চৰকাৰৰ মালিকানাধীন হ’ব নেকি Vodafone Idea! চলিছে ব্যাপক চৰ্চা, আঁৰত এই কাৰণ…

BSNLৰ সৈতে একত্ৰিত হ’ব নেকি ভোডাফোন-আইডিয়া? শেহতীয়া কিছু পৰিস্থিতিক কেন্দ্ৰ কৰি বিশেষজ্ঞ মহলৰ মাজত এই লৈ চলিছে ব্যাপক চৰ্চা। এনে অৱস্থাত দেশৰ টেলিকম খণ্ডত দেখা দিছে এক বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনাই।

চৰকাৰৰ মালিকানাধীন হ’ব নেকি Vodafone Idea! চলিছে ব্যাপক চৰ্চা, আঁৰত এই কাৰণ...

টেলিকম খণ্ডত হ’ব নেকি বৃহৎ পৰিৱৰ্তন!

Published: 

25 May 2025 16:40 PM

দেশৰ টেলিকম খণ্ডত দেখা দিছে এক বৃহৎ পৰিৱৰ্তনৰ সম্ভাৱনাই। বিগত সময়ৰ কিছু পৰিস্থিতিয়ে বিশেষজ্ঞ মহলৰ মাজত এই লৈ চলিছে চৰ্চা। এই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে টেলিকম প্ৰতিষ্ঠান ভোডাফোন-আইডিয়া। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ভোডাফোন আইডিয়াই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ পিছতে এই টেলিকম প্ৰতিষ্ঠান এতিয়া BSNLৰ সৈতে একত্ৰিত হ’ব নেকি বুলি এক প্ৰশ্নৰ উদয় হৈছে।

যোৱা সোমবাৰে ভোডাফোন-আইডিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু সমন্বিত মুঠ ৰাজহৰ ওপৰত আৰোপ কৰা জৰিমনা আৰু সুতৰ ক্ষেত্ৰত ৰেহাই বিচাৰিছিল। কিন্তু প্ৰতিষ্ঠানটোৰ এই আবেদন নাকচ কৰে আদালতে। বৰ্তমান এই ঋণৰ বাবে টেলিকম সেৱা প্ৰদানকাৰীসকলৰ ওপৰত যথেষ্ট হেঁচা পৰিছে।

প্ৰতিষ্ঠানটোৰ দাবী, চৰকাৰী সমৰ্থন অবিহনে চৰকাৰৰ ইকুইটি ষ্টেক শূন্যলৈ হ্ৰাস পাব। আৰু ফলত স্পেকট্ৰামৰ বাবে ১.১৮ লাখ কোটি টকাৰ বাবদ ধন সংগ্ৰহ কৰা আৰু সম্ভৱ নহ’ব। পৰিস্থিতি ইমানেই ভয়াৱহ যে চৰকাৰে সহায় নকৰিলে কিছুদিনৰ ভিতৰত প্ৰতিষ্ঠানটোৰ ব্যৱসায় বন্ধ হৈ যোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। ইফালে চৰকাৰী সহায় অবিহনে ব্যৱহায় আগবোঢ়োৱাৰ চেষ্টা কৰিলে ঋণৰ বোজাৰ বাবে আন বেংকে ঋণ নিদিয়াৰ আশংকায়ো দেখা দিছে।

এনে পৰিস্থিতিত ঋণ ৰেহাই দিয়াৰ বাহিৰে প্ৰতিষ্ঠানটোৰ হাতত আন কোনো বিকল্প নাই বুলি চৰ্চা চলিছে। লক্ষণীয়ভাৱে কিছু মাহ পূৰ্বে কেন্দ্ৰই ভোডাফোন আইডিয়াৰ ৩৬,৯৫০ কোটি টকাৰ ঋণক অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰিছিল। যাৰ বাবে ভোডাফোন-আইডিয়াত কেন্দ্ৰৰ অংশীদাৰিত্ব প্ৰায় ৪৯ শতাংশ।

এনে পৰিস্থিতিত যদি চৰকাৰে অধিক ঋণ ৰেহাইৰ দিশত আগবাঢ়ি যায়, তেতিয়া ভোডাফোনৰ মালিকীস্বত্ব কেন্দ্ৰৰ হাতলৈ আহিব। অৰ্থাৎ ভোডাফোন-আইডিয়া তেতিয়া BSNLৰ দৰে চৰকাৰী টেলিকম কোম্পানীত পৰিণত হ’ব। কিন্তু এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই টেলিকম কোম্পানীটোৱে। গতিকে এতিয়া এই সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

অধিনায়ক হৈয়ে গিলে কৰিল নেকি স্বজন-তোষণ! এনে কাৰণত হৈছে চৰ্চা…
ক্ৰিকেট কেৰিয়াৰৰ লগতে অৰ্থনৈতিক দিশতো দ্ৰুত বিকাশ গিলৰ, আছে ইমান টকাৰ সম্পত্তি
আপোনাৰো নিশা ভালকৈ টোপনি নাহে নেকি? তেন্তে কৰক এই কাম...
উজ্বল আৰু ধুনীয়া ছালৰ বাবে এনেকৈ ব্যৱহাৰ কৰক বিলাহী...