ফেচবুকৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? জানক মনিটাইজৰ পদ্ধতি…

Facebook monetized: আজিকালি বিভিন্নজনে ফেচবুকৰ দ্বাৰা টকা উপাৰ্জন কৰে। কিন্তু বহুতে ইয়াৰ পদ্ধতি নাজানে। কেৱল ফলোৱাৰ থাকিলেই নহয়, কিছুমান চৰ্ত পূৰণ কৰি আপুনি ফেচবুকৰ দ্বাৰা টকা উপাৰ্জন কৰিব পাৰে।

ফেচবুকৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? জানক মনিটাইজৰ পদ্ধতি...

Facebook

Published: 

09 Jul 2025 | 07:47 PM

আজিকালি প্ৰায়ভাগ মানুহে ফেচবুক ব্যৱহাৰ কৰে। ই এতিয়া কেৱল মনোৰঞ্জনৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই,  এতিয়া একাংশৰ বাবে উপাৰ্জনৰ উৎস হৈ পৰিছে। যদি আপোনাৰ ভাল কন্টেন্ট আছে আৰু যথেষ্ঠ সংখ্যক ফলোৱাৰ আছে তেন্তে আপুনিও ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব পাৰে। কিন্তু বহুতে নাজানে ফেচবুকৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি। বহুতে প্ৰশ্ন কৰে যে কেৱল ১০০০০ ফ’ল’ৱাৰ থাকিলেহে টকা পায় নেকি?

গতিকে ফেচবুক মনিটাইজ কেনেকৈ কৰে, কি কি চৰ্ত পূৰণ কৰিব লাগিব এই সকলোবোৰ এই লেখাটোত উল্লেখ কৰা হ’ল-

ফেচবুক মনিটাইজ কি?

ফেচবুক মনিটাইজেশ্যন মানে ফেচবুকত আপুনি পোষ্ট কৰা কন্টেন্ট যেনে ভিডিঅ’, ৰিল, লাইভ, পোষ্ট আদিৰ বাবে ফেচবুকে আপোনাক ধন দিয়ে। অৱশ্যে টকা উপাৰ্জন কৰিবলৈ ফেচবুকৰ কিছুমান চৰ্ত আৰু নিয়ম পালন কৰিব লাগিব।

এতিয়া প্ৰশ্ন হয় যে আপোনাৰ ওচৰত ১০০০০ ফলোৱাৰ থাকিল টকা লাভ কৰিব নেকি? কেৱল ১০০০০ ফলোৱাৰ থকাটোৱেই উপাৰ্জনৰ বাবে যথেষ্ট নহয়। টকা পাবলৈ কিছুমান চৰ্ত মানিব লাগিব।

ফেচবুকৰ মনিটাইজেশ্যনৰ বাবে প্ৰয়োজনীয় চৰ্ত

যদি আপুনি ১০ হাজাৰ ফলোৱাৰ বা  ৬ লাখ মিনিট ভিউজৰ ভিডিঅ’ কন্টেন্টৰ পৰা (in-stream ads) উপাৰ্জন কৰিব বিচাৰে, তেন্তে আপোনাৰ ভিডিঅ’টো যোৱা ৬০ দিনত মুঠ ৬ লাখ মিনিটৰ ভিউ হোৱা প্ৰয়োজন বা আপোনাৰ পেজত ১০,০০০ ফলোৱাৰ থাকিব লাগিব।

ইয়াৰোপৰি কমেও ৫ টা এক্টিভ ভিডিঅ’ আপলোড কৰিব লাগিব। ৩০ দিনত এই ভিডিঅ’বোৰ পেজত এক্টিভ হৈ থাকিব লাগিব। কমেও ৬০,০০০ মিনিট চোৱাৰ সময় থাকিব লাগিব, যি পাব্লিক ভিডিঅ’ত হ’ব লাগিব। ইয়াত লাইভ ভিডিঅ’ অন্তৰ্ভুক্ত। Facebook Partner Monetization Policies আৰু Community Standards অনুসৰণ কৰাটো প্ৰয়োজনীয়। আপোনাৰ বিষয়বস্তু মৌলিক হ’ব লাগিব। কপি-পেষ্টিং বা আনৰ ভিডিঅ’ৰ দ্বাৰা মনিটাইজ নহ’ব।

ফেচবুকৰ পৰা টকা উপাৰ্জনৰ উপায়

  1. In-Stream Ads: যেতিয়া আপুনি ৩ মিনিট বা তাতকৈ অধিক সময়ৰ দীঘলীয়া ভিডিঅ’ আপলোড কৰে, তেতিয়া ফেচবুকে আপোনাৰ ভিডিঅ’ৰ মাজত বিজ্ঞাপন চলায়। সেই বিজ্ঞাপনবোৰ যিমানেই মানুহে চায় সিমানেই টকা পাব।
  2. ৰিল বোনাছ প্ৰগ্ৰেম: ফেচবুকে কেতিয়াবা ভাল ৰিল বনোৱাক ৰিলত বোনাছ দিয়ে। বৰ্তমান ই কেৱল কিছুমান দেশতহে উপলব্ধ।
  3. অনুৰাগীৰ চাবস্ক্ৰিপচন: যদি আপোনাৰ অনুগামীৰ সংখ্যা ভাল হয়, তেন্তে আপুনি এটা চাবস্ক্ৰিপচন সক্ৰিয় কৰিব পাৰে।
  4. ষ্টাৰ: আপুনি লাইভত গ’লে অনুৰাগীয়ে আপোনাক ফেচবুক ষ্টাৰ পঠায়। প্ৰতিটো ষ্টাৰৰ দাম থাকে আৰু পিছত আপুনি সেইবোৰক টকালৈ ৰূপান্তৰিত কৰিব পাৰে।
  5. আপুনি এফিলিয়েট মাৰ্কেটিং আৰু ব্ৰেণ্ড ডিল ল’ব পাৰে। ব্ৰেণ্ডৰ সামগ্ৰীৰ প্ৰচাৰ কৰি ফেচবুকৰ পৰাও টকা উপাৰ্জন কৰিব পাৰিব। এই ধন ব্ৰেণ্ডৰ পৰা পোৱা যায়, পোনপটীয়াকৈ ফেচবুকৰ পৰা নহয়।

 

অন্য খবৰ পঢ়কঃ ভাৰতনেট! ষ্টাৰলিংক অহাৰ পূৰ্বে ভাৰতৰ ইন্টাৰনেট সেৱাৰ নতুন বিপ্লৱ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব