আপোনাৰ আধাৰ নম্বৰ দুষ্ট চক্ৰই অপব্যৱহাৰ কৰি আছে নেকি? এই সহজ প্ৰক্ৰিয়াৰে জানক সকলো…

Aadhaar Card Safety: বৰ্তমান সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজন অধিক। প্ৰায় সকলো ক্ষেত্ৰত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। গতিকে আধাৰ কাৰ্ডখন সুৰক্ষিতভাৱে ৰখা প্ৰয়োজন। কিন্তু কোনোবাই আপোনাৰ আধাৰ নম্বৰৰ অপব্যৱহাৰ কৰিছে নেকি? অতি সহজ প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াৰ বিষয়ে জানিব পাৰিব।

আপোনাৰ আধাৰ নম্বৰ দুষ্ট চক্ৰই অপব্যৱহাৰ কৰি আছে নেকি? এই সহজ প্ৰক্ৰিয়াৰে জানক সকলো...

প্ৰতীকি ফটো

Updated On: 

24 Apr 2025 16:12 PM

বৰ্তমান সময়ত আধাৰ কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। প্ৰায় সকলো ক্ষেত্ৰতে পৰিচয়ৰ ক্ষেত্ৰত আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। সেয়া লাগিলে বেংক,চিম কাৰ্ড, চৰকাৰী আঁচনি, বিদ্যালয়ত নামভৰ্তিয়ে নহওক কিয়। কিন্তু আজিকালি ডিজিটেলৰ যুগ আৰু দুষ্ট চক্ৰই সহজে আপোনাৰ নথি অপব্যৱহাৰ কৰিব পাৰে। কিন্তু আপোনাৰ আধাৰ নম্বৰ কোনোবাই অপব্যৱহাৰ কৰি থকা বুলি কেনেকৈ গ’ম পাব?  এয়া জানিবলৈ বহুত বেছি একো কৰিব নালাগে। তলত এটা সহজ প্ৰক্ৰিয়াৰ কথা উল্লেখ কৰা হৈছে, যাৰ দ্বাৰা আপুনি গম পাব যে আপোনাৰ আধাৰ নম্বৰ কোনোবাই অপব্যৱহাৰ কৰিছেনে নাই।

আধাৰ এক্টিভিটি

আধাৰ এক্টিভিটি চাবলৈ আপুনি UIDAI ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে। ইয়াত গৈ আপোনাৰ আধাৰ ক’ত কেতিয়া ব্যৱহাৰ কৰা হৈছে চাব পাৰিব। ইয়াক Authentication History বুলি কোৱা হয়।

প্ৰমাণীকৰণ ইতিহাস (Authentication History) কি

যেতিয়া আপুনি আধাৰ কাৰ্ড কে ৱাই চি, চিম কাৰ্ড,বেংক ভেৰিফিকেচন আদিত ব্যৱহাৰ কৰে তেতিয়া ইযাৰ তথ্য UIDA ৰ ৰেকৰ্ডত চেভ হৈ যায়। এই ৰেকৰ্ডটো অনলাইনত চাই আপুনি জানিব পাৰিব যে আপোনাৰ আধাৰ নম্বৰ কোনোবাই ভুলকৈ ব্যৱহাৰ কৰিছে নেকি।

কেনেকৈ পৰীক্ষা কৰিব

  • প্ৰথমে আপুনি UIDAI ৱেবচাইটত গৈ ক্লিক কৰক- https://myaadhaar.uidai.gov.in
  • লগ ইন কৰি নিজৰ আধাৰ নম্বৰ দিয়ক।
  • আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰলৈ এটা অটিপি আহিব।
  • অটিপি ডি লগ ইন কৰক।
  • লগ ইনৰ পাছত Aadhaar Authentication History অপশ্যন চিলেক্ট কৰক।
  • পাছত আপুনি যোৱা ৬ মাহৰ তথ্য চাব পাৰিব।
  • আপোনাৰ স্ত্ৰীণত লিষ্ট এখন আহিব যত আধাৰ কাৰ্ডৰ ব্যৱহাৰৰ বিষয়ে লিখা থাকিব।

যদি আপুনি কোনো ভুল দেখা পাই বা আপোনাৰ আধাৰ নম্বৰ কোনোৱে অপব্যৱহাৰ কৰা বুলি জানিব পাৰে তেন্তে UIDAI ৰ হেল্প লাইনত যোগাযোগ কৰিব পাৰে বা ঘৰৰ ওচৰৰ আধাৰ সেৱা কেন্দ্ৰলৈ যাব পাৰে।

 

 

আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
আহিব দৰিদ্ৰতা! সূৰ্যাস্তৰ পাছত দান নকৰিব এই ৫ বিধ বস্তু...
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...