১২ আগষ্টত মুকলি হ’ব Vivo V60, ইয়াৰ ফিচাৰ আৰু সম্ভাৱ্য আৰম্ভণি মূল্য জানক…

অফিচিয়েল লঞ্চৰ পূৰ্বে কোম্পানীয়ে এই ফোনত উপলব্ধ বহু বিশেষ বৈশিষ্ট্য নিশ্চিত কৰিছে, কোম্পানীটোৰ অফিচিয়েল চাইটত এই ফোনটোৰ বাবেও এটা মাইক্ৰ’চাইট প্ৰস্তুত কৰা হৈছে, য’ত ফোনটোৰ প্ৰচেছৰ, ডিছপ্লে আৰু কেমেৰাৰ সৈতে জড়িত সবিশেষ প্ৰকাশ পাইছে।

১২ আগষ্টত মুকলি হ’ব Vivo V60, ইয়াৰ ফিচাৰ আৰু সম্ভাৱ্য আৰম্ভণি মূল্য জানক...

Vivo ৰ নতুন স্মাৰ্টফোন

Published: 

11 Aug 2025 | 11:04 PM

Vivoৰ নতুন স্মাৰ্টফোন Vivo V60 কাইলৈ অৰ্থাৎ ১২ আগষ্টত ভি ছিৰিজত মুকলি কৰা হ’ব। অফিচিয়েল লঞ্চৰ পূৰ্বে কোম্পানীয়ে এই ফোনত উপলব্ধ বহু বিশেষ বৈশিষ্ট্য নিশ্চিত কৰিছে, কোম্পানীটোৰ অফিচিয়েল চাইটত এই ফোনটোৰ বাবেও এটা মাইক্ৰ’চাইট প্ৰস্তুত কৰা হৈছে, য’ত ফোনটোৰ প্ৰচেছৰ, ডিছপ্লে আৰু কেমেৰাৰ সৈতে জড়িত সবিশেষ প্ৰকাশ পাইছে। ফোনটোৰ সবিশেষ আৰু কিমান মূল্যত এই স্মাৰ্টফোনটো মুকলি কৰিব জানোঁ আহক।

ভাৰতত Vivo V60 5G ৰ মূল্য (লিক)

টিপষ্টাৰ অভিষেক যাদৱে এক্সত ফোনটোৰ মূল্যৰ বিষয়ে তথ্য দি কয় যে, এই ফোনটোৰ 8GB ৰেম আৰু 128GB ষ্ট’ৰেজ ভেৰিয়েণ্ট ৩৭ হাজাৰ টকাত লঞ্চ কৰিব পাৰে। অৱশ্যে ফোনটোৰ কেইটা ভেৰিয়েন্ট থাকিব আৰু আন ভেৰিয়েন্টৰ দাম কিমান হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। লগতে বৰ্তমান এই ফোনটো লঞ্চৰ পিছত কোনটো প্লেটফৰ্মত বিক্ৰীৰ বাবে উপলব্ধ কৰা হ’ব, সেয়া জানিব পৰা হোৱা নাই।

Vivo V60 5G স্পেচিফিকেশন (নিশ্চিত)

Vivoৰ অফিচিয়েল চাইট অনুসৰি এই ফোনটো লঞ্চ কৰা হ’ব 50 মেগাপিক্সেলৰ টেলিফ’টো কেমেৰা চেন্সৰ, এআই ফিচাৰ, স্নেপড্ৰেগন 7 জেনেৰেচন 4 চিপছেট, ফাণ্টাচ অ’ এছ 15 আদি বৈশিষ্ট্যৰে।

সম্ভাৱ্য বৈশিষ্ট্যসমূহ

এই হেণ্ডছেটত 6.67 ইঞ্চিৰ AMOLED স্ক্ৰীণ থাকিব পাৰে যিটো 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু 1600 নিট পিক ব্ৰাইটনেছ সমৰ্থনৰ সৈতে আহে। ইয়াৰ উপৰিও এই ফোনটো 90 ৱাটৰ ফাষ্ট চাৰ্জ সমৰ্থনৰ সৈতে 6500 mAh বেটাৰীৰ সৈতে লঞ্চ কৰিব পাৰে। 50 মেগাপিক্সেলৰ টেলিফটো কেমেৰাৰ উপৰিও 50 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা আৰু 8 মেগাপিক্সেলৰ আল্ট্ৰাৱাইড কেমেৰা চেন্সৰ দিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব