EMI ত ফোন লৈছে নেকি? ঋণ পৰিশোধ নকৰিলে হৈ যাব আপোনাৰ ফোন লক!

ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণদাতাৰ আদায়ৰ ক্ষমতা বৃদ্ধিৰ বাবে নতুন নিয়ম অনাৰ কথা চিন্তা কৰিছে। এই নিয়মৰ অধীনত ঋণদাতাই আপোনাৰ ফোনটো দূৰৰ পৰাই লক কৰিব পাৰিব। আৰ বি আইৰ এই নিয়ম কাৰ্যকৰী হ’লে ঋণদাতাৰ ক্ষমতা বৃদ্ধি পাব।

EMI ত ফোন লৈছে নেকি? ঋণ পৰিশোধ নকৰিলে হৈ যাব আপোনাৰ ফোন লক!

EMI ত ফোন লৈছে নেকি?

Updated On: 

12 Sep 2025 13:13 PM

ঋণদাতাৰ ক্ষমতা বৃদ্ধিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুন নিয়ম প্ৰণয়নৰ পৰিকল্পনা কৰিছে। আৰ বি আইৰ নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পাছত ঋণ পৰিশোধ নকৰা লোকসকলৰ ফোনটো ৰিম’ট লক কৰিব পাৰিব ঋণদাতাই। সামগ্ৰিকভাৱে এই আৰ বি আই নিয়ম কাৰ্যকৰী হ’লে ঋণদাতাৰ ক্ষমতা বৃদ্ধি পাব। কিন্তু ইয়াৰ ফলত গ্ৰাহকৰ অধিকাৰৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

২০২৪ চনত হোম ক্ৰেডিট ফাইনেন্সে কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে মোবাইল ফোন আদি কনজিউমাৰ ইলেক্ট্ৰনিকছৰ এক তৃতীয়াংশতকৈ অধিক সামগ্ৰী ঋণত ক্ৰয় কৰা হয়। ক্ৰেডিট ব্যুৰো চি আৰ আই এফ হাইমাৰ্কৰ তথ্য অনুসৰি এক লাখ টকাৰ তলৰ সৰু ঋণ থকা ছেগমেণ্টটোত ই এম আই ডিফল্ট হোৱা লোকৰ সংখ্যা সৰ্বাধিক।

ফোনটো লক হৈ যাব, কিন্তু ডাটা নিৰাপদ হৈ থাকিব

সূত্ৰসমূহে জনোৱা মতে, যোৱা বছৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে ঋণদাতাসকলক ঋণ পৰিশোধ নকৰা লোকৰ ফোন লক কৰিবলৈ কৈছিল। ঋণ প্ৰদান কৰাৰ সময়ত ঋণ লোৱাৰ ফোনত এটা এপ ইনষ্টল কৰা হ’ব যাতে ডিভাইচটো লক কৰিব পাৰে। ঋণদাতাৰ সৈতে আলোচনাৰ অন্তত আৰ বি আইয়ে কেইমাহমানৰ ভিতৰত ন্যায্য অনুশীলন সংহিতা উন্নীত কৰাৰ লগতে ফোন লক কৰা ব্যৱস্থাৰ ওপৰত নিৰ্দেশনা জাৰি কৰিব পাৰে।

আৰ বি আইয়ে দুটা কথা নিশ্চিত কৰিব বিচাৰিছে, প্ৰথমতে ঋণদাতাই ফোনত লক কৰি ঋণৰ পৰিমাণ আদায় কৰিব পাৰে আৰু দ্বিতীয়তে গ্ৰাহকৰ তথ্যও সুৰক্ষিত ৰখা হয়। ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি আৰ বি আইৰ মুখপাত্ৰই এই বিষয়ত এতিয়াও কোনো উত্তৰ দিয়া নাই।

যদিহে আৰ বি আইৰ এই নিয়ম কাৰ্যকৰী হয়, তেন্তে ইয়াৰ দ্বাৰা বাজাজ ফাইনেন্স, ডি এম আই ফাইনেন্স আৰু চোলামণ্ডলম ফাইনেন্সৰ দৰে কোম্পানীসমূহ উপকৃত হ’ব।

দাঁতৰ আলু ফুলা আৰু মুখৰ দুৰ্গন্ধ... এয়া দাঁতৰ কি ৰোগৰ ইংগিত?
মিঠা খাদ্যৰ বাহিৰেও এইবোৰ কাৰণত আপোনাৰ হঠাৎ চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে
দৈনিক ৰঙা চাহ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নে বেয়া? শৰীৰত কি প্ৰভাৱ পৰে জানক...
সম্পৰ্ক কেনেকৈ ধৰি ৰাখিব, ক'লে প্ৰেমানন্দ মহাৰাজে