ডিজিটেল কণ্ডম ব্যক্তিগত মুহূৰ্তৰ চকীদাৰ! সুৰক্ষিত কৰি ৰাখিব আপোনাক

ডিজিটেল কণ্ডমৰ কথা শুনিছেনে? ফিজিকেল কণ্ডমৰ বিষয়ে সকলোৱে জানে, কিন্তু কণ্ডমৰ ডিজিটেল সংস্কৰণে বেছিভাগ মানুহকে আচৰিত কৰিব পাৰে। বহুতে এতিয়াও গম পোৱা নাই এই বিষয়ে। ডিজিটেল কণ্ডম কি, ই কেনেকৈ কাম কৰে, আৰু ই কিয় ইমান গুৰুত্বপূৰ্ণ, জানি লওঁ আহক।

ডিজিটেল কণ্ডম ব্যক্তিগত মুহূৰ্তৰ চকীদাৰ! সুৰক্ষিত কৰি ৰাখিব আপোনাক
Published: 

15 Jan 2026 | 01:10 PM

কণ্ডম শব্দটো ভাবিলে প্ৰথমে মনলৈ আহে ব্যক্তিগত মুহূৰ্তত ব্যৱহাৰ কৰা ফিজিকেল কণ্ডম। কিন্তু সময় সলনি হৈছে আৰু প্ৰযুক্তিৰ উন্নতি হৈছে ইমানেই যে কণ্ডমৰ ডিজিটেল সংস্কৰণ এতিয়া মানুহে ব্যৱহাৰ কৰিব পৰাকৈ উপলব্ধ হৈছে। এইটো অলপ আচৰিত হ’ব পাৰে কাৰণ এতিয়ালৈকে মানুহে কেৱল শাৰীৰিক কণ্ডমৰ কথাহে শুনিছিল, কিন্তু ডিজিটেল কণ্ডমৰ ধাৰণাটো বহুতৰে বাবে সম্পূৰ্ণ নতুন আৰু আচৰিত। ডিজিটেল কণ্ডম বুলি ক’লেই প্ৰথমে মনলৈ আহে ই কি আৰু ই কেনেকৈ কাম কৰে।

জাৰ্মান চেক্সুৱেল ৱেলনেছ ব্ৰেণ্ড Billy Boy এ মুকলি কৰিলে ডিজিটেল কণ্ডম, মোবাইল এপ। Camdom নামৰ এই মোবাইল এপটোৱে ব্যক্তিগত মুহূৰ্ত সুৰক্ষিত কৰিবলৈ ব্লুটুথ ব্যৱহাৰ কৰে। ঘনিষ্ঠতাৰ সময়ত দম্পতীৰ গোপনীয়তা শক্তিশালী কৰাৰ বাবে এই এপটো তৈয়াৰ কৰা হৈছে।

Camdom এপটোৱে ডিজিটেল সুৰক্ষা প্ৰদান কৰে, যাৰ বাবে ইয়াক ডিজিটেল কণ্ডম বুলিও কোৱা হয়। কোম্পানীটোৰ ৱেবছাইট অনুসৰি এই এপটো অবাঞ্চিত মোবাইল ৰেকৰ্ডিঙৰ পৰা গোপনীয়তা সুৰক্ষা বিচৰাসকলৰ বাবে। ই অংশীদাৰৰ মাজত গোপনীয়তা আৰু বিশ্বাস শক্তিশালী কৰাত সহায় কৰে। প্ৰায়ে এনেকুৱা গোচৰৰ সৃষ্টি হয় য’ত এজন অংশীদাৰে আনজনৰ সন্মতি অবিহনে ব্যক্তিগত মুহূৰ্ত ৰেকৰ্ড কৰে, যাৰ ফলত ভিডিঅ’টো লিক হোৱাৰ সম্ভাৱনা থাকে। এনে গুৰুতৰ পৰিস্থিতি আৰু ব্লেকমেইলৰ পৰা হাত সাৰিবলৈ এই এপটোৱে কণ্ডমৰ দৰেই কিন্তু ডিজিটেলভাৱে সুৰক্ষামূলক ঢালৰ কাম কৰে।

Digital Condom: Camdom এপটোৱে এইদৰে কাম কৰে
প্ৰথমতে দুয়োজন অংশীদাৰে এই এপটো ডাউনলোড কৰি নিজৰ ফোনত ইনষ্টল কৰিব লাগিব, এবাৰ দুয়োজন লোকে নিজৰ নিজৰ ফোনত এপটো ইনষ্টল কৰিলে, তাৰ পিছত গোপনীয়তা সুৰক্ষাৰ বাবে এই এপটোৰ সহায়ত ডিভাইচবোৰ সংযোগ কৰিব লাগিব।

দুয়োটা ডিভাইচ যোৰ হোৱাৰ পিছত দুয়োটা স্মাৰ্টফোনৰ ডিজিটেল সুৰক্ষা এপত চুইপ ডাউন বিকল্পত ক্লিক কৰক। ইয়াৰ পিছত দুয়োটা ডিভাইচ ইটোৱে সিটোৰ লগত সংযোগ হ’ব। মন কৰিবলগীয়া যে এই এপটোৱে একেলগে একাধিক ডিভাইচত কাম কৰিব পাৰে। অৰ্থাৎ যদি আপোনাৰ বা আপোনাৰ সংগীৰ দুটা ফোন আছে তেন্তে দুয়োটা ফোনতে একেলগে এই এটা এপ ব্যৱহাৰ কৰিব পাৰিব।

Camdon Unlock Setting

কোম্পানীটোৰ মতে, যদি কোনো এজন অংশীদাৰে ডিভাইচটো যোৰ কৰাৰ পিছত ডিভাইচটোৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰে, তেন্তে শব্দৰ এলাৰ্ম বাজিব, যাৰ ফলত আনজন অংশীদাৰক সতৰ্ক কৰি দিয়া হ’ব। দুয়োটা ডিভাইচ বিচ্ছিন্ন কৰিবলৈ আনলক বুটাম ৩ ছেকেণ্ডৰ বাবে ধৰি ৰাখক।

 

ডায়েবেটিছ ৰোগীয়ে মিঠাই খাব পাৰেনে? এই নিয়মবোৰ জানিলেই পূৰাব পাৰে জিভাৰ সোৱাদ!
কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি