Aadhaar Card: হঠাতে আধাৰ কাৰ্ড হেৰুৱালে কি কৰিব? জানক সমগ্ৰ প্ৰক্ৰিয়া…

Aadhaar Card: আজিকালি প্ৰায় সকলো চৰকাৰী কামতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হয়। কিন্তু কেতিয়াবা কিছুমানৰ আধাৰ কাৰ্ড হেৰাই যায় বা চুৰি হয়। যদি আপোনাৰো এনে হয় তেন্তে আপুনি কি কৰিব? ইয়াৰ বিষয়ে জনা দৰকাৰ।

Aadhaar Card: হঠাতে আধাৰ কাৰ্ড হেৰুৱালে কি কৰিব? জানক সমগ্ৰ প্ৰক্ৰিয়া...

আধাৰ কাৰ্ড

Updated On: 

24 Nov 2025 | 11:26 AM

বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ নথি আধাৰ কাৰ্ড। যিকোনো চৰকাৰী কামতে আধাৰ কাৰ্ডৰ প্ৰয়োজন। বেংক একাউন্টৰ পৰা আৰম্ভ কৰি পেন কাৰ্ডত মোবাইল নম্বৰ লিংক কৰালৈকে সকলোকে আধাৰ কাৰ্ডৰ প্ৰয়োজন। সেয়ে আধাৰ কাৰ্ড অতি গুৰুত্বপূৰ্ণ। বৰ্তমান দেশৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত SIR চলি আছে। SIR ত আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰা নহয়, কিন্তু পৰিচয় প্ৰমাণ হিচাপে গ্ৰহণ কৰা হয়। এনে পৰিস্থিতিত আপোনাৰ আধাৰ কাৰ্ড যদি হেৰাই যায় তেতিয়া আপুনি কি কৰিব?

যদি এনে হয় তেন্তে চিন্তাৰ কাৰণ নাই। কিয়নো আধাৰ কাৰ্ডৰ সবিশেষ অনলাইন বা অফলাইন উলিয়াব পাৰিব। আধাৰ নিয়ন্ত্ৰক সংস্থা (UIDAI) ই এই সুবিধা প্ৰদান কৰে। কিন্তু ইয়াৰ বাবে আপুনি প্ৰথমে আৰক্ষী থানালৈ গৈ বা অনলাইন এজাহাৰ দাখিল কৰিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ড হেৰাই যায় বা চুৰি হয় তেন্তে এই FIR য়ে আপোনাক আইনী সুৰক্ষা প্ৰদান কৰিব।

অনলাইন কেনেকৈ পাব

  • UIDAI ৱেবছাইটৰ পৰা “Retrieve UID/EID” service ত ক্লিক কৰি আধাৰ নম্বৰ উলিয়াব পাৰিব।
  •  আপুনি প্ৰথমে https://myadhaar.uidai.gov.in/retrieve-eid-uid- ত ক্লিক কৰিব লাগিব।
  • পাছত আপুনি আধাৰ নম্বৰ নে Enrollment ID জানিব বিচাৰে সেয়া নিৰ্বাচন কৰক।
  • আধাৰ কাৰ্ডত থকা অনুসৰি নামটো লিখক।
  • আপোনাৰ পঞ্জীয়নভুক্ত ফোন নম্বৰ বা ইমেইল আইডি দিয়ক।
  • পাছত ফোনত এটা অটিপি আহিব। সেই অটিপিটো দিয়ক।
  • ইয়াৰ পাছতেই আপুনি পঞ্জীয়নভুক্ত মোবাইল নম্বৰত এছএমএছৰ জৰিয়তে আধাৰ নম্বৰ বা আইআইডি লাভ কৰিব।

যদি আপোনাৰ ফোন নম্বৰ আধাৰ কাৰ্ডৰ সৈতে লিংক নহয় তেন্তে কি কৰিব?

  • যদি ফোন নম্বৰ লিংক নাই তেন্তে অফলাইন ব্লক কৰিব পাৰিব।
  • ইয়াৰ বাবে আধাৰ Enrollment চেন্টাৰ যাব লাগিব।
  • ইয়াৰোপৰি UIDAIৰ টোলফ্ৰী নম্বৰ 1947 ত ফোন কৰি আধাৰ কাৰ্ডৰ বিষয়ে জানিব পাৰিব।

 

অন্য খবৰ পঢ়কঃ ATMৰ পৰা টকা উলিওৱাৰ পাছত আপুনিও বাৰে বাৰে ‘Cancel’ বুটামটো টিপে নেকি? কি হয় এনে কৰিলে, জানক…

ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
দৈনিক ৰঙা চাহ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পাৰে? জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি