Jio ৰ ডাঙৰ অফাৰ, নহয় কোনো অতিৰিক্ত খৰচ, প্ৰদান কৰিছে বিনামূলীয়া Netflix চাবস্ক্ৰিপচন…
যদি আপুনি অতিৰিক্ত ধন নিদিয়াকৈ Netflixত আপোনাৰ প্ৰিয় শ্ব’ আৰু চিনেমা চাব বিচাৰে তেন্তে ৰিলায়েন্স জিঅ’ই আপোনাৰ বাবে এই সুন্দৰ সুযোগ প্ৰদান কৰিছে । সবিশেষ জানক...

প্ৰতীকী ফটো
এতিয়াৰ পৰা বিনামূলীয়া Netflix চাবস্ক্ৰিপচনৰ সুবিধা প্ৰধান কৰিছে ৰিলায়েন্স জিঅ’ই । যদি আপুনি অতিৰিক্ত ধন নিদিয়াকৈ Netflixত আপোনাৰ প্ৰিয় শ্ব’ আৰু চিনেমা চাব বিচাৰে তেন্তে ৰিলায়েন্স জিঅ’ই আপোনাৰ বাবে এই সুন্দৰ সুযোগ প্ৰদান কৰিছে । কিছুমান বিশেষ জিঅ’ প্ৰিপেইড প্লেনৰ সৈতে এতিয়া আপুনি লাভ কৰিব বিনামূলীয়া Netflix চাবস্ক্ৰিপচন।
জিঅ’ৰ এই বিশেষ ৰিচাৰ্জ পেকবোৰত আপুনি একেলগে মোবাইল ৰিচাৰ্জ আৰু নেটফ্লিক্স দুয়োটাৰে সুবিধা লাভ কৰিব। ইয়াৰ লগতে জিঅ’টিভি আৰু জিঅ’ক্লাউডৰ সুবিধাও পাব, অৰ্থাৎ মনোৰঞ্জন আৰু ডাটা ষ্ট’ৰেজ দুয়োটা সুবিধা একেটা ৰিচাৰ্জতে পাব।
৮৪ দিনৰ বৈধতাৰে ১,২৯৯ টকাৰ প্লেন
এই প্লেনত আপুনি প্ৰতিদিনে 2GB ডাটা লাভ কৰিব। মুঠ ডাটা লাভ কৰিব 168GB। ইয়াৰ লগতে এই প্লেনত আপুনি আনলিমিটেড কলিং আৰু প্ৰতিদিনে 100 SMS লাভ কৰিব।
একেদৰে Netflix নেটফ্লিক্স চাবস্ক্ৰিপচন, জিঅ’টিভি আৰু জিঅ’ক্লাউডৰ সুবিধা লাভ কৰিব। যিসকলে দৈনিক এইসমূহ প্লেটফৰ্ম ব্যৱহাৰ কৰে, কিন্তু বেছি ডাটাৰ প্ৰয়োজন নাই তেওঁলোকৰ বাবে এই প্লেন একেবাৰে উপযুক্ত।
৮৪ দিনৰ বৈধতাৰে ১,৭৯৯ টকাৰ প্লেন
এই প্লেনত প্ৰতিদিনে 3GB ডাটা, মুঠ 252GB ডাটা লাভ কৰিব। লগতে অন্যান্য সুবিধাসমূহ, যেনে- আনলিমিটেড কলিং, প্ৰতিদিনে 100 SMS লাভ কৰিব।
ইফালে, এই প্লেনত Netflix, JioTV আৰু JioCloud লাভ কৰিব। যদি আপুনি বহুত ভিডিঅ’ ষ্ট্ৰীমিং, অনলাইন গেমিং, ভিডিঅ’ কলিং বা ডাঙৰ ডাঙৰ ফাইল ডাউনলোড কৰে, তেন্তে এই প্লেন আপোনাৰ বাবে ভাল।
কেনেকৈ পাব অফাৰটো?
MyJio এপ, Jio ৱেবছাইট বা যিকোনো পেমেণ্ট এপৰ পৰা ১,২৯৯ টকা বা ১,৭৯৯ টকাৰ প্লেন ৰিচাৰ্জ কৰক। এবাৰ ৰিচাৰ্জ সক্ৰিয় হ’লে, আপোনাৰ Netflix একাউণ্টটো লিংক কৰক (বা নতুন এটা সৃষ্টি কৰক)। ইয়াৰ পাছতে ইয়াক উপভোগ কৰিব পাৰিব। জিঅ’ৰ আন কিছুমান প্লেনতো JioHotstar আৰু Amazon Prime ৰ দৰে চাবস্ক্ৰিপচন আছে।
Airtelৰ এই প্লেনত OTTৰ সুবিধা আছে
১৮১ টকাৰ প্লেন: এই প্লেনৰ বৈধতা ৩০ দিনৰ, 15GB ডাটা আৰু Airtel Xstream Play মেম্বাৰশ্বিপ, য’ত Sony Liv, Hoichoi, Lionsgate Play, Sun NXT, Chaupal কে ধৰি ২২+ অ’টিটি প্লেটফৰ্মৰ বিনামূলীয়া চাবস্ক্ৰিপচন পাব।
৪৫১ টকীয়া প্লেন: ৩০ দিনৰ বৈধতা, 50GB ডাটা আৰু JioCinema (Hotstar)ৰ বিনামূলীয়া চাবস্ক্ৰিপচন, যাৰ জৰিয়তে ক্ৰিকেট, বলীউড আৰু ৱেব ছিৰিজৰ পৰা সকলো চাব পাৰিব।