ATMৰ পৰা টকা উলিওৱাৰ পাছত আপুনিও বাৰে বাৰে ‘Cancel’ বুটামটো টিপে নেকি? কি হয় এনে কৰিলে, জানক…

ATM: বৰ্তমান প্ৰায় সকলোৱে লেনদেনৰ ক্ষেত্ৰত অনলাইন সেৱা ব্যৱহাৰ কৰা দেখা যায়। কিন্তু নগদ ধনৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। যাৰ বাবে ATM ৰ পৰা ধন উলিয়াবলগীয়াত পৰে। বহুতে ATM ৰ পৰা ধন উলিয়ালে বাৰে বাৰে কেনচেল বুটামটো টিপি থাকে।

ATMৰ পৰা টকা উলিওৱাৰ পাছত আপুনিও বাৰে বাৰে ‘Cancel’ বুটামটো টিপে নেকি? কি হয় এনে কৰিলে, জানক...

এটিএম

Published: 

23 Nov 2025 12:04 PM

বৰ্তমান ডিজিটেল যুগ! সকলোফালে কেৱল প্ৰযুক্তিৰ ব্যৱহাৰ। এই সময়চোৱাত মানুহে লেনদেনৰ ক্ষেত্ৰতো ডিজিটেল সেৱা বাছি লোৱা পৰিলক্ষিত হয়। শাক-পাচলি ক্ৰয়ৰ পৰা আৰম্ভ কৰি লাখ লাখ টকাৰ লেনদেনলৈ সকলো ফালে কেৱল ইউ পি আই বা অন্য অনলাইন সেৱা ব্যৱহাৰ কৰা হয়। কিন্তু তথাপিও মানুহক নগদ ধনৰ প্ৰয়োজন। যাৰ বাবে ইউ পি আইৰ যুগতো মানুহে এটিএমলৈ দৌৰিবলগীয়াত পৰে। টকা উলিওৱাৰ পাছত আপুনি প্ৰায়ে লক্ষ্য কৰে চাগে যে, বাৰে বাৰে মানুহে কেনচেলৰ বুটামটো টিপি থাকে। গতিকে প্ৰশ্ন হয়, এনে কৰিলে কি হয়?

এটিএমৰ পৰা ধন উলিওৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত কম বেছি পৰিমাণে সকলো এটিএমতে “আমাৰ লগত বেংকিং কৰাৰ বাবে ধন্যবাদ” বুলি এটা টোকা স্কীনত অহা দেখা যায়। বহুতে ভাবে যে এটিএমৰ পৰা ধন উলিওৱাৰ পিছত যদি আপুনি কেনচেলৰ বুটামটো দুবাৰ টিপি দিয়ে, তেন্তে সকলো লেনদেনৰ হিষ্টৰি ডিলিট হৈ যায়। ইয়াৰ ফলত প্ৰৱঞ্চকে আপোনাৰ তথ্য আৰু ধন চুৰি কৰিব নোৱাৰে।

বহুতে লগতে দাবী কৰে যে এটিএমত কাৰ্ড সোমোৱাৰ আগতে কেনচেল বুটামটো দুবাৰ টিপিলে প্ৰৱঞ্চকে আপোনাৰ পিন চুৰি কৰিব নোৱাৰে। যদি কোনোবাই এটিএমত স্কেনাৰ লগায় বা আন কোনো ধৰণৰ ষড়যন্ত্ৰ কৰে, তেন্তে সেইটোও ধৰা পৰে। প্ৰশ্ন হয়, সঁচাকৈ এনে হয় নেকি?

প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে এই তথ্য সম্পূৰ্ণ ভুল আৰু ভিত্তিহীন বুলি জানিবলৈ দিয়ে। ৰিজাৰ্ভ বেংকৰ তথ্যৰ উদ্ধৃতি দি পিআইবি (PIB)য়ে এই তথ্য ভুল বুলি স্পষ্ট কৰিছে। ৰিজাৰ্ভ বেংকে এনে কোনো নিৰ্দেশনা দিয়া নাই। লেনদেন কৰাৰ সময়ত বা টকা উলিয়াব নিবিচাৰিলে কোনো ধৰণৰ ভুল নহ’বলৈ এটিএমত কেনচেল বুটামটো থাকে। কেনচেল কৰা বুটামটোৰ পিন চুৰি বা হেকিঙৰ লগত কোনো সম্পৰ্ক নাই। কেনচেল বুটামটো বাৰে বাৰে টিপিলেও কাৰ্ড স্কেমিং ৰোধ কৰিব নোৱাৰি।

 

অন্য খবৰ পঢ়কঃ কেনেকৈ ডাউনলোড কৰিব ডিজিটেল ভোটাৰ কাৰ্ড? জানক প্ৰক্ৰিয়া…

 

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ কি কি? জানক...
নাৰীৰ কোনবোৰ বস্তুৱে পুৰুষক আকৰ্ষণ কৰে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
পত্নীৰ সৈতে নকৰিব কাজিয়া, অভাৱ-অনাটনে দেখা দিব জীৱনত!
শীতকালত কলেষ্টেৰল কম কৰিবলৈ খাওক এই খাদ্য...