iPhone prices : এপলে ৬ হাজাৰ টকা পৰ্যন্ত হ্ৰাস কৰিলে আইফোনৰ মূল্য, সবিশেষ পঢ়ক…

iPhone prices : এইবাৰৰ বাজেটত চৰকাৰে বৈদ্যুতিক গেজেটৰ আমদানি শুল্ক ২০ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰিছে । ইয়াৰ লগে লগে আইফোনৰ শেহতীয়া মডেলৰ দাম ৪ শতাংশ হ্ৰাস পাইছে। প্ৰথমবাৰৰ বাবে এপলে তেওঁলোকৰ আইফোনৰ সকলো প্ৰ’ মডেলৰ দাম ৩-৪% হ্ৰাস কৰিছে।

iPhone prices : এপলে ৬ হাজাৰ টকা পৰ্যন্ত হ্ৰাস কৰিলে আইফোনৰ মূল্য, সবিশেষ পঢ়ক...

আইফোনত ৰেহাই

Published: 

27 Jul 2024 20:23 PM

যোৱা ২৩ জুলাই তাৰিখে কেন্দ্ৰীয় মোদী চৰকাৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল কৰা হয় । এইবাৰৰ বাজেটত চৰকাৰে বৈদ্যুতিক গেজেটৰ আমদানি শুল্ক ২০ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰিছে । ইয়াৰ লগে লগে আইফোনৰ শেহতীয়া মডেলৰ দাম ৪ শতাংশ হ্ৰাস পাইছে। প্ৰথমবাৰৰ বাবে এপলে তেওঁলোকৰ আইফোনৰ সকলো প্ৰ’ মডেলৰ দাম ৩-৪% হ্ৰাস কৰিছে।

কোম্পানীটোৱে বাজেটত আমদানি শুল্ক ২০%ৰ পৰা ১৫%লৈ হ্ৰাস কৰাৰ সুবিধা গ্ৰাহকক প্ৰদান কৰিছে । এই কৰ্তন ৩০০ টকাৰ পৰা আৰম্ভ হ’ব । প্ৰ’ বা প্ৰ’ মেক্স মডেল ক্ৰয় কৰিলে ৫১০০ টকাৰ পৰা ৬০০০ টকালৈকে ৰেহাই লাভ কৰিব গ্ৰাহকে । মেড-ইন-ইণ্ডিয়া আইফোন ১৩, ১৪ আৰু ১৫ ৰ মূল্যও ৩ হাজাৰ টকা হ্ৰাস কৰাৰ বিপৰীতে আইফোন এছ ই ২৩০০ টকা সস্তা হৈছে।

সাধাৰণতে এপলে বজাৰত নতুন প্ৰ’ মডেল মুকলি কৰাৰ পাছত পুৰণি মডেলটো বন্ধ কৰি দিয়ে । ডিলাৰ আৰু ৰিচেলাৰসকলে কেৱল পুৰণি প্ৰ’ মডেলতহে ৰেহাই দিয়ে।

ইফালে, ভাৰতত আইফোনৰ বিক্ৰী বৃদ্ধি পোৱাৰ বিপৰীতে চীনত হ্ৰাস পাইছে। ২০২৩-২৪ চনত ভাৰতত এপলৰ বিক্ৰী ৩৩% বৃদ্ধি পাই ৬৭ হাজাৰ কোটি টকা হৈছিল। চলিত বৰ্ষৰ এপ্ৰিল-জুন মাহত কোম্পানীটোৱে অভিলেখ সংখ্যক ৩২ হাজাৰ কোটি টকা ৰপ্তানি কৰিছিল।

চীনত জনপ্ৰিয়তা বজাই ৰাখিবলৈ সংগ্ৰাম কৰি আহিছে এপলৰ আইফোনে । খুচুৰা বিক্ৰেতাসকলে বৃহৎ ৰেহাই দিয়াৰ পাছতো চীনত আইফোনৰ বিক্ৰী হ্ৰাস পাইছে। এতিয়া চীনৰ শীৰ্ষ ৫ স্মাৰ্টফোনৰ তালিকাৰ পৰা বাহিৰ হৈছে আইফোন।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব