WhatsApp ত ডাঙৰ পৰিবৰ্তন! মেছেজ প্ৰেৰণত থাকিব সীমাবদ্ধতা, ভৰিব লাগিব অধিক টকা, জানক সকলো…

আজিকালি প্ৰায়ভাগ মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে। কিন্তু এতিয়া WhatsAppয়ে এক নতুন নীতি আনিবলৈ সাজু হৈছে যাৰ অধীনত বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীক কিছু সীমাবদ্ধতা দিয়া হ'ব।

WhatsApp ত ডাঙৰ পৰিবৰ্তন! মেছেজ প্ৰেৰণত থাকিব সীমাবদ্ধতা, ভৰিব লাগিব অধিক টকা, জানক সকলো...

হোৱাটছএপ

Published: 

04 May 2025 14:34 PM

আজিকালি প্ৰায় সকলোৱে ব্যৱহাৰ কৰে হোৱাটএপ (WhatsApp)। কিয়নো বাৰ্তা প্ৰেৰণৰ বাবে ই এক সহজ মাধ্যম। কিন্তু বিভিন্ন সময়ত হোৱাটছএপে কিছুমান বিশেষ বৈশিষ্ট্য লৈ আহে। শেহতীয়াকৈ Meta ই WhatsApp ত এটা নতুন নীতি আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে যাৰ অধীনত ব্যৱহাৰকাৰীৰ বাবে সম্প্ৰচাৰ বাৰ্তা(broadcast messages)ৰ সীমা নিৰ্ধাৰণ কৰা হ’ব। এই নীতিৰ জৰিয়তে হোৱাটছএপে স্পেম মেছেজ হ্ৰাস কৰিব বিচাৰিছে। কোম্পানীটোৱে কৈছে যে, ইয়াৰ ফলত হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ সুবিধা হ’ব।

এই বৈশিষ্ট্য Android Beta সংস্কৰণ ২.২৫.১৪.১৫ত প্ৰৱৰ্তন কৰা হৈছে। এই আপডেটটোৱে সাধাৰণ হোৱাটছএপ একাউণ্টৰ লগতে ব্যৱসায়িক একাউণ্টতো প্ৰভাৱ পেলাব। ইয়াৰ বিষয়ে সবিশেষ তলত উল্লেখ কৰা হ’ল।

কিছুমান ব্যৱহাৰকাৰীয়ে পূৰ্বৰ বিটা আপডেটক ইনষ্টল কৰাৰ পিছতো এই বৈশিষ্ট্য পাব পাৰে। এই বৈশিষ্ট্যৰ ফলত ব্যৱহাৰকাৰীসকলে কেৱল এটা নিৰ্দিষ্ট সীমালৈকেহে Broadcast messages বা সম্প্ৰচাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ ফলত অপ্ৰয়োজনীয় বাৰ্তা বা মেছেজ ভাইৰেল হোৱা বন্ধ হৈ পৰিব।

ব্ৰ’ডকাষ্ট মেছেজ কি?

ব্ৰ’ডকাষ্ট বা সম্প্ৰচাৰ মেছেজ হৈছে এনে এক মেছেজ যি আপুনি একেলগে একাধিক লোকলৈ প্ৰেৰণ কৰিব পাৰে। কিন্তু এই মেছেজ লাভ কৰাসকলে ভাবে যে এই মেছেজ এটা এটাকৈ প্ৰেৰণ কৰা হৈছে। অৰ্থাৎ মেছেজ লাভ কৰাজনে নাজানে যে এই মেছেজ আৰু কোনে কোনে লাভ কৰিছে।

কি পৰিবৰ্তন হ’ব?

Meta ৰ মতে, এজন ব্যৱহাৰকাৰীৰ বাবে ব্ৰ’ডকাষ্ট মেছেজৰ ক্ষেত্ৰত মাহিলী এক সীমা নিৰ্ধাৰণ কৰি দিয়া হ’ব। টেষ্টিঙৰ পৰ্যায়ত ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে মাত্ৰ ৩০টা ব্ৰ’ডকাষ্ট মেছেজ প্ৰেৰণ কৰিব পাৰিব। যদি কোনো ব্যৱহাৰকাৰীয়ে অধিক বাৰ্তা প্ৰেৰণ কৰিবলগীয়া হয়, তেন্তে তেওঁক হোৱাটছএপৰ ষ্টেটাছ বা চেনেলৰ দৰে বিকল্প ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
অৱশ্যে এই পৰিবৰ্তন সন্দৰ্ভত হোৱাটছএপে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। কিন্তু WABetaInfo ৰ মতে এই বৈশিষ্ট্য আপডেটৰ পৰীক্ষণ আৰম্ভ কৰা হৈছে।

 

বিজনেছ প্ৰফাইলত পৰিবৰ্তন

বিজনেছ বা ব্যৱসায়িক প্ৰফাইলতো কিছু পৰিবৰ্তন হ’ব। এতিয়ালৈকে বিজনেছ একাউন্ট সমূহে ব্ৰডকাষ্ট মেছেজ প্ৰেৰণৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল। কিন্তু এতিয়া মেটা বিজনেছৰ বাবে পেইড সংস্কৰণ প্ৰৱৰ্তন কৰা হৈছে। ইয়াত ব্যৱহাৰকাৰীয়ে অধিক সুবিধা লাভ কৰিব আৰু কাষ্টমাইজড ব্ৰ’ডকাষ্ট মেছেজ অন্তৰ্ভুক্ত থাকিব। প্ৰাৰম্ভিক পৰীক্ষণ পৰ্যায়ত ২৫০টা কাষ্টমাইজড মেছেজ বিনামূলীয়াকৈ দিয়া হ’ব। ইয়াৰ পিছত অধিক মেছেজ প্ৰেৰণৰ বাবে চাৰ্জ লোৱা হ’ব।

 

 

অন্য খবৰ পঢ়কঃ QR Code কোনে, কেতিয়া উদ্ভাৱন কৰিছিল, জানক ইয়াৰ আঁৰৰ কাহিনী…

মহাদেৱৰ ডিঙিত সাপ কেনেকৈ আহিল জানেনে?
বয়স বৃদ্ধিৰ পাছতো ছাল হৈ থাকিব উজ্বল! এনেকৈ ঘৰতে ব্যৱহাৰ কৰক এলোভেৰা জেল...
ঔষধ অবিহনে আঁতৰ হ'ব মাইগ্ৰেইনৰ সমস্যা! জানক সঠিক উপায়
আই পি এল ২০২৫ চলি থকাৰ মাজতে ডেটত গ’ল যশপ্ৰীত বুমৰাহ, কোনে দিলে সংগ!