৬০ দিনৰ ভিতৰত আৰম্ভ হ’ব ষ্টাৰলিংকৰ ইন্টাৰনেট সেৱা! ইয়াৰ বাবে আপুনি কিমান টকা খৰচ কৰিব লাগিব, জানক…
শীঘ্ৰেই ভাৰতত আৰম্ভ হ'ব ষ্টাৰলিংকৰ সেৱা। সম্ভৱতঃ ২ মাহৰ ভিতৰত গ্ৰাহকে ইলন মাস্কৰ ষ্টাৰলিংকৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। পিছে প্ৰশ্ন হয়, ইয়াৰ বাবে গ্ৰাহকে কিমান টকা খৰচ কৰিব লাগিব?

ষ্টাৰলিংক
ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই ষ্টাৰলিংকে ভাৰতত আৰম্ভ কৰিব ইন্টাৰনেট সেৱা। ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে ভাৰতত ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে প্ৰায় ৩ বছৰ পূৰ্বে আবেদন কৰিছিল। অৱশেষত তেওঁলোকে ক্লিয়াৰেন্স লাভ কৰিলে। এই সংস্থাটোৱে অহা ২ মাহৰ ভিতৰত দেশ তেওঁলোকৰ সেৱা আৰম্ভ কৰিব পাৰে বুলি জানিব পৰা গৈছে।
বৰ্তমান ষ্টাৰ লিংকে সমগ্ৰ বিশ্বৰ বহু কেইখন দেশত সেৱা আগবঢ়াই আহিছে। ২৬ জুন, ২০২৫ – তথ্য অনুসৰি ইতিমধ্যে ইলন মাস্কৰ কোম্পানীয়ে পৃথিৱীৰ তলৰ ভাগৰ অৰ্বিটলৈ ৭ হাজাৰ ৮৭৫ টা ছেটেলাইট প্ৰেৰণ কৰিছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ষ্টাৰলিংকৰ গতি ৫০ৰ পৰা ২৫০ এমবিপিএছৰ ভিতৰত হ’ব। কোনো তাঁৰ নোহোৱাকৈ উপগ্ৰহৰ জৰিয়তে প্ৰদান কৰা হয় এই সেৱা ,গতিকে যিকোনো ঠাইত ষ্টাৰলিংক সেৱাৰ জৰিয়তে সহজেই উপলব্ধ হ’ব।
কিমান খৰচ হ’ব
গতিকে প্ৰশ্ন হয়, যদি আপুনি ষ্টাৰলিংক ইণ্টাৰনেট সেৱাৰ সুবিধা ল’ব বিচাৰে, তেন্তে কিমান টকা খৰচ হ’ব? তথ্য অনুসৰি ষ্টাৰলিংকৰ ষ্টেণ্ডাৰ্ড কিটৰ দাম মাত্ৰ ৩৯৫ মাৰ্কিন ডলাৰ। ভাৰতীয় মুদ্ৰা প্ৰায় ৩৩ হাজাৰ টকা। ইয়াত এন্টেনা, ষ্টেণ্ড, ৰাউটাৰ, কেবল আৰু পাৱাৰ এডাপ্টাৰৰ দৰে বস্তু অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ষ্টাৰলিংক ইণ্টাৰনেট ৰক্ষণাবেক্ষণৰ বাবে মাহিলী খৰচ ৩০০০ৰ পৰা ৪০০০ টকা। গতিকে একাংশলোকে সহজেই ষ্টাৰলিংকৰ সেৱা লাভ কৰিব পাৰিব।
উল্লেখ্য যে, ইলন মাস্কৰ ষ্টাৰলিংকে মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ আৰু আন টেলিকম কোম্পানীসমূহক কিছু প্ৰত্যাহ্বান জনাব পাৰে। ইতিমধ্যে মাস্কক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে আম্বানী। কিছুদিন পূৰ্বে মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅই মুকলি কৰিছিল ৱাইফাই ছিক্স ৰাউটাৰ।
জানিব পৰা মতে, Jio AX6000 Universal Router ৰ মূল্য প্ৰায় ৬ হাজাৰ টকা। ৱাইফাই ছিক্স ৰাউটাৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এক ৰাউটাৰ। ইয়াক ব্যৱহাৰ কৰি আপলোড আৰু ডাউনলোড দ্ৰুতভাৱে কৰিব পৰা যায়। ইয়াৰ বাহিৰেও এই ৰাউটাৰটো আন ৰাউটাৰতকৈ বহুত বেছি শক্তিশালী।
কিন্তু তাৰ পাছতো এতিয়া ষ্টাৰলিংকৰ দৰে কোম্পানী অহাৰ পাছত ৰিয়ালেন্স জিঅ’ কিছু ক্ষতিৰ সন্মুখী হ’ব পাৰে বুলি ক’ব পাৰি। কিয়নো ইন্টাৰনেট সেৱাৰ গ্ৰাহকে বহু সময়ত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ দুৰ্গম অঞ্চলত ইন্টাৰনেট সুবিধা লাভ কৰা নাযায়। কিন্তু মাস্কৰ এই কোম্পানীয়ে ছেটেলাইটৰ জৰিয়তে সেৱা আগবঢ়াব। যাৰ বাবে সহজে গ্ৰাহকে সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।
অন্য খবৰ পঢ়কঃ ইলন মাস্কক প্ৰত্যাহ্বান জনাবলৈ সাজু আম্বানী, মুকলি কৰিলে Jio AX6000 ৰাউটাৰ…