আজি গ্ৰাহকৰ বাবে মুকলি হ’ল Nothing Phone 2a Plus, এই স্মাৰ্টফোনটোৰ বৈশিষ্ট্যসমূহ চাওক…

ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে Nothing Phone 2a আপগ্ৰেড সংস্কৰণ Nothing Phone 2a Plus । এই ফোনটোত আছে, মিডিয়াটেক প্ৰচেছৰ, 50 মেগাপিক্সেলৰ চেলফি কেমেৰা, AMOLED ডিছপ্লে আৰু শক্তিশালী বেটাৰী । নতুন স্মাৰ্টফোন ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰি থকা গ্ৰাহকসকলে ভাল ফিচাৰ থকা এই ফোনটো ক্ৰয় কৰিব পাৰে ।

আজি গ্ৰাহকৰ বাবে মুকলি হল Nothing Phone 2a Plus, এই স্মাৰ্টফোনটোৰ বৈশিষ্ট্যসমূহ চাওক...

Nothing Phone 2a Plus

Updated On: 

31 Jul 2024 | 06:08 PM

ভাৰতীয় বজাৰত গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে Nothing Phone 2a আপগ্ৰেড সংস্কৰণ Nothing Phone 2a Plus । এই ফোনটোত আছে, মিডিয়াটেক প্ৰচেছৰ, 50 মেগাপিক্সেলৰ চেলফি কেমেৰা, AMOLED ডিছপ্লে আৰু শক্তিশালী বেটাৰী । নতুন স্মাৰ্টফোন ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰি থকা গ্ৰাহকসকলে ভাল ফিচাৰ থকা এই ফোনটো ক্ৰয় কৰিব পাৰে । এণ্ড্ৰইড 14 সৈতে এই ফোনটোত তিনি বছৰলৈ এণ্ড্ৰইড আপডেট আৰু চাৰি বছৰলৈ ছিকিউৰিটি আপডেট লাভ কৰি থাকিব।

Nothing Phone 2a Plusৰ দুটা ভেৰিয়েণ্ট মুকলি কৰা হৈছে । 8GB/25GB ভেৰিয়েন্টৰ বাবে 29,999 টকা নিৰ্ধাৰণ কৰা বিপৰীতে 12GB/256GB ৰ ভেৰিয়েন্টৰ বাবে 31,999 টকা নিৰ্ধাৰণ কৰা হৈছে । প্ৰকাশিত তথ্য অনুসৰি, অহা সপ্তাহৰ ৭ আগষ্টৰ পৰা ফ্লিপকাৰ্টত গ্ৰাহকৰ বাবে এই ফোনটোৰ বিক্ৰী আৰম্ভ হ’ব।

Nothing Phone 2a Plusৰ স্পেচিফিকেশন

  • ডিছপ্লে: এই ফোনত আছে 6.7 ইঞ্চি ফুল এইচডি প্লাছ এমোলেড ডিছপ্লে । যি 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু 240 হাৰ্টজ টাচ চেম্পলিং ৰেটৰ সৈতে আহিব। কোম্পানীয়ে স্ক্ৰীণ প্ৰটেকচনৰ বাবে Corning Gorilla Glass 5 ব্যৱহাৰ কৰিছে । লগতে এই ফোনটো পাব 1300 nits peak brightness support।
  • প্ৰচেছৰ: স্পীড আৰু মাল্টিটাস্কিঙৰ বাবে ফোনটোত থাকিব মিডিয়াটেক ডাইমেনচন 7350 অক্টা-কোৰ প্ৰচেছৰ।
  • বেটাৰী ক্ষমতা: ফোনটোত 5000 mAh ৰ শক্তিশালী বেটাৰী দিয়া হৈছে । এই ফোনত 50 ৱাটৰ ফাষ্ট আৰু 5 ৱাটৰ ৰিভাৰ্ছ ৱায়াৰ চাৰ্জ ব্যৱহাৰ কৰিব পাৰিব।
  • কেমেৰা ছেটআপ: 50 মেগাপিক্সেল Samsung GN9 প্ৰাইমেৰী কেমেৰা চেন্সৰৰ লগতে 50 মেগাপিক্সেল Samsung JN1 কেমেৰা চেন্সৰ ফোনটোৰ পিছফালৰ অংশত উপলব্ধ হ’ব। একেদৰে চেলফিৰ বাবে 50 মেগাপিক্সেলৰ Samsung JN1 ফ্ৰন্ট কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।
  • সংযোগ: ফোনটোত চাৰ্জিঙৰ বাবে ব্লুটুথ সংস্কৰণ 5.3, ৱাই-ফাই 6, 5জি, জিপিএছ, এনএফচি আৰু ইউএছবি টাইপ-চি প’ৰ্ট আছে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...