Unpacked Event 2025 : অপেক্ষা অন্ত পৰিল, আজি গ্ৰাহকৰ বাবে ছেমছাঙে মুকলি কৰিব Galaxy S25

Samsung Unpacked Event 2025 ত কোম্পানীটোৱে নতুন স্মাৰ্টফোন ছিৰিজ Galaxy S25 মুকলি কৰিবলৈ সাজু হৈছে । ছেমছাঙৰ নতুন Galaxy S25 ছিৰিজত তিনিটা নতুন মডেল লঞ্চ কৰিব । ইয়াৰ ভিতৰত আছে Galaxy S25, Galaxy S25 Plus আৰু Galaxy S25 Ultra।

Unpacked Event 2025 : অপেক্ষা অন্ত পৰিল, আজি গ্ৰাহকৰ বাবে ছেমছাঙে মুকলি কৰিব Galaxy S25

Samsung

Published: 

22 Jan 2025 | 11:53 AM

আজি অনুষ্ঠিত হ’ব ২০২৫ চনৰ ছেমছাঙৰ গ্ৰেণ্ড ইভেণ্ট । এই Samsung Unpacked Event 2025 ত কোম্পানীটোৱে নতুন স্মাৰ্টফোন ছিৰিজ Galaxy S25 মুকলি কৰিবলৈ সাজু হৈছে । ভাৰতীয় সময় অনুসৰি নিশা ১১:৩০ বজাৰ পৰা আৰম্ভ হ’ব Samsung Unpacked Event। ইয়াৰ উপৰিও এই ইভেণ্ট ছেমছাঙৰ ইউটিউব চেনেলতো লাইভ ষ্ট্ৰীম কৰা হ’ব।

ছেমছাঙৰ নতুন Galaxy S25 ছিৰিজত তিনিটা নতুন মডেল লঞ্চ কৰিব । ইয়াৰ ভিতৰত আছে Galaxy S25, Galaxy S25 Plus আৰু Galaxy S25 Ultra। ইয়াৰ উপৰিও আজি ইভেণ্টত প্ৰৱেশ কৰিব পাৰে Galaxy S25 Slim নামৰ এটা নতুন মডেল । এই ডিভাইচত থাকিব 6.4 ইঞ্চি কমপেক্ট ডিছপ্লে।

ছেমছাঙৰ আগন্তুক ফ্লেগশ্বিপ Galaxy S25 ছিৰিজৰ সকলো মডেলতে স্পীড আৰু মাল্টিটাস্কিঙৰ বাবে কোৱালকম কোম্পানীৰ শেহতীয়া স্নেপড্ৰেগন 8 এলিট প্ৰচেছৰ পোৱাৰ সম্ভাৱনা আছে। ই এপলৰ A18 Pro আৰু MediaTekৰ Dimension 9400 প্ৰচেছৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে। এই স্মাৰ্টফোনসমূহৰ বেচ মডেলত 12GB ৰেম থাকিব পাৰে । আনহাতে, Galaxy S25 Ultraত 16GB ৰেমৰ সৈতে এটা টপ ভেৰিয়েণ্টো থাকিব পাৰে।

Galaxy S25, Galaxy S25 Plus আৰু Galaxy S25 Slim ত ফটোগ্ৰাফীৰ বাবে পিছফালে ট্ৰিপল-কেমেৰা ছেটআপ প্ৰদান কৰিব পাৰে। ইয়াৰ ভিতৰত থাকিব পাৰে wide, ultra-wide আৰু telephoto লেন্স। একে সময়তে S25 Ultra ত কোৱাড-কেমেৰা ছেটআপ থাকিব পাৰে আৰু ইয়াৰ প্ৰাথমিক চেন্সৰ 200MP হ’ব পাৰে । লগতে 50MP 5x পেৰিস্কোপ লেন্স, আল্ট্ৰা-ৱাইড আৰু টেলিফ’টো লেন্স দিব পাৰে।

ভাৰতত ছেমছাঙে নতুন Galaxy S25 ছিৰিজৰ প্ৰি-ৰিজাৰ্ভেচন আৰম্ভ কৰিছে। ১৯৯৯ টকা দি প্ৰি-বুকিং কৰিব পাৰিব । এই ইভেণ্টৰ সময়তে Galaxy S25 ছিৰিজৰ মূল্য প্ৰকাশ কৰিব কোম্পানীটোৱে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...