ভাৰতনেট! ষ্টাৰলিংক অহাৰ পূৰ্বে ভাৰতৰ ইন্টাৰনেট সেৱাৰ নতুন বিপ্লৱ…

অতি শীঘ্ৰেই ভাৰতত ষ্টাৰলিংকে আৰম্ভ কৰিব ইন্টাৰনেট সেৱা। কিন্তু ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কৰিছে আন এক পৰিকল্পনা। চৰকাৰৰ ভাৰতনেট প্ৰকল্প বৰ্তমান অতি চৰ্চাত আছে।

ভাৰতনেট! ষ্টাৰলিংক অহাৰ পূৰ্বে ভাৰতৰ ইন্টাৰনেট সেৱাৰ নতুন বিপ্লৱ...

ইলন মাস্ক

Published: 

08 Jul 2025 | 12:42 PM

শীঘ্ৰেই ভাৰতত আৰম্ভ হ’ব ইলন মাস্কৰ ষ্টাৰলিংকৰ সেৱা। ইতিমধ্যে ষ্টাৰলিংকে ভাৰতত সেৱা আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে। অনুমান কৰা হৈছে যে অহা আগষ্টৰ পৰাই কোম্পানীটোৱে সেৱা আগবঢ়াব। কিন্তু ইয়াৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ব্ৰডবেণ্ড সম্পৰ্কীয় প্ৰকল্পটোৰ নামে শিৰোনাম দখল কৰিছে। এই প্ৰকল্পৰ নাম হৈছে ‘ভাৰতনেট’।

‘ভাৰতনেট’ নামৰ এই প্ৰকল্পৰ অধীনত কেন্দ্ৰই দেশৰ চুক-কোণে অতি মূল্যত ইণ্টাৰনেটৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে। ষ্টাৰলিংক ভাৰতলৈ অহাৰ খবৰ পোৱাৰ লাভৰ পাছত ভাৰতনেটৰ ভৱিষ্যতক লৈ যথেষ্ট চিন্তাৰ সৃষ্টি হৈছিল। কিন্তু পাছত প্ৰকাশ পোৱা খবৰ অনুসৰি ইলন মাস্কৰ কোম্পানী ভাৰতলৈ আহিলেও ইয়াৰ কোনো প্ৰভাৱ নপৰে এই ‘ভাৰতনেট’ প্ৰকল্পত।

ইফালে স্বাধীন ভাৰতৰ প্ৰথমটো ৰাজহুৱা খণ্ডৰ কোম্পানী আই টি আই লিমিটেডে ভাৰতনেট প্ৰকল্পৰ বাবে বি এছ এন এল (BSNL)ৰ সৈতে প্ৰায় ১৯০১ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰে প্ৰায় ১১৬৮ কোটি টকা মূলধনী ব্যয়, প্ৰায় ৭০০ কোটি টকা পৰিচালনা ব্যয়। আৰু বাকী ৩২ কোটি টকা বৰ্তমানৰ নেটৱৰ্কৰ ৰক্ষণাবেক্ষণৰ বাবে ব্যয় কৰা হ’ব।

জানিব পৰা মতে ভাৰতনেট প্ৰকল্পৰ ১৫ সংখ্যক পেকেজৰ অধীনত অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ প্ৰায় ১.৫ কোটি পৰিয়ালে তৃতীয় পৰ্যায়ত এই প্ৰকল্পৰ সুবিধা লাভ কৰিবলৈ গৈ আছে। গতিকে ষ্টাৰলিংকৰ সমান্তৰালকৈ ভাৰতেও  ইন্টাৰনেটৰ ক্ষেত্ৰত এয়া নতুন পৰিকল্পনা কৰিছে।

 

অন্য খবৰ পঢ়কঃ ৬০ দিনৰ ভিতৰত আৰম্ভ হ’ব ষ্টাৰলিংকৰ ইন্টাৰনেট সেৱা! ইয়াৰ বাবে আপুনি কিমান টকা খৰচ কৰিব লাগিব, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...