JIO ৰ Calendar Month Validity প্লেন কি ? ইয়াৰ দ্বাৰা সাধাৰণ মানুহ কেনেকৈ উপকৃত হ’ব ?

এই প্লেন প্ৰতিমাহে নিৰ্দিষ্ট তাৰিখলৈকে বৈধ হৈ থাকে। মাহটো যিমান দিনীয়াই নহওক কিয় সিমান দিনলৈকে বৈধ থাকিব এই প্লেন । যদি আপুনি ৫ মাৰ্চত ৰিচাৰ্জ কৰিছে তেন্তে পৰৱৰ্তী ৰিচাৰ্জ ৫ এপ্ৰিলত কৰিব লাগিব।

JIO ৰ Calendar Month Validity প্লেন কি ? ইয়াৰ দ্বাৰা সাধাৰণ মানুহ কেনেকৈ উপকৃত হব ?

Jio Unlimited Data Recharge Plan

Published: 

12 Apr 2025 11:00 AM

Jio য়ে ব্যৱহাৰকাৰীসকলৰ বাবে এক বিশেষ আৰু অনন্য প্ৰিপেইড প্লেন মুকলি কৰিছে। এই প্লেন মাত্ৰ ৩১৯ টকাত পোৱা যায়।এই প্লেনৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ইয়াৰ কেলেণ্ডাৰ মাহৰ বৈধতা। অৰ্থাৎ এই প্লেন প্ৰতিমাহে নিৰ্দিষ্ট তাৰিখলৈকে বৈধ হৈ থাকে। মাহটো যিমান দিনীয়াই নহওক কিয় সিমান দিনলৈকে বৈধ থাকিব এই প্লেন । যদি আপুনি ৫ মাৰ্চত ৰিচাৰ্জ কৰিছে তেন্তে পৰৱৰ্তী ৰিচাৰ্জ ৫ এপ্ৰিলত কৰিব লাগিব। একেদৰে যদি আপুনি ১৫ তাৰিখে ৰিচাৰ্জ কৰে তেন্তে প্ৰতি মাহৰ ১৫ তাৰিখে ৰিচাৰ্জ কৰিব লাগিব।

এই প্লেনৰ সুবিধা

এই প্লেনত আপুনি পোষ্টপেইডৰ দৰে অভিজ্ঞতা পাব। প্ৰিপেইড প্লেন লোৱা ব্যৱহাৰকাৰীসকলেও পোষ্টপেইডৰ সুবিধা উপভোগ কৰিব পাৰে। প্ৰতিমাহে একে তাৰিখত ৰিচাৰ্জ কৰিলে প্লেনৰ বৈধতা উকলি যোৱাৰ কথা মনত ৰখাৰ হেঁচা নাথাকিব । প্ৰতিমাহে একে তাৰিখতে ৰিচাৰ্জ কৰিব লাগিব। যিসকল সদায় ব্যস্ত থাকে বা প্ৰায়ে ৰিচাৰ্জ প্লেনৰ বৈধতা দিন পাহৰি যায় তেওঁলোকৰ বাবে এই প্লেন উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে।

জিঅ’ৰ ৩১৯ টকীয়া প্লেন

এই কেলেণ্ডাৰ মাহৰ প্লেনত আপুনি দৈনিক ১.৫ জিবি ডাটা ব্যৱহাৰ কৰাৰ সুযোগ পাব । ইয়াত হাই স্পীড 5G ডাটা লাভ কৰিব । ইয়াৰ উপৰিও দৈনিক ১০০টা এছএমএছ বিনামূলীয়াকৈ প্লেনত উপলব্ধ। আনলিমিটেড ভইচ কলিংও লাভ কৰিব পাৰিব। কেৱল এয়াই নহয়, মনোৰঞ্জনৰ বাবে JioHotstar ৰ বিনামূলীয়া মোবাইল চাবস্ক্ৰিপচনো পাব। যাৰ বৈধতা হ’ব ৯০ দিন। ষ্ট’ৰেজৰ বাবেও উপলব্ধ 50GB জিঅ’ ক্লাউড।

পত্নীৰ ফটো মানিবেগত ৰাখিব লাগেনে? এনে অভ্যাসৰ বাবে ধনৰ আগমন ঘটে নে ক্ষতি হয় চাওক
খাদ্য বিষক্ৰিয়া হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক চিকিৎসকৰ পৰা...
গৰমৰ দিনত টেঙামৰাৰ পাত বা গুটি কিয় খাব লাগে? ইয়াৰ উপকাৰিতা জানক
সপ্তাহৰ এই বাৰত গাখীৰ উতলি বাগৰি পৰা মানেই অশুভ সংকেত! বাস্তু শাস্ত্ৰই কয় এইদৰে...