কিমান দিন এখন চিম সক্ৰিয় হৈ থাকে? গতিকে এই লেখাটোত আমি উল্লেখ কৰিম যে, ৰিচাৰ্জ নকৰাকৈ ৰিলায়েন্স জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়া (Vi) কিমান দিনলৈ সক্ৰিয় হৈ থাকে। এই সন্দৰ্ভত সবিশেষ তলত উল্লেখ কৰা হ’ল-

ৰিলায়েন্স জিঅ’

ৰিচাৰ্জ নকৰাকৈয়ে আপোনাৰ Jio SIM 90 দিন সক্ৰিয় হৈ থাকিব। গতিকে সক্ৰিয় কৰি ৰাখিবলৈ তাৰ পাছত ৰিচাৰ্জ কৰিব লাগিব। ৯০ দিনৰ ভিতৰত আগৰ ৰিচাৰ্জ প্লেনৰ ওপৰত নিৰ্ভৰ কৰি এমাহ, এসপ্তাহ বা কেইদিনমানলৈকে ইনকামিং কলৰ সুবিধা থাকে। কিন্তু যদি আপুনি ৯০ দিনৰ পাছতো ৰিচাৰ্জ নকৰে তেন্তে আপোনাৰ নম্বৰটো স্থায়ীভাৱে বিচ্ছিন্ন হৈ যাব। এনে ক্ষেত্ৰত আপোনাৰ নম্বৰটো আন কাৰোবাৰ বাবে উপলব্ধ হ’ব। অৰ্থাৎ আপোনাৰ নম্বৰটো আন কোনোবাই লাভ কৰিব।

এয়াৰটেল

যদি আপুনি এয়াৰটেল কোম্পানীৰ প্ৰিপেইড চিম ব্যৱহাৰ কৰে, তেন্তে এই কোম্পানীৰ চিম কোনো ৰিচাৰ্জ নোহোৱাকৈ ৯০ দিন সক্ৰিয় হৈ থাকে। তাৰ পাছত কোম্পানীয়ে আপোনাক ১৫ দিনৰ ৰেহাইৰ সময়সীমা দিব। কিন্তু এই ১৫ দিনতো যদি আপুনি ৰিচাৰ্জ নকৰে তেন্তে আপোনাৰ নম্বৰ বন্ধ হৈ যাব। ইয়াৰ পাছত এই নম্বৰটো নতুন ব্যৱহাৰকাৰীক দিয়া হ’ব।

ভোডাফোন আইডিয়া (Vi)

Vodafone Idea company ব্যৱহাৰকাৰীসকলকো ৯০ দিন পৰ্যন্ত সময় দিয়ে। এক কথা, ৰিচাৰ্জ নকৰাকৈ আপোনাৰ চিম ৩ মাহ সক্ৰিয় হৈ থাকিব। কিন্তু ৯০ দিন শেষ হোৱাৰ লগে লগে যদি আপুনি ৰিচাৰ্জ নকৰে তেন্তে আপোনাৰ নম্বৰ বন্ধ হৈ যাব। নম্বৰটো বন্ধ হোৱাৰ পাছত আনৰ বাবে এই নম্বৰ উপলব্ধ হ’ব। গতিকে ইয়াৰ পূৰ্বে ৰিচাৰ্জ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ থলুৱা প্ৰযুক্তিৰ বাবে সফল হৈছিল অপাৰেশ্যন সেন্দূৰ! এতিয়া মোদীৰ পুনৰ নতুন পৰিকল্পনা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...