AIৰ দৌৰত বিশ্বৰ ভিতৰতে অগ্ৰণী দেশ ভাৰত; প্ৰত্যাহ্বান নেওচিবলৈ সাজু চৰকাৰঃ মন্তব্য অশ্বিনী বৈষ্ণৱৰ

ভাৰতৰ ৰণনীতি ব্যাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশে একেলগে পাঁচটা প্ৰধান AI আৰ্কিটেকচাৰ লেয়াৰ বা স্তৰত কাম কৰি আছে— এপ্লিকেচন, মডেল, চিপ, আন্তঃগাঁথনি আৰু শক্তি। ভাৰতে এই প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

AIৰ দৌৰত বিশ্বৰ ভিতৰতে অগ্ৰণী দেশ ভাৰত; প্ৰত্যাহ্বান নেওচিবলৈ সাজু চৰকাৰঃ মন্তব্য অশ্বিনী বৈষ্ণৱৰ

অশ্বিনী বৈষ্ণৱ

Updated On: 

21 Jan 2026 | 07:05 PM

কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ কৃত্তিম বুদ্ধিমত্তা বা AI সম্পৰ্কে ভাৰতৰ স্থিতি আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰিছে। তেওঁ স্পষ্টকৈ কয় যে ভাৰতে বৰ্তমান এক সম্পূৰ্ণ এআই পৰিৱেশ তন্ত্ৰৰ (Ecosystem) ওপৰত কাম কৰি আছে আৰু এই দৌৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সমকক্ষ। চুইজাৰলেণ্ডৰ ডাভোচত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত (WEF) এক চৰ্চাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (IMF) পৰিচালন সঞ্চালক ক্ৰীষ্টালিনা জৰ্জিভাই দেশসমূহৰ এআই প্ৰস্তুতিৰ এক সূচকাংক প্ৰকাশ কৰিছিল।

এই তালিকাত দেশসমূহক তিনিটা গোটত ভাগ কৰা হৈছিল— যিসকলে নেতৃত্ব দিছে, যিসকলে কেৱল নিৰীক্ষণ কৰিছে আৰু যিসকল এতিয়াও ইয়াৰ বিষয়ে অৱগত নহয়। এই তালিকাত আমেৰিকা, ডেনমাৰ্ক আৰু ছিংগাপুৰ শীৰ্ষত থকাৰ বিপৰীতে ভাৰতক চৌদি আৰৱৰ দৰে উদীয়মান বজাৰৰ সৈতে দ্বিতীয়টো গোটত ৰখা হৈছিল। আইটি খণ্ডত ভাৰতৰ বিনিয়োগক প্ৰশংসা কৰা হৈছিল যদিও দেশখনক শীৰ্ষ গোটত স্থান দিয়া হোৱা নাছিল।

AIৰ ক্ষেত্ৰত ভাৰতৰ শক্তিক কম গণ্য কৰা অনুচিত

IMFৰ এই ৰেংকিঙৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰত দ্বিতীয় গোটত নহয়, বৰঞ্চ প্ৰথম গোটতহে আছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰত AIৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দেশসমূহৰ মাজৰ এতিয়া এক অবিচ্ছেদ্য অংশ আৰু ভাৰতৰ শক্তি কম গণ্য কৰা অনুচিত। ভাৰতৰ ৰণনীতি ব্যাখ্যা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশে একেলগে পাঁচটা প্ৰধান AI আৰ্কিটেকচাৰ লেয়াৰ বা স্তৰত কাম কৰি আছে— এপ্লিকেচন, মডেল, চিপ, আন্তঃগাঁথনি আৰু শক্তি। ভাৰতে এই প্ৰতিটো ক্ষেত্ৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ প্ৰযুক্তি কেৱল বিশাল মডেল নিৰ্মাণৰ পিছত দৌৰা নাই, বৰঞ্চ ব্যৱহাৰিক প্ৰয়োগৰ (Practicality) দিশে গতি কৰিছে। ভাৰতৰ আচল সুবিধা হ’ল AIৰ সঠিক ব্যৱহাৰত। কেৱল ডাঙৰ মডেল প্ৰস্তুতৰ পৰা কোনো লাভ নহয়, যদিহে সেইবোৰ ব্যৱসায়িক আৰু দৈনন্দিন সমস্যা সমাধানত ব্যৱহাৰ কৰিব নোৱাৰি। ভাৰতে বৰ্তমান ২০ৰ পৰা ৫০ বিলিয়ন পেৰামিটাৰযুক্ত ‘ইণ্টেলিজেন্ট মডেল’ৰ এটা বৃহৎ সংহতি বিকশিত কৰিছে, যিবোৰ ইতিমধ্যে কৃষি, স্বাস্থ্য আৰু শিক্ষা খণ্ডত উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰয়োগ কৰা হৈছে।

