সঞ্চাৰ সাথী এপটো কিমান গুৰুত্বপূৰ্ণ? ই কেনেদৰে কাম কৰে, জানক সবিশেষ

সঞ্চাৰ সাথী এপটো হৈছে চাইবাৰ সুৰক্ষাৰ বাবে। ২০২৩ চনত প্ৰথমবাৰৰ বাবে ইয়াক ৱেব পৰ্টেল হিচাপে মুকলি কৰা হৈছিল। ইয়াৰ উদ্দেশ্য নাগৰিকসকলক মোবাইল সম্পৰ্কীয় চাইবাৰ আক্ৰমণ আৰু ডিভাইচ সম্পৰ্কীয় সুৰক্ষা প্ৰদান কৰা।

সঞ্চাৰ সাথী এপটো কিমান গুৰুত্বপূৰ্ণ? ই কেনেদৰে কাম কৰে, জানক সবিশেষ
Published: 

02 Dec 2025 18:26 PM

মোবাইল ফোনত “সঞ্চাৰ সাথী” এপটো বাধ্যতামূলকভাৱে প্ৰি-ইনষ্টল কৰাক লৈ বিৰোধীৰ মাজত হুলস্থুলৰ পিছতে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই স্পষ্টীকৰণ জাৰি কৰিছে। এপটোক লৈ সৃষ্টি হোৱা বিভ্ৰান্তি দূৰ কৰি সিন্ধিয়াই কয় যে, সঞ্চাৰ সাথী এপটোক লৈ বিৰোধীয়ে মানুহক বিপথে পৰিচালিত কৰিছে। ই সম্পূৰ্ণ অপচনেল। মোবাইল ফোনত থাকিব নে নাথাকিব সেয়া ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰশীল। সঞ্চাৰ সাথী এপ ইনষ্টল কৰাৰ নিৰ্দেশক গোপনীয়তা উলংঘা আৰু চৰকাৰৰ চোৰাংচোৱাগিৰিৰ চেষ্টা বুলি অভিহিত কৰিছিল বিৰোধীয়ে। দূৰসংযোগ মন্ত্ৰালয়ক আক্ৰমণ কৰি বিৰোধীয়ে আনকি ইয়াক চোৰাংচোৱা চফট্ ৱেৰ পেগাছাছৰ নতুন সংস্কৰণ বুলিও অভিহিত কৰে।

যদিও বিৰোধীৰ আন্দোলনৰ পিছত সঞ্চাৰ সাথী মোবাইল এপটোৰ বাধ্যতামূলক ব্যৱহাৰ স্থগিত ৰখা হৈছে, তথাপিও ইয়াক কিয় প্ৰৱৰ্তন কৰা হ’ল সেয়া বুজাটো গুৰুত্বপূৰ্ণ। চৰকাৰে যুক্তি দিছে যে সঞ্চাৰ সাথী এপটো মোবাইল ডিভাইচত প্ৰি-ইনষ্টল কৰিলে চাইবাৰ অপৰাধ আৰু জালিয়াতি ৰোধ কৰাত সহায়ক হ’ব।

প্ৰশ্ন : চৰকাৰে মুকলি কৰা “সঞ্চাৰ সাথী এপ” কি? উত্তৰঃ সঞ্চাৰ সাথী এপ এটা চাইবাৰ সুৰক্ষাৰ আহিলা। ২০২৩ চনত প্ৰথমবাৰৰ বাবে ইয়াক ৱেব পৰ্টেল হিচাপে আৰম্ভ কৰা হৈছিল।ইয়াৰ উদ্দেশ্য আছিল নাগৰিকসকলক মোবাইল সম্পৰ্কীয় চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰা আৰু ডিভাইচ সুৰক্ষা প্ৰদান কৰা। ইয়াৰ উপযোগিতাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ২০২৫ চনৰ জানুৱাৰী মাহত এটা মোবাইল এপ মুকলি কৰিছিল। এই এপটো এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটা অপাৰেটিং চিষ্টেমতে উপলব্ধ আৰু সম্পূৰ্ণ বিনামূলীয়া।

প্ৰশ্ন : সঞ্চাৰ সাথী এপটোৱে কেনেধৰণৰ সহায় আগবঢ়াইছে? উত্তৰঃ ২০২৫ চনৰ ১৭ জানুৱাৰীত মুকলি কৰা চৰকাৰে প্ৰস্তুত কৰা এটা চাইবাৰ সুৰক্ষাৰ আহিলা হৈছে সঞ্চাৰ সাথী এপ। এতিয়ালৈকে ৫ কোটিতকৈ অধিক লোকে এই এপটো ডাউনলোড কৰিছে। তদুপৰি, এপটোৰ সহায়ত ৭ লাখৰো অধিক চুৰি বা হেৰুৱা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে। তদুপৰি এই এপটোৰ জৰিয়তে ৩ কোটিৰো অধিক প্ৰৱঞ্চনামূলক মোবাইল সংযোগ নিষ্ক্ৰিয় কৰা হৈছে। একেদৰে সঞ্চাৰ সাথী এপৰ জৰিয়তে ৩৭ লাখৰো অধিক চুৰি ডিভাইচ ব্লক কৰা হৈছে।

প্ৰশ্ন : চুৰি বা হেৰুৱা মোবাইল ফোন কেনেকৈ ব্লক আৰু ট্ৰেচ কৰিব? উত্তৰঃ যদি আপোনাৰ মোবাইল ফোন হেৰাই যায় বা চুৰি হয় তেন্তে এই এপটোৱে সহায় কৰিব পাৰে। এই এপটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ ফোনটোৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ দ্ৰুতভাৱে ব্লক কৰিব পাৰে। যদি আন কোনোবাই তেওঁলোকৰ চিম কাৰ্ড ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে তেন্তে এপটোৱে তেওঁলোকৰ নেটৱৰ্কৰ তথ্য অনুসৰণ কৰি আপোনাক অৱগত কৰিব। এবাৰ আপোনাৰ ফোনটো ঘূৰাই পালে একেটা এপ ব্যৱহাৰ কৰি আনব্লক কৰাটোও সহজ হৈ পৰে। সমগ্ৰ প্ৰক্ৰিয়াটো ফোনটোৰ IMEI নম্বৰৰ ওপৰত ভিত্তি কৰি কৰা হয়।

প্ৰশ্ন : নিজৰ নামত কিমান মোবাইল নম্বৰ পঞ্জীয়ন কৰা হৈছে তাক কেনেকৈ জানিব পাৰিম? উত্তৰঃ এই এপটোৱে আপোনাৰ আধাৰ/আইডি ব্যৱহাৰ কৰি জাৰি কৰা সকলো মোবাইল সংযোগৰ এক ক্লিক তালিকা প্ৰদান কৰে। ইয়াৰ দ্বাৰা আপুনি সহজেই নিৰ্ণয় কৰিব পাৰে যে কোনো অচিনাকি বা প্ৰৱঞ্চনামূলক মোবাইল নম্বৰে আপোনাৰ পৰিচয় ব্যৱহাৰ কৰিছে নে নাই। যদি আপুনি এনে এটা নম্বৰ পায় তেন্তে এই এপটোৰ জৰিয়তে পোনপটীয়াকৈ ব্লক কৰিবলৈ অনুৰোধ কৰিব পাৰে।

প্ৰশ্ন : ভুৱা কল, মেছেজ, আৰু হোৱাটছএপ কেলেংকাৰীৰ ৰিপৰ্ট দিয়া। উত্তৰঃ এই এপটোত এনে এটা বৈশিষ্ট্যও আছে যাৰ সহায়ত স্পেম বা প্ৰৱঞ্চনামূলক কল, এছএমএছ, আৰু হোৱাটছএপ মেছেজ তৎক্ষণাত ৰিপৰ্ট কৰিব পাৰি। ইয়াৰ উপৰিও বেংকৰ কে ৱাই চি জালিয়াতি, বিদ্যুৎ বা গেছৰ বিল জালিয়াতি, বীমা বা বিনিয়োগ কেলেংকাৰী, চৰকাৰী কৰ্মচাৰীৰ ৰূপ লৈ জালিয়াতিৰ দৰে গোচৰৰ ৰিপৰ্ট দিব পাৰে। মন কৰিব যে ইয়াত চাইবাৰ অপৰাধৰ বাবে এফআইআৰ বা চৰকাৰী অভিযোগ দাখিল কৰা নহয়। যিকোনো ধৰণৰ চাইবাৰ অপৰাধৰ ৰিপৰ্ট দিবলৈ আপুনি এতিয়াও চৰকাৰী পৰ্টেল cybercrime.gov.in চাব লাগিব।

বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
এসপ্তাহ নিমখ কমকৈ খালে শৰীৰত কি কি পৰিৱৰ্তন দেখিব? জানি হ'ব আচৰিত!
দৰিদ্ৰতা অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই ৩ সংