গ্ৰাহকলৈ JIO ৰ বিশেষ অফাৰ, ৫০ দিনলৈ বিনামূলীয়া এই সুবিধা, জানক সবিশেষ…

Jio Offer: ৰিলায়েন্স জিঅ'ই গ্ৰাহকৰ বাবে লৈ আহিছে বিশেষ অফাৰ। এই অফাৰৰ অধীনত কোম্পানীটোৱে জিঅ’ ব্যৱহাৰকাৰীসকলক বৃহৎ সুবিধা প্ৰদান কৰি আহিছে।

গ্ৰাহকলৈ JIO ৰ বিশেষ অফাৰ, ৫০ দিনলৈ বিনামূলীয়া এই সুবিধা, জানক সবিশেষ...

জিঅ'

Published: 

15 Apr 2025 | 01:46 PM

আই পি এল ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে মুকেশ আম্বানীৰ কোম্পানী ৰিলায়েন্স জিঅ’ই গ্ৰাহকৰ বাবে জিঅ’ আনলিমিটেড অফাৰ মুকলি কৰিছিল। এই অফাৰৰ অধীনত কোম্পানীটোৱে জিঅ’ ব্যৱহাৰকাৰীসকলক বৃহৎ সুবিধা প্ৰদান কৰি আহিছে। আজি আমি আপোনালোকক জনাম যে মুকেশ আম্বানীৰ পৰা ৫০ দিনৰ বিনামূলীয়া সেৱাৰ সুবিধা কেনেকৈ লাভ কৰিব পাৰে? এই অফাৰ কেতিয়ালৈকে থাকিব আৰু ইয়াৰ অধীনত কি কি সুবিধা থাকিব।

কি কি সুবিধা

জিঅ’ আনলিমিটেড অফাৰৰ সুবিধা ২৯৯ টকা আৰু তাৰ ওপৰৰ সকলো প্লেনৰ সৈতে উপলব্ধ। এই অফাৰৰ অধীনত আনলিমিটেড ৫জি ডাটা, ৯০ দিনৰ বাবে জিঅ’ হটষ্টাৰ প্ৰিমিয়াম আৰু ৫০ দিনৰ বাবে বিনামূলীয়া জিঅ’ ফাইবাৰ/জিঅ’ এয়াৰফাইবাৰ ট্ৰাইল দিয়া হৈছে।

মোবাইল আৰু টিভিত 4K কোৱালিটিৰ সৈতে Jio Hotstar ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও ৫০ দিনৰ বাবে ৮০০ৰো অধিক লাইভ টিভি চেনেল, ১১টাতকৈও অধিক অ’টিটি এপ আৰু আনলিমিটেড ৱাই-ফাইৰ সুবিধা লাভ কৰিব।

কেতিয়ালৈ পাব সুবিধা

ৰিলায়েন্স জিঅ’ৰ অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি আজি (১৫ এপ্ৰিল) এই অফাৰৰ সুবিধা লোৱাৰ অন্তিম দিন। গতিকে আজি এই ৰিচাৰ্জ কৰিলে আপুনি ৫০ দিনৰ বাবে বিনামূলীয়া সুবিধা লাভ কৰিব। এই অফাৰৰ সুবিধা লোৱাৰ আগতে যদি আপুনি অধিক তথ্য বিচাৰে তেন্তে ওচৰৰ Jio ষ্ট’ৰত গৈ অফাৰটোৰ বিষয়ে তথ্য লাভ কৰিব পাৰে।

জিঅ’

যদি আপুনি কোনো কাৰণত এই অফাৰৰ সুবিধা লাভ কৰা নাই তেন্তে আপুনি মাত্ৰ ১০০ টকাত ৯০ দিনৰ বাবে বিনামূলীয়া Jio Hotstar ৰ সুবিধা লাভ কৰিব পাৰিব। মোবাইলৰ লগত টিভিতো এই সুবিধা লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ ১০০০ টকা পৰ্যন্ত পাব ৰেহাই! ৰিলায়েন্স জিঅ’ই লৈ আহিছে নতুন আকৰ্ষণীয় অফাৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...