৯ ডিচেম্বৰত মুকলি হ’ব Redmi Note 14 ছিৰিজ, এই স্মাৰ্টফোনৰ বিশেষত্ব কি জানক…

৯ ডিচেম্বৰত Xiaomi India ই মুকলি কৰিবলৈ গৈ আছে Redmi Note 14 ছিৰিজ । Redmi Note 14 5G, Redmi Note 14 Pro আৰু Redmi Note 14 Pro Plus এই তিনিটা ভেৰিয়েণ্টত Redmi Note 14 ছিৰিজ মুকলি কৰিব Xiaomi India ই ।

৯ ডিচেম্বৰত মুকলি হব Redmi Note 14 ছিৰিজ, এই স্মাৰ্টফোনৰ বিশেষত্ব কি জানক...

Xiaomi India ৰ নতুন স্মাৰ্টফোন( ফটো-এক্স হেণ্ডেল)

Published: 

07 Dec 2024 | 05:22 PM

আপুনি নতুন ফোন ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? যদি নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে অপেক্ষা কৰক । ৯ ডিচেম্বৰত Xiaomi India ই মুকলি কৰিবলৈ গৈ আছে Redmi Note 14 ছিৰিজ । Redmi Note 14 5G, Redmi Note 14 Pro আৰু Redmi Note 14 Pro Plus এই তিনিটা ভেৰিয়েণ্টত Redmi Note 14 ছিৰিজ মুকলি কৰিব Xiaomi India ই ।

মুকলিৰ পূৰ্বেই Xiaomi ৰ এই ছিৰিজৰ স্মাৰ্টফোনে ইতিমধ্যে গ্ৰাহকক আকৰ্ষিত কৰিছে । এই স্মাৰ্টফোন মুকলি পাছতে ই-কৰ্মাচ প্লেটফৰ্মত উপলব্ধ হ’ব বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে । আমাজন আৰু Xiaomi India ৰ অফিচিয়েল টিজাৰ অনুসৰি,  Redmi Note 14 5G ত 50MP চ’নী LYT-600 প্ৰাইমেৰী কেমেৰাৰ সৈতে অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS) থাকিব। ছেকেণ্ডাৰী আৰু ফ্ৰন্ট কেমেৰাৰ কনফিগাৰেচন চীনা সংস্কৰণৰ সৈতে একে হ’ব বুলি আশা কৰা হৈছে ।

ইয়াৰ লগতে Xiaomi AI এচিষ্টেণ্ট, AiMi অন্তৰ্ভুক্ত কৰা হৈছে। যদিহে ই চীনা মডেলৰ স্পেচিফিকেশন অনুসৰণ কৰে, তেন্তে ডিভাইচটোত 120Hz ৰিফ্ৰেছ ৰেট, 2,100 নিটৰ উজ্জ্বলতা আৰু কৰ্নিং গৰিলা গ্লাছ প্ৰটেকচনৰ সৈতে 6.67 ইঞ্চি ফোল-এইচডি+ এমোলেড স্ক্ৰীণ থাকিব। ভাৰতীয় ভেৰিয়েণ্টত MediaTek Dimensity 7025 Ultra SoC আৰু IP64-rated ডিজাইন থকাৰ সম্ভাৱনা আছে ।

লগতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা খবৰ অনুসৰি 45W ৰ ফাষ্ট চাৰ্জিং চাপৰ্টৰ সৈতে শক্তিশালী 5,110mAh বেটাৰী প্ৰদান কৰাৰ সম্ভাৱনা আছে । এই ফোনটো Android 15 ৰ ওপৰত ভিত্তি কৰি HyperOS 2.0 ৰ সৈতে মুকলি কৰাৰ সম্ভাৱনা আছে। মূল্য নিৰ্ধাৰণৰ সবিশেষ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...