WhatsApp ৰ জৰিয়তে কেনেকৈ HD ফটো প্ৰেৰণ কৰিব পাৰি ? জানক ইয়াৰ উপায়…

হোৱাটছএপত ডিফল্ট ছেটিং আছে। ষ্ট’ৰেজ ৰাহি কৰাৰ লগতে ইণ্টাৰনেটৰ ডাটা ব্যৱহাৰ হ্ৰাস কৰিবলৈ এই ছেটিং কৰা হয়। কিন্তু যেতিয়া আমি ভাল মানৰ ফটো পঠাওঁ, এই চেটিঙৰ বাবে ফটোৰ মানদণ্ড কমি যায় । HD ত ফটো পঠাবৰ বাবে এই উপায় গ্ৰহণ কৰিব পাৰে ।

WhatsApp ৰ জৰিয়তে কেনেকৈ HD ফটো প্ৰেৰণ কৰিব পাৰি ? জানক ইয়াৰ উপায়...

হোৱাটছএপ

Published: 

04 Dec 2024 | 07:46 AM

বৰ্তমান সময়ত তথ্য আদন প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য মাধ্যম হিচাপে পৰিগণিত হৈছে হোৱাটছএপ । হোৱাটছএপ বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্মৰ ভিতৰত অন্যতম। ইয়াৰ জৰিয়তে ইজনে সিজনক ফটো, ভিডিঅ’ আৰু ফাইল প্ৰেৰণ কৰিব পাৰে । কিন্তু আমি যেতিয়া আমাৰ পৰিয়াল বা বন্ধু-বান্ধৱীলৈ হোৱাটছএপৰ জৰিয়তে ফটো পঠাওঁ তেতিয়া আমি লক্ষ্য় কৰোঁ যে, ফটোৰ মানদণ্ড বহু পৰিমাণে নিম্ন হয় । গতিকে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে হোৱাটছএপত কেনেকৈ HD ত ফটো প্ৰেৰণ কৰিব পাৰি, তাৰ এক সহজ উপায় জনোঁ আহক ।

হোৱাটছএপত ডিফল্ট ছেটিং আছে। ষ্ট’ৰেজ ৰাহি কৰাৰ লগতে ইণ্টাৰনেটৰ ডাটা ব্যৱহাৰ হ্ৰাস কৰিবলৈ এই ছেটিং কৰা হয়। কিন্তু যেতিয়া আমি ভাল মানৰ ফটো পঠাওঁ, এই চেটিঙৰ বাবে ফটোৰ মানদণ্ড কমি যায় । HD ত ফটো পঠাবৰ বাবে এই উপায় গ্ৰহণ কৰিব পাৰে ।

হোৱাটছএপত কেনেকৈ HD ফটো প্ৰেৰণ কৰিব পাৰি

  • হোৱাটছএপত HD ত ফটো পঠোৱাৰ পদ্ধতি অতি সহজ, মাত্ৰ এই ষ্টেপবোৰ অনুসৰণ কৰক।
  • আপুনি HD ফটোখন পঠাব বিচৰা ব্যক্তি বা গোটৰ সৈতে চাটটো খুলিব।
  • এতিয়া সংলগ্ন আইকনলৈ গৈ আপোনাৰ ফোনটোৰ গেলেৰীৰ পৰা এখন ফটো নিৰ্বাচন কৰক।
  • যেতিয়া আপুনি ফটোখন নিৰ্বাচন কৰিব, তেতিয়া আপুনি এটা HD বিকল্প দেখিব, ইয়াক নিৰ্বাচন কৰক।
  • HD বিকল্প নিৰ্বাচন কৰাৰ পিছত হাই-ডেফিনিশ্যন ফটো শ্বেয়াৰিং সক্ৰিয় হ’ব আৰু উন্নত মানৰ ফটো প্ৰেৰণ কৰিব পাৰিব।

যেতিয়া আপুনি এখন HD ফটো পঠায়, তেতিয়া ইয়াৰ লেবেল HD কৰা হয়। WhatsApp ৰ জৰিয়তে ফটো শ্বেয়াৰ কৰিলে HD বাছনি কৰাৰ বিকল্প পোৱা যায়। ইয়াৰ দ্বাৰা হাই-ডেফিনিশ্যন ফটো শ্বেয়াৰ কৰিব পাৰিব । যদি ইণ্টাৰনেট লেহেমীয়া বা ডাটা সংৰক্ষণ কৰিব বিচাৰে, তেন্তে আপুনি ফটোখনৰ মানদণ্ড বাছি ল’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব