WhatsApp Account Ban: নিষিদ্ধ কৰা আপোনাৰ হোৱাটছএপ একাউণ্ট কেনেকৈ পুনৰুদ্ধাৰ কৰিব ? জানক…

ব্যৱহাৰকাৰীয়ে অনুভৱ কৰে যে, তেওঁলোকৰ একাউণ্ট ভুলতে হোৱাটছএপে নিষিদ্ধ কৰিছে বা কোনা কাৰণ নথকাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে । তেনে পৰিস্থিতিত আপোনাৰ হোৱাটছএফ একাউণ্ট কেনেকৈ পুনৰুদ্ধাৰ কৰিব ? জানক

WhatsApp Account Ban:  নিষিদ্ধ কৰা আপোনাৰ হোৱাটছএপ একাউণ্ট কেনেকৈ পুনৰুদ্ধাৰ কৰিব ? জানক...

প্ৰতীকী ফটো

Updated On: 

26 Oct 2024 | 04:52 PM

প্ৰতিমাহে লাখ লাখ হোৱাটছএপ একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি নিষেধাজ্ঞা আৰোপ কৰা হয় । ইয়াৰ কাৰণ হৈছে ব্যৱহাৰকাৰীয়ে কিছু ভুল কৰে যাৰ বাবে কোম্পানীয়ে এই কঠোৰ পদক্ষেপ ল’বলগীয়া হয়। হোৱাটছএপ প্লেটফৰ্মত ব্যৱহাৰকাৰীয়ে যাতে সুৰক্ষিত অনুভৱ কৰে তাৰ বাবে প্ৰতিমাহে লাখ লাখ একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি নিষেধাজ্ঞা আৰোপ কৰা হয় । হোৱাটছএপে নিজৰ অফিচিয়েল চাইটৰ FAQ শিতানত ব্যৱহাৰকাৰী একাউণ্ট কিয় নিষিদ্ধ কৰে তাৰ কাৰণ স্পষ্ট কৰি দিছে।

হোৱাটছএপৰ নিয়ম ভংগ কৰি আপুনি যদি আপোনাৰ একাউণ্টটো বেয়া কামত ব্যৱহাৰ কৰিছে তেতিয়া আপোনাৰ একাউণ্টৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব পাৰে । কেৱল এয়াই নহয়,যদি কোনো ব্যক্তিয়ে সমাজত ঘৃণা বিয়পাই দিয়ে বা হোৱাটছএপৰ জৰিয়তে অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰে তেন্তে তেওঁৰ একাউণ্টো নিষিদ্ধ কৰিব পাৰে।

বহু সময়ত ব্যৱহাৰকাৰীয়ে অনুভৱ কৰে যে, তেওঁলোকৰ একাউণ্ট ভুলতে হোৱাটছএপে নিষিদ্ধ কৰিছে বা কোনা কাৰণ নথকাকৈ নিষেধাজ্ঞা আৰোপ কৰিছে । তেনে পৰিস্থিতিত আপোনাৰ হোৱাটছএফ একাউণ্ট কেনেকৈ পুনৰুদ্ধাৰ কৰিব ? এনে পৰিস্থিতিত আপুনি https://www.whatsapp.com/contact/?subject=messenger লিংকত যাব লাগিব আৰু হোৱাটছএপ একাউণ্টটোৰ পুনৰুদ্ধাৰৰ বাবে অনুৰোধ জনাব লাগিব ।

মন কৰিব যে, যেতিয়া আপুনি একাউণ্টটো পুনৰুদ্ধাৰ কৰাৰ বাবে অনুৰোধ বাৰ্তা প্ৰেৰণ কৰিব, তেতিয়া তাৰ আগতে আপুনি ইমেইল, মোবাইল নম্বৰ আৰু আপুনি কি ব্যৱস্থাৰ, যেনে-হোৱাটছএপ ব্যৱহাৰৰ বাবে আইফোন, ৱেব, এণ্ড্ৰইড বা ডেস্কটপৰ ভিতৰত কি ব্যৱহাৰ কৰিছে সেই কথা উল্লেখ কৰিব লাগিব । ইয়াৰ লগতে আপোনাৰ অনুৰোধৰ বাৰ্তা লিখিব লাগিব।

ইয়াৰ পাছত কোম্পানীয়ে আপোনাৰ অনুৰোধ গ্ৰহণ কৰিব আৰু আপোনাৰ অভিযোগ পুনৰীক্ষণ কৰিব । পুনৰীক্ষণত যদি কোম্পানীয়ে সঁচাকৈয়ে অনুভৱ কৰে যে, একাউণ্টটো ভুলতে নিষিদ্ধ কৰা হৈছে, তেন্তে কোম্পানীয়ে আপোনাৰ একাউণ্টৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাই দিব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...