১০০০ টকা পৰ্যন্ত পাব ৰেহাই! ৰিলায়েন্স জিঅ’ই লৈ আহিছে নতুন আকৰ্ষণীয় অফাৰ…

Reliance jio offer: মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই বহু সময়ত বহু অফাৰ লৈ আহে। শেহতীয়াকৈ পুনৰ এনে এক অফাৰ লৈ আহিছে যাৰ অধীনত গ্ৰাহকে ১০০০ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব।

১০০০ টকা পৰ্যন্ত পাব ৰেহাই! ৰিলায়েন্স জিঅই লৈ আহিছে নতুন আকৰ্ষণীয় অফাৰ...

জিঅ'

Published: 

14 Apr 2025 | 12:36 PM

গ্ৰাহকক আকৰ্ষণ কৰিবলৈ মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই বহু সময়ত বহু অফাৰ লৈ আহে।  অফাৰনো ভাল নাপাই কোনে? এই অফাৰবোৰে গ্ৰাহকৰ মনয জয় কৰে। আজি আমি আপোনালোকক এনে এটা Jio Offer ৰ বিষয়ে ক’ম। এই অফাৰৰ অধীনত কোম্পানীয়ে গ্ৰাহকৰ পৰা ১০০০টকা নোলোৱাকৈ বিনামূলীয়াকৈ এই সেৱা আগবঢ়ায়। পিছে ৰিলায়েন্স জিঅ’ই কেনেকৈ এই অফাৰ প্ৰদান কৰিছে? কেনেকৈ ইয়াৰ সুবিধা ল’ব পাৰিব বা ইয়াৰ পৰা কেনেকৈ লাভৱান হ’ব? এই সকলোবোৰ লেখাটোত উল্লেখ কৰা হ’ল।

কোনবিধ সেৱা বিনামূলীয়া

যিসকলে ঘৰত জিঅ’ এয়াৰফাইবাৰ সংযোগ স্থাপন কৰাৰ কথা ভাবিছে তেওঁলোকে এই সুবিধা লাভ কৰিব। কোম্পানীটোৱে গ্ৰাহকৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে ইনষ্টলেচন চাৰ্জ বিনামূলীয়া কৰি দিছে। এই তথ্য ৰিলায়েন্স জিঅ’ৰ অফিচিয়েল ৱেবছাইট জিঅ’ ডট কমতো উল্লেখ আছে।

জিঅ’ ফটোঃ জিঅ’.কম

জিঅই অফিচিয়েল চাইটত দিয়া তথ্যৰ পৰা এয়া স্পষ্ট হৈ পৰিছে যে গ্ৰাহকে ১০০০ পৰ্যন্ত ৰেহাই পাব। উল্লেখ কৰা প্ৰয়োজন যে, নতুন এয়াৰফাইবাৰ ইনষ্টল কৰাৰ বাবে ১০০০ টকা ইনষ্টলেচন চাৰ্জ লোৱা হয়। কিন্তু এতিয়া এই মাচুল লোৱা নহব। কিন্তু এই সুবিধা কিমান দিনলৈ থাকিব এতিয়ালৈকে সেই তথ্য প্ৰকাশ কৰা নাই।

কেনেকৈ ল’ব সুবিধা

প্ৰথমে আপুনি ৰিলায়েন্স জিঅ’ৰ অফিচিয়েল চাইট জিঅ’ ডট কমলৈ যাওক। তাত আপুনি এক্সক্লুছিভ অফাৰ দেখিব। তাত Book Now বিকল্প আছে, এই বিকল্পটোত ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাব। গতিকে নতুন সংযোগ স্থাপন কৰিবলৈ আপুনি মোবাইল নম্বৰ, পিন ক’ড, ইনষ্টলেচন ঠিকনা, হাউচ-ফ্লেট নম্বৰ আৰু আপোনাৰ সম্পূৰ্ণ নাম আদি দিব লাগিব।

জিঅ’

এই তথ্য প্ৰদান কৰাৰ পাছত next ক্লিক কৰক আৰু পৰৱৰ্তী পেজত প্ৰয়োজনীয় তথ্য প্ৰদান কৰি চাবমিট কৰক। ইয়াৰোপৰি যদি আপুনি অফলাইন বুক কৰিব বিচাৰে তেন্তে আপোনাৰ ঘৰৰ ওচৰৰ জিঅ’ ষ্ট’ৰলৈ গৈ নতুন জিঅ’ এয়াৰফাইবাৰ সেৱাৰ বাবে অনুৰোধ কৰিব পাৰে।

জিঅৰ প্লেন

কোম্পানীটোৱে গ্ৰাহকৰ বাবে মাহেকীয়া, তিনিমাহ, ৬ মাহ আৰু ১২ মাহৰ ৰিচাৰ্জ প্লেন ৰাখিছে। 30Mbps, 100Mbps, 300Mbps, 500Mbps আৰু 1Gbps ৰ প্লেনো উপলব্ধ। গতিকে নিজৰ ইচ্ছা অনুযায়ী আপুনি আপোনাৰ প্লেন বাছি ল’ব পাৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব