Unpacked Event 2025 : অপেক্ষা অন্ত পৰিল, আজি গ্ৰাহকৰ বাবে ছেমছাঙে মুকলি কৰিব Galaxy S25

Samsung Unpacked Event 2025 ত কোম্পানীটোৱে নতুন স্মাৰ্টফোন ছিৰিজ Galaxy S25 মুকলি কৰিবলৈ সাজু হৈছে । ছেমছাঙৰ নতুন Galaxy S25 ছিৰিজত তিনিটা নতুন মডেল লঞ্চ কৰিব । ইয়াৰ ভিতৰত আছে Galaxy S25, Galaxy S25 Plus আৰু Galaxy S25 Ultra।

Unpacked Event 2025 : অপেক্ষা অন্ত পৰিল, আজি গ্ৰাহকৰ বাবে ছেমছাঙে মুকলি কৰিব Galaxy S25

Samsung

Published: 

22 Jan 2025 11:53 AM

আজি অনুষ্ঠিত হ’ব ২০২৫ চনৰ ছেমছাঙৰ গ্ৰেণ্ড ইভেণ্ট । এই Samsung Unpacked Event 2025 ত কোম্পানীটোৱে নতুন স্মাৰ্টফোন ছিৰিজ Galaxy S25 মুকলি কৰিবলৈ সাজু হৈছে । ভাৰতীয় সময় অনুসৰি নিশা ১১:৩০ বজাৰ পৰা আৰম্ভ হ’ব Samsung Unpacked Event। ইয়াৰ উপৰিও এই ইভেণ্ট ছেমছাঙৰ ইউটিউব চেনেলতো লাইভ ষ্ট্ৰীম কৰা হ’ব।

ছেমছাঙৰ নতুন Galaxy S25 ছিৰিজত তিনিটা নতুন মডেল লঞ্চ কৰিব । ইয়াৰ ভিতৰত আছে Galaxy S25, Galaxy S25 Plus আৰু Galaxy S25 Ultra। ইয়াৰ উপৰিও আজি ইভেণ্টত প্ৰৱেশ কৰিব পাৰে Galaxy S25 Slim নামৰ এটা নতুন মডেল । এই ডিভাইচত থাকিব 6.4 ইঞ্চি কমপেক্ট ডিছপ্লে।

ছেমছাঙৰ আগন্তুক ফ্লেগশ্বিপ Galaxy S25 ছিৰিজৰ সকলো মডেলতে স্পীড আৰু মাল্টিটাস্কিঙৰ বাবে কোৱালকম কোম্পানীৰ শেহতীয়া স্নেপড্ৰেগন 8 এলিট প্ৰচেছৰ পোৱাৰ সম্ভাৱনা আছে। ই এপলৰ A18 Pro আৰু MediaTekৰ Dimension 9400 প্ৰচেছৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে। এই স্মাৰ্টফোনসমূহৰ বেচ মডেলত 12GB ৰেম থাকিব পাৰে । আনহাতে, Galaxy S25 Ultraত 16GB ৰেমৰ সৈতে এটা টপ ভেৰিয়েণ্টো থাকিব পাৰে।

Galaxy S25, Galaxy S25 Plus আৰু Galaxy S25 Slim ত ফটোগ্ৰাফীৰ বাবে পিছফালে ট্ৰিপল-কেমেৰা ছেটআপ প্ৰদান কৰিব পাৰে। ইয়াৰ ভিতৰত থাকিব পাৰে wide, ultra-wide আৰু telephoto লেন্স। একে সময়তে S25 Ultra ত কোৱাড-কেমেৰা ছেটআপ থাকিব পাৰে আৰু ইয়াৰ প্ৰাথমিক চেন্সৰ 200MP হ’ব পাৰে । লগতে 50MP 5x পেৰিস্কোপ লেন্স, আল্ট্ৰা-ৱাইড আৰু টেলিফ’টো লেন্স দিব পাৰে।

ভাৰতত ছেমছাঙে নতুন Galaxy S25 ছিৰিজৰ প্ৰি-ৰিজাৰ্ভেচন আৰম্ভ কৰিছে। ১৯৯৯ টকা দি প্ৰি-বুকিং কৰিব পাৰিব । এই ইভেণ্টৰ সময়তে Galaxy S25 ছিৰিজৰ মূল্য প্ৰকাশ কৰিব কোম্পানীটোৱে।

ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক
পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...