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ তথ্যৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে আনক অনুকৰণ কৰাৰ পৰিৱৰ্তে AIৰ ক্ষেত্ৰত নিজাকৈ এক স্বতন্ত্ৰ পথ নিৰ্মাণ কৰিছে। AIপ্ৰৱেশৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় আৰু AI প্ৰতিভাৰ (AI Talent) ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। অহা মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এক বৃহৎ AI সন্মিলনত দেশখনে নিজৰ ব্যাপক আৰু সুৰক্ষিত প্ৰযুক্তি প্ৰদৰ্শন কৰিব। ভাৰত এতিয়া আমেৰিকা বা চীনৰ পিছে পিছে আগবঢ়াৰ পৰিৱৰ্তে বিশ্বৰ AI ক্ষেত্ৰত এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

ভাৰতৰ AI ষ্টেকৰ (AI Stack) ৫টা স্তৰ

মন্ত্ৰীগৰাকীয়ে ভাৰতৰ AIপৰিৱেশ তন্ত্ৰৰ ৫টা শক্তিশালী স্তৰৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়-

১) এপ্লিকেচন স্তৰ (Application Layer)

এয়া AI ষ্টেকৰ একেবাৰে ওপৰৰ স্তৰ, যি নাগৰিক আৰু উদ্যোগসমূহৰ একেবাৰে ওচৰত থাকে।

ইয়াৰ লক্ষ্য হৈছে কৃষি, স্বাস্থ্যসেৱা, শিক্ষা, উৎপাদন আৰু প্ৰশাসনৰ দৰে খণ্ডত AIৰ ব্যাপক প্ৰয়োগৰ জৰিয়তে বাস্তৱ জগতত মূল্য সৃষ্টি কৰা।

২) মডেল স্তৰ (Model Layer)

এই স্তৰে AI এপ্লিকেচনসমূহক বুদ্ধিমত্তা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে।

মুকলি উৎসৰ (Open-source) আৰ্হিয়ে খৰচ আৰু প্ৰৱেশৰ বাধা হ্ৰাস কৰিছে।

ভাৰতে নিজৰ ভাষা, সাংস্কৃতিক সুসংগততা আৰু ডাটা সুৰক্ষাৰ বাবে ‘সাৰ্বভৌম মডেল’ (Sovereign Models) বিকশিত কৰাত গুৰুত্ব দিছে।

৩) চিপ/কম্পিউট স্তৰ (Chip/Compute Layer)

AI মডেলৰ প্ৰশিক্ষণৰ বাবে জি পি ইউ (GPU), টি পি ইউ (TPU) আদিৰ প্ৰয়োজন।

ৰাষ্ট্ৰীয় অভিযানৰ অধীনত বিশ্বৰ গড় মূল্যৰ ১/৩ অংশত ৩৮,০০০ তকৈ অধিক জি পি ইউৰ ব্যৱহাৰৰ সুবিধা কৰি দি AI বিকাশৰ গণতন্ত্ৰীকৰণ কৰা হৈছে।

ভাৰতত চিপ নিৰ্মাণৰ বাবে ছেমিকণ্ডাক্টৰ ফেব্ৰিকেটৰ আৰু এটিএমপি (ATMP) ইউনিট স্থাপন কৰা হৈছে।

৪) ডাটা চেণ্টাৰ স্তৰ (Data Center Layer)

এয়া হ’ল ডিজিটেল আন্তঃগাঁথনিৰ মেৰুদণ্ড।

গুগল, মাইক্ৰ’ছফ্ট আৰু আমাজনৰ দৰে বৃহৎ কোম্পানীসমূহৰ পৰা ইতিমধ্যে ৭০ বিলিয়ন ডলাৰৰ বিনিয়োগেৰে ভাৰতৰ ডাটা চেণ্টাৰ ক্ষমতা সম্প্ৰসাৰিত কৰা হৈছে।

ইয়াৰ ফলত ডিজিটেল সাৰ্বভৌমত্ব শক্তিশালী হোৱাৰ লগতে উচ্চ-মূল্যৰ কৰ্মসংস্থাপনো সৃষ্টি হৈছে।

৫) শক্তি স্তৰ (Energy Layer – Shanti Act)

AI আন্তঃগাঁথনিৰ বাবে ২৪ ঘণ্টা নিৰন্তৰ আৰু নিৰ্ভৰযোগ্য শক্তিৰ প্ৰয়োজন।

AI আৰু ডাটা চেণ্টাৰৰ সম্প্ৰসাৰণে বিদ্যুতৰ চাহিদা দ্ৰুত কৰিছে।

নৱীকৰণযোগ্য শক্তিৰ সীমাবদ্ধতাৰ বাবে ভাৰতে পাৰমাণৱিক শক্তিৰ ওপৰত গুৰুত্ব দিছে। ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰু বিদেশী বিনিয়োগৰ জৰিয়তে ক্ষুদ্ৰ মডুলাৰ আৰু মাইক্ৰ’ ৰিয়েক্টৰ ব্যৱহাৰ কৰি পাৰমাণৱিক শক্তিভিত্তিক AI আন্তঃগাঁথনি গঢ়ি তোলা হ’ব।

চকুৰ এনে সমস্যাৰ আঁৰত থাকিব পাৰে ডায়েবেটিছ, অধিক বিপদৰ পূৰ্বেই হওক সাৱধান
মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...