WhatsApp Chat কেনেকৈ লুকুৱাই ৰাখিব পাৰি ? জানক

আপোনাৰ হোৱাটছএপত এটা ফিচাৰ আছে যাৰ সহায়ত আপোনাৰ ব্যক্তিগত 'Chat' বোৰ লুকুৱাই ৰাখিব পাৰে । ইয়াৰ পিছত আপোনাৰ 'Chat' কোনেও চাব নোৱাৰিব। জানক এই ফিচাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে।

WhatsApp Chat কেনেকৈ লুকুৱাই ৰাখিব পাৰি ? জানক

হোৱাটছএপ

Updated On: 

24 Dec 2024 17:20 PM

হোৱাটছএপৰ পৰা আপোনাৰ কিছুমান ‘Chat’ লুকুৱাব বিচাৰে নেকি ? গতিকে এই কামটো কৰিব বিচাৰে, তেন্তে আপুনি সহজেই কৰিব পাৰে। আপোনাৰ হোৱাটছএপত এটা ফিচাৰ আছে যাৰ সহায়ত আপোনাৰ ব্যক্তিগত ‘Chat’ বোৰ লুকুৱাই ৰাখিব পাৰে । ইয়াৰ পিছত আপোনাৰ ‘Chat’ কোনেও চাব নোৱাৰিব। বহু সময়ত পৰিয়াল, বন্ধু বা সংগীয়ে ফটো আৰু ভিডিঅ’ ক্লিক পঠিয়াবলৈ ফোন বিচাৰে। সেই সময়ত আপোনাৰ গোপনীয়তা প্ৰকাশ পাব পাৰে ।

হোৱাটছএপৰ Chat Lock ফিচাৰ

হোৱাটছএপৰ এই ফিচাৰৰ মূল কাম হৈছে ব্যক্তিগত Chat লক কৰা। যদি ফোনটো আন কাৰোবাৰ হাতত আৰু আপোনাৰ পৰা আঁতৰত থাকে তেন্তে কোনেও এই Chat টো খুলিব নোৱাৰিব । জানক এই ফিচাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে।

  • যদি আপুনি WhatsApp chat লুকুৱাব বিচাৰে তেন্তে এই প্ৰক্ৰিয়া অনুসৰণ কৰক। ইয়াৰ বাবে সেই chat টোত দীঘলীয়াকৈ টিপক। Chat নিৰ্বাচন কৰাৰ পিছত ওপৰৰ ৰাইড চাইডত থকা তিনিটা বিন্দুত ক্লিক কৰক।
  • ইয়াৰ পিছত Lock Chat বিকল্পত ক্লিক কৰক। এই বিকল্পলৈ যোৱাৰ পিছত নিশ্চিত কৰক। ফোনটোত হয় ফিংগাৰপ্ৰিণ্ট লক আছে নহয় পিন লক আছে। লগতে সেই WhatsApp chat on lock ছেট কৰক। আপুনি বিভিন্ন পাছৱৰ্ড ৰাখিব পাৰে।
  • আপুনি নিশ্চিত কৰাৰ লগে লগে Chat টো পোনপটীয়াকৈ লক কৰা Chat ফোল্ডাৰলৈ যাব। ই কেৱল আপোনাৰ ফোনটোৰ পিন বা ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ সহায়ত খোল খাব।
  • মনত ৰাখিব যে যদি আন কোনোবাই আপোনাৰ ফোনটোৰ পিন বা আৰ্হি জানে, তেন্তে আপুনি লক কৰা Chat ৰ বাবে এটা গোপন ক’ড তৈয়াৰ কৰিব পাৰে। এই গোপন ক’ডটো নিদিয়াকৈ কোনেও এই ফোল্ডাৰত প্ৰৱেশ কৰিব নোৱাৰিব।
  • গোপন ক’ডৰ বাহিৰেও আপুনি আপোনাৰ লক কৰা Chatৰ ফোল্ডাৰটো Chat তালিকাৰ পৰা অদৃশ্য কৰি তুলিব পাৰে। ফোল্ডাৰ আৰু Chat লুকুৱাই ৰখাৰ পিছত লক কৰা Chatটোত সন্ধান কৰিবলৈ আপুনি সন্ধান বাৰত আপোনাৰ গোপন ক’ড দিব লাগিব। আপুনি গোপন ক’ডটো দিয়াৰ লগে লগে লক কৰা Chat ৰ ফোল্ডাৰটো দেখা যাব।
দেহৰ গাঁঠিৰ বিষৰ সমস্যাত সকাহ দিব পাৰে এই ৭বিধ খাদ্যই, চাই লওক এতিয়াই
শক্তিশালী হ'বলৈ খাওক নহৰু, দুই ফুটা নহৰুৱে দূৰ কৰিব সকলো সমস্যা!
বয়সৰ চাপ হ্ৰাস কৰে ফুলকবিয়ে! জানক কি কি ৰোগৰ বাবে উপকাৰী এইবিধ পাচলি
মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...