Samsung Mobile: এই 512GB স্মাৰ্টফোনটো 256GB ৰেটত উপলব্ধ, জানক এই অফাৰৰ বিষয়ে…

জানুৱাৰী মাহত মুকলি কৰা Samsung Galaxy S25 Series ৰ প্ৰি-বুকিং চলি আছে আৰু এই ছিৰিজত এটা মডেল আছে যিটো প্ৰি-বুকিঙৰ সময়ত কোম্পানীয়ে গ্ৰাহকক 256GB ভেৰিয়েণ্টৰ মূল্যত 512GB মডেল আগবঢ়াইছে ।

Samsung Mobile: এই 512GB স্মাৰ্টফোনটো 256GB ৰেটত উপলব্ধ, জানক এই অফাৰৰ বিষয়ে...

ছেমছাঙৰ নতুন স্মাৰ্টফোন

Updated On: 

02 Feb 2025 | 04:02 PM

প্ৰতিটো ষ্ট’ৰেজৰ স্মাৰ্টফোনৰ মূল্য বেলেগ বেলেগ । যদি আপোনাক কোৱা হয় যে, 256GB স্মাৰ্টফোনৰ মূল্যত আপুনি 512GB ষ্ট’ৰেজ থকা ফোন ক্ৰয় কৰিব পাৰিব, তেন্তে হয়তো আপুনি বিশ্বাস নকৰিব। আচলতে জানুৱাৰী মাহত মুকলি কৰা Samsung Galaxy S25 Series ৰ প্ৰি-বুকিং চলি আছে আৰু এই ছিৰিজত এটা মডেল আছে যিটো প্ৰি-বুকিঙৰ সময়ত কোম্পানীয়ে গ্ৰাহকক 256GB ভেৰিয়েণ্টৰ মূল্যত 512GB মডেল আগবঢ়াইছে ।

মন কৰিব যে, এই সুযোগ মাত্ৰ দুদিনৰ বাবেহে থাকিব । কাৰণ এই ছিৰিজৰ বিক্ৰী অতি সোনকালে আৰম্ভ হ’ব। এই অফাৰৰ বিষয়ে তথ্য Samsung ৰ অফিচিয়েল চাইটতো দিয়া হৈছে । কোম্পানীটোৰ অফিচিয়েল চাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি, গ্ৰাহকক Samsung Galaxy S25 Ultra ৰ জৰিয়তে এই অফাৰৰ সুবিধা প্ৰদান কৰা হৈছে। কোম্পানীটোৱে জনোৱা মতে, যিয়ে এই ফোনটো প্ৰি-বুক কৰিব তেওঁক ২১ হাজাৰ টকাৰ ৰেহাইৰ সুবিধা দিয়া হ’ব।

গ্ৰাহকে 12GB/256GB ভেৰিয়েণ্টৰ মূল্যত 12GB/512GB ভেৰিয়েণ্ট ক্ৰয় কৰাৰ সুবিধা ল’ব পাৰিব। ফোনটো প্ৰি-বুকিং কৰা গ্ৰাহকে ৯ হাজাৰ টকাৰ উন্নীতকৰণ বোনাছ আৰু ইএমআইৰ সুবিধাৰ লগতে সম্পূৰ্ণ ধন পৰিশোধ কৰিলে ৭ হাজাৰ আৰু ৮ হাজাৰ টকাৰ কেছবেক বেনিফিট লাভ কৰিব।

এই ফ্লেগশ্বিপ স্মাৰ্টফোনৰ 256GB ভেৰিয়েণ্টৰ মূল্য ১,২৯,৯৯৯ টকা, 512GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য ১,৪৯,৯৯৯ টকা আৰু 1TB ভেৰিয়েণ্টৰ মূল্য ১,৬৫,৯৯৯ টকা। উল্লেখ্য যে, এই অফাৰটো 1TB ভেৰিয়েণ্টৰ সৈতে উপলব্ধ নহ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...