হাতলৈ আহিছে ইচ্ছা পূৰণৰ বৃহৎ সুযোগ! ৫৮ হাজাৰ টকা কম মূল্যত পাব চেমচাঙৰ Galaxy S24 Ultra
উন্নত কেমেৰাৰ লগতে আন বহু অত্যাধুনিক সুবিধা উপলব্ধ চেমচাঙৰ Galaxy S24 Ultra মোবাইল ক্ৰয়ৰ বাবেও যদি আপোনাৰ ইচ্ছা আছিল, এই ইচ্ছা পূৰ কৰাৰ বাবেও আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৫ সঠিক সময় হ’ব পাৰে। কিয়নো এই সময়ছোৱাত এই স্মাৰ্টফোনটোত কেইবা হাজাৰ টকা ৰাহি কৰিব পাৰিব।

চেমচাঙৰ Galaxy S24 Ultra মোবাইলত বৃহৎ ৰেহাই
মোবাইলৰ বজাৰত চেমচাঙৰ প্ৰতি এক বিশেষ টান থকা দেখা যায় মোবাইল প্ৰিয় লোকসকলৰ মাজত। এই কোম্পানীটোৰ মোবাইলসমূহে গ্ৰাহকৰ মাজত বিশেষ সমাদৰ লাভ কৰি আহিছে। বিশেষকৈ কোম্পানীটোৰ Galaxy S ছিৰিজৰ মোবাইলসমূহে বজাৰত একপ্ৰকাৰে ধুমুহাৰ সৃষ্টি কৰিছে। এই ছিৰিজৰে এই অনন্য সুবিধাযুক্ত মোবাইল আছিল Galaxy S24 Ultra। ২৩ ছেপ্টেম্বৰ, অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৫। আমাজনৰ এই বিশেষ বিক্ৰীৰ সময়ত গ্ৰাহকসকলে অতি কম দামত পছন্দৰ স্মাৰ্টফোন ক্ৰয় কৰাৰ সুযোগ পাব।
উন্নত কেমেৰাৰ লগতে আন বহু অত্যাধুনিক সুবিধা উপলব্ধ চেমচাঙৰ Galaxy S24 Ultra মোবাইল ক্ৰয়ৰ বাবেও যদি আপোনাৰ ইচ্ছা আছিল, এই ইচ্ছা পূৰ কৰাৰ বাবেও আমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৫ সঠিক সময় হ’ব পাৰে। কিয়নো এই সময়ছোৱাত এই স্মাৰ্টফোনটোত কেইবা হাজাৰ টকা ৰাহি কৰিব পাৰিব।
চেমচাঙৰ এই ফোনটো ১,২৯,৯৯৯ টকাত মুকলি কৰা হৈছিল যদিও আমাজনৰ বিক্ৰীৰ সময়ত বৃহৎ ৰেহাইৰ জৰিয়তে ৭২,০০০ টকাতকৈও কম মূল্যত বিক্ৰী কৰা হ’ব। এই ফোনটোৰ ১২GB RAM/২৫৬GB ষ্ট’ৰেজ ভেৰিয়েণ্ট বৰ্তমান ৯৭,৯৯৯ টকাত বিক্ৰী হৈছে যদিও এতিয়া এই দৰতকৈ যথেষ্ট কম মূল্যত পোৱা যাব।
প্ৰকাশিত তথ্যসমূহে আমাজনৰ বিক্ৰীৰ সময়ত ৰেহাইৰ পিছত এই ফোনটো ৭১,৯৯৯ টকা দৰত বিক্ৰী হোৱাৰ ইংগিত পোৱা গৈছে। অৰ্থাৎ এই ফোনটো বৰ্তমানৰ মূল্যতকৈ ২৬,০০০ টকা কম মূল্যত পোৱা যাব। আনহাতে ইয়াৰ মুকলি মূল্যতকৈ প্ৰায় ৫৮,০০০ টকা কম মূল্যত এতিয়া আমাজনৰ বিশেষ বিক্ৰীৰ সময়ত পোৱা যাব।
উল্লেখ্য যে এই ফোনটোত ৬.৮ ইঞ্চি Quad HD+ ৰিজ’লিউচন AMOLED ডিছপ্লে’ৰ সৈতে Snapdragon 8th Gen 3 প্ৰচেছৰ আছে। আনহাতে অপটিকেল ইমেজ ষ্টেবিলাইজেচনৰ সৈতে ২০০ মেগাপিক্সেলৰ প্ৰাইমেৰী বেক কেমেৰা, ১২ মেগাপিক্সেলৰ আল্ট্ৰা-ৱাইড কেমেৰা, ৩x অপটিকেল জুমৰ সৈতে ১০ মেগাপিক্সেলৰ টেলিফ’টো কেমেৰা আৰু ৫x জুমৰ সৈতে ৫০ মেগাপিক্সেলৰ পেৰিস্কোপ কেমেৰা আছে।
আনহাতে ফোনটোৰ সন্মুখভাগতো ১২ মেগাপিক্সেলৰ চেলফি কেমেৰা চেন্সৰ আছে। মোবাইলটোৰ বেটাৰীৰ ক্ষমতা ৫,০০০ mAh। চেমচাঙৰ Galaxy S24 Ultra ফোনৰ লগতে OnePlus 13R, iQOO Neo 10R 5G, Redmi A4 5G, Realme Narzo 80 Lite 5G, Samsung Galaxy M36 5G, OnePlus Nord CE 5 5G, iQOO Z10R 5Gৰ দৰে আন কিছুমান ফোনতো আমাজনৰ বিক্ৰীৰ সময়ত যথেষ্ট ৰেহাই লাভ কৰিব।