QR Code কোনে, কেতিয়া উদ্ভাৱন কৰিছিল, জানক ইয়াৰ আঁৰৰ কাহিনী…

শাক-পাচলি ক্ৰয় কৰাৰ পৰা বিমানৰ টিকট বুক কৰালৈকে আজিকালি সকলোতে ব্যৱহাৰ হয় QR code। মানুহে অতি সহজে QR code ৰ জৰিয়তে টকাৰ লেনদেন কৰে। কিন্তু এই QR code কোনে, কেতিয়া উদ্ভাৱন কৰিছিল জানেনে?

QR Code কোনে, কেতিয়া উদ্ভাৱন কৰিছিল, জানক ইয়াৰ আঁৰৰ কাহিনী...

Qr Code

Published: 

02 May 2025 | 02:08 PM

UPI পেমেণ্টৰ পৰা আৰম্ভ কৰি হোৱাটছএপ ৱেব চলোৱালৈকে আজিকালি প্ৰায় সকলো ক্ষেত্ৰতে QR কোড (QR code) ব্যৱহাৰ কৰা হয়। ই এনে এক বস্তু যিয়ে টকাৰ লেনদেন সহজ কৰি তোলে। বজাৰৰ শাক-পাচলি বিক্ৰেতাৰ পৰা বিমান কোম্পানীলৈ সকলোৰে বাবে QR কোড এক সহজ মাধ্যম লৈ পৰিছে। কিন্তু বিশেষ কথা এয়াই যে, প্ৰতিটো QR কোড ইটোৰ সিটোৰ পৰা পৃথক। কিন্তু আপুনি জানেনে এই QR কোডৰ সৃষ্টিকাৰী কোন?  ইয়াৰ আঁৰত আছে এক বিশেষ কাহিনী।

QR code কোনে, কেতিয়া বনাইছিল?

আজিৰ সময়ত মানুহৰ জীৱনত সহজ কৰি তুলিছে QR কোডে। কিন্তু এয়া নতুন নহয়, আজিৰ পৰা প্ৰায় ৩১ বছৰ পূৰ্বে QR code ৰ উদ্ভাৱন হৈছিল। QR Code ত QR ৰ সম্পূৰ্ণ ৰূপ হ’ল Quick Response। এই কোডটো ১৯৯৪ চনত জাপানী অভিযন্তা মাছাহিৰো হাৰাই উদ্ভাৱন কৰিছিল আৰু তাৰ পিছত এই ক’ডটোৰ বিকাশ সম্পূৰ্ণ কৰিছিল টয়োটা মটৰ কৰ্প’ৰেশ্যনৰ সহযোগী কোম্পানী ডেনছ’ ৱেভে।

ক’ৰ পৰা লৈছিল ধাৰণা

এক বিশেষ খেলৰ পৰা মাছাহিৰো হাৰাই QR কোডৰ ধাৰণাটো লাভ কৰিছিল। জানিব পৰা মতে, গ’ নামৰ গেম খেলি থাকোতে তেওঁৰ মনলৈ QR কোডৰ চিন্তা আহিছিল। উল্লেখ কৰা প্ৰয়োজন যে, গ’ নামৰ খেলত ১৯×১৯ গ্ৰীড থাকে যাক ক’লা আৰু বগা ৰঙৰ দেখা যায়।

খেল খেলি থাকোতে তেওঁ বুজি পাইছিল যে QR ক’ডত বহু তথ্য সংৰক্ষণ কৰিব পাৰি। পৰৱৰ্তী সময়ত মাছাহিৰো হাৰাই ডেনছ’ ৱেব দলৰ সৈতে মিলি তেওঁৰ চিন্তা-ধাৰণাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হয়। দুয়ো গ্ৰীড ব্যৱস্থাটোক QR লৈ ৰূপান্তৰিত কৰাৰ কাম সম্পূৰ্ণ কৰিছিল। প্ৰথম অৱস্থাত ইয়াক অটোমোবাইল উদ্যোগে অংশৰ লেবেল লগোৱাৰ বাবে ব্যৱহাৰ কৰিছিল। কিন্তু আজিৰ সময়ত সকলোৰে বাবে প্ৰয়োজনীয় হৈ পৰিছে QR কোড। কিয়নো ইয়ে মানুহৰ জীৱন প্ৰণালী সহজ কৰি সময়ো ৰাহি কৰে।

 

অন্য খবৰ পঢ়কঃ YouTube ব্যৱহাৰ কৰে নেকি? ফটো আৰু বিষয়-বস্তু সন্ধানৰ ক্ষেত্ৰত হওক সাৱধান, কাৰণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...