নগদ ধন হাতত ৰাখক, দেশজুৰি স্তব্ধ UPI পেমেণ্ট সেৱা ! কি হৈছে ?

PhonePe, Paytm, আৰু Google Payৰ দৰে জনপ্ৰিয় UPI ভিত্তিক এপসমূহে ডাঙৰ কাৰিকৰী বিজুতিৰ সন্মুখীন হৈছে । যাৰ ফলত ব্যৱহাৰকাৰীসকলে ধন পঠিয়াব বা গ্ৰহণ কৰিব পৰা নাই বা লেনদেন সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই ।

নগদ ধন হাতত ৰাখক, দেশজুৰি স্তব্ধ UPI পেমেণ্ট সেৱা ! কি হৈছে ?

প্ৰতীকী ফটো

Published: 

12 Apr 2025 | 01:25 PM

কাৰিকৰী বিজুতিৰ সমগ্ৰ দিশতে স্তব্ধ হৈ ডিজিটেল পেমেণ্ট সেৱা । পেমেণ্ট কৰিব নোৱাৰা বাবে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে UPI ভিত্তিক এপ ব্যৱহাৰকাৰীসকলে । ফেচবুক, এক্স হেণ্ডেল আদি সামাজিক মাধ্যমত ব্য়ৱহাৰকাৰীয়ে ডিজিটেল এপৰ জৰিয়তে পেমেণ্ট কৰাত অসুবিধা সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

প্ৰকাশিত খবৰ অনুসৰি, PhonePe, Paytm, আৰু Google Payৰ দৰে জনপ্ৰিয় UPI ভিত্তিক এপসমূহে ডাঙৰ কাৰিকৰী বিজুতিৰ সন্মুখীন হৈছে । যাৰ ফলত ব্যৱহাৰকাৰীসকলে ধন পঠিয়াব বা গ্ৰহণ কৰিব পৰা নাই বা লেনদেন সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই । ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি দৈনিক যাতায়ত কৰা লোকসকলে ডিজিটেল পেমেণ্ট কৰাত অসুবিধাৰ সন্মুখীন হৈছে । কোৱো হৈছে যে, দেশজুৰি এই সমস্যাৰ সন্মুখীন হৈছে ব্য়ৱহাৰকাৰীসকল ।

ছ’চিয়েল মিডিয়াত এইলৈ ব্য়ৱহাৰকাৰীয়ে পোষ্ট শ্বেয়াৰ কৰি অভিযোগ উত্থাপন কৰিছে । সামাজিক মাধ্যম যোগে ব্যৱহাৰকাৰীসকলে পেমেণ্ট কৰাত বিফল হোৱাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা দেখা গৈছে । সামাজিক মাধ্যমত ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে, নগদ ধন নোহোৱাৰ বাবে পেট্ৰ’ল পাম্পত আবদ্ধ হৈ আছো । Google Pay কাম কৰা নাই ।

একেদৰে আন বহু ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে যে, PonePe ৰ জৰিয়তে বহুবাৰ পেমেণ্ট কৰিবলৈ চেষ্টা কৰাৰ পাছতো কৰিব পৰা নাই । প্ৰতিবাৰেই বিফল হৈছে । গতিকে অনুগ্ৰহ কৰি এই সমস্যা সোনকালে ঠিক কৰিবলৈ আহ্বান জনাইছে ব্যৱহাৰকাৰীসকলে ।

ইফালে, প্ৰকাশিত খবৰ অনুসৰি, ইউপিআই পৰিচালনা কৰা নেচনেল পেমেণ্টছ কৰ্প’ৰেচনে (এনপিচিআই) কাৰিকৰী বিজুতিৰ কথা স্বীকাৰ কৰি কয় যে, অভিযন্তাসকলে এই সমস্যা জৰুৰীভাৱে সমাধানৰ বাবে কাম কৰি আছে। এন পি চি আইৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে, বেংক আৰু সেৱা প্ৰদানকাৰীৰ সৈতে সমন্বয়ৰে এই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে ।অসুবিধাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো আৰু ব্য়ৱহাৰকাৰীৰ ধৈৰ্য শলাগ লোৱা বুলিও কয় মুখপাত্ৰগৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...