খেলিছে ভাৰত-পাকিস্তানে, ৰেকৰ্ড গঢ়িলে মুকেশ আম্বানীয়ে! কিদৰে হ’ল এই ৰেকৰ্ড?

সমগ্ৰ ক্ৰিকেট বিশ্বই আজি অত্যন্ত উৎসাহেৰে উপভোগ কৰিছে ভাৰত আৰু পাকিস্তানৰ হেভীৱেইট যুঁজ। ডুবাইত চলি থকা এই মেচখনত ভাৰতৰ আটাইতকৈ ধনৱন্ত ব্যক্তি মুকেশ আম্বানীয়ে এক অভিলেখ ৰচনা কৰিছে।

খেলিছে ভাৰত-পাকিস্তানে, ৰেকৰ্ড গঢ়িলে মুকেশ আম্বানীয়ে! কিদৰে হ’ল এই ৰেকৰ্ড?

মুকেশ আম্বানীৰ ৰেকৰ্ড

Updated On: 

23 Feb 2025 | 09:55 PM

সমগ্ৰ ক্ৰিকেট বিশ্বত আজি ভাৰত-পাকিস্তান মেচৰ উন্মাদনা। ডুবাইৰ ক্ৰিকেট ষ্টেডিয়ামৰ গেলাৰীৰ সমান্তৰালকৈ টেলিভিচন, মোবাইলৰ সমুখত উৎকণ্ঠিত দৰ্শক। সকলোৱেই অত্যন্ত উৎসাহেৰে উপভোগ কৰিছে ভাৰত আৰু পাকিস্তানৰ এই হেভীৱেইট যুঁজ। মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে ২৪১ ৰানত ইনিংছ সামৰাৰ পিছত ভাৰতে দৰ্শনীয় বেটিঙেৰে প্ৰায় জয়ৰ দিশত আগবাঢ়িছে। সাধাৰণতেই ভাৰতত ক্ৰিকেটৰ জনপ্ৰিয়তা অতুলনীয়, তাতে আজি ভাৰত-পাকিস্তানৰ মেচ। সেয়ে সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগী আজি ব্যস্ত এই মেচ উপভোগত।

ভাৰত বনাম পাকিস্তানৰ এই মেচখনৰ সময়ত কোহলীয়ে ৰচিছে দুটাকৈ অভিলেখ। এদিনীয়াত দ্ৰুততম ১৪ হাজাৰ ৰানৰ অধিকাৰী হোৱাৰ লগতে কোহলীয়ে ভাৰতৰ হৈ এদিনীয়াত সৰ্বাধিক কেচ ধৰাৰ ৰেকৰ্ডো স্থাপন কৰে। একেদৰে ৰোহিত শৰ্মাই এদিনীয়াত অপেনাৰ হিচাপে ভাৰতৰ হৈ দ্ৰুততম ৯ হাজাৰ ৰানৰ অভিলেখ গঢ়ে।

এই দুই তাৰকাৰ লগতে এই মেচখনৰ সময়তে দেশৰ আটাইতকৈ ধনৱন্ত ব্যক্তি মুকেশ আম্বানীয়েও গঢ়িছে অভিলেখ। পিছে ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচৰ সময়ত আম্বানীয়ে কিদৰে গঢ়িলে অভিলেখ! দৰাচলতে ভাৰত আৰু পাকিস্তানৰ এই মেচখন সম্প্ৰচাৰিত হৈছে JioHotstarত।

শেহতীয়াকৈ একত্ৰিত হৈছিল জিঅ’ আৰু হটষ্টাৰ। এই JioHotstar এপ আৰু ৱেবচাইটত দৰ্শকে উপভোগ কৰিছে ভাৰত-পাক মেচৰ ৰোমাঞ্চ। ক্ৰিকেট অনুৰাগীৰ মাজত এই মেচৰ উন্মাদনাৰ সুবাদতে এতিয়া ৰেকৰ্ড গঢ়িছে আম্বানীয়ে। মুকেশ আম্বানীৰ মালিকানাধীন JioHotstar ত এতিয়া প্ৰায় ৬০ কোটি লোকে চাই আছে ভাৰত পাকিস্তানৰ এই মেচখন।

নে বৃ্হৎ সংখ্যক অনুৰাগীয়ে মেচখন উপভোগৰ দ্বাৰা অভিলেখ স্থাপন কৰিছে। উল্লেখ্য যে JioHotstar ৰ উপৰিও টেলিভিচনত ভাৰত-পাকিস্তানৰ এই মেচখন সম্প্ৰচাৰ কৰাৰ অধিকাৰ আছে স্প’ৰ্টছ ১৮ৰ চেনেলৰ হাতত। গতিকে JioHotstarৰ এপ আৰু ৱেবচাইটৰ সমান্তৰালকৈ টেলিভিচনতো এই মেচ প্ৰত্যক্ষ কৰিছে অনুৰাগীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...