মোবাইল চাৰ্জিঙত কিমান খৰচ হয় বিজুলী! স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰাৰ সময়ত আপুনিও ভাবেনে এই কথা?
বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰায়ে মানুহৰ মনত এক বিশেষ চিন্তাৰ উদ্ৰেক হোৱা দেখা যায়। এই চিন্তা হয় মোবাইল ফোনৰ চাৰ্জিঙক লৈ। স্মাৰ্টফোন চাৰ্জ কৰিলে বিদ্যুতৰ বিল বেছি হয় নেকি, এই প্ৰশ্ন বহু লোকৰ মনলৈ আহে।

প্ৰতিনিধিত্বমূলক ছবি
স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে ৰাজ্যত যথেষ্ট ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিদ্যুতৰ বাবে অধিক ধন খৰচ কৰিবলগা হোৱা বুলি অভিযোগ তুলিছিল ৰাজ্যৰ বহু বিদ্যুৎ উপভোক্তাই। এনে পৰিস্থিতিত এতিয়া বিদ্যুৎ ৰাহি কৰাৰ বাবে অধিকাংশ গ্ৰাহকেই গুৰুত্ব দিবলৈ বাধ্য হৈ পৰিছে। বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰায়ে মানুহৰ মনত এক বিশেষ চিন্তাৰ উদ্ৰেক হোৱা দেখা যায়। এই চিন্তা হয় মোবাইল ফোনৰ চাৰ্জিঙক লৈ। স্মাৰ্টফোন চাৰ্জ কৰিলে বিদ্যুতৰ বিল বেছি হয় নেকি, এই প্ৰশ্ন বহু লোকৰ মনলৈ আহে।
অৱশ্যে এই প্ৰশ্নৰ উত্তৰত পোনচাটেই নহয় বুলি ক’ব পাৰি। ফোন চাৰ্জিঙত অত্যন্ত কম বিদ্যুৎ খৰচ হয়। জানো আহক প্ৰতিদিনে ফোন চাৰ্জ কৰিলে কিমান পৰিমাণৰ বিদ্যুৎ খৰচ হয় আৰু ইয়াৰ ফলত গোটেই মাহ বা বছৰৰ বিদ্যুতৰ বিলত কিমান প্ৰভাৱ পৰে-
সাধাৰণতে ফোন চাৰ্জাৰৰ শক্তি ৫ৰ পৰা ২০ ৱাটৰ ভিতৰত থাকে। সাধাৰণ চাৰ্জাৰ প্ৰায় ৫ ৱাটৰ হয়। ফাষ্ট চাৰ্জাৰ ১৮-২০ ৱাট বা তাতকৈ অধিক হ’ব পাৰে। এটা ফোন সম্পূৰ্ণ চাৰ্জ হ’বলৈ প্ৰায় ১ৰ পৰা ২ ঘণ্টা সময় লাগে। অৱশ্যে এয়া ফোন আৰু চাৰ্জাৰৰ মডেলৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া প্ৰশ্ন উত্থাপন হয়, এটা মোবাইলৰ চাৰ্জৰ বাবে কিমান বিদ্যুতৰ প্ৰয়োজন?
ধৰি লওক আপুনি ১০ ৱাটৰ চাৰ্জাৰ ব্যৱহাৰ কৰি ২ ঘণ্টাত ফোনটো চাৰ্জ কৰে। অৰ্থাৎ ফোনটো এবাৰ চাৰ্জ কৰিবলৈ মাত্ৰ ০.০২ ইউনিট বিদ্যুতৰ প্ৰয়োজন হয়। যদি আপুনি আপোনাৰ ফোনটো প্ৰতিদিনে এবাৰ চাৰ্জ কৰে, তেতিয়া বছৰি প্ৰায় ৭ৰ পৰা ১০ ইউনিট ব্যৱহাৰ কৰা হয়। যদি বিদ্যুতৰ হাৰ প্ৰতি ইউনিটত ৭ টকা হয়, তেতিয়া এবছৰত চাৰ্জিঙৰ খৰচ ৭০ টকা পৰ্যন্ত হ’ব।
কিন্তু এই খৰচ ইউনিটৰ খৰচৰ ওপৰত নিৰ্ভৰ কৰে। বহুসময়ত দেখা যায়, ফোনৰ চাৰ্জিং সম্পূৰ্ণ হোৱাৰ পিছতো বহু লোকে চাৰ্জাৰৰ প্লাগ অন কৰি ৰাখে। ইয়াৰ ফলত সামান্য হ’লেও বিদ্যুৎ খৰচ হয়। এক কথাত ইয়াৰ ফলত বিদ্যুতৰ অপচয় হয়। সাধাৰণতে এই পৰিমাণ মাত্ৰ কেইৱাটমানহে হয় যদিও সদায়ে এনে হ’লে খৰচৰ পৰিমাণ বাঢ়ি যায়।
সেয়ে বিদ্যুতৰ বিল বৃদ্ধিৰ পৰা হাত সাৰিবলৈ ফোনটোৰ চাৰ্জ সম্পূৰ্ণ হোৱাৰ পিছত প্লাগৰ পৰা চাৰ্জাৰ আঁতৰাই থ’ব লাগে। পুৰণি চাৰ্জাৰৰ পৰিৱৰ্তে নতুন আৰু অধিক কাৰ্যক্ষম চাৰ্জাৰ ব্যৱহাৰ কৰিলে বিদ্যুতৰ খৰচৰ পৰিমাণ অধিক হ্ৰাস পাব পাৰে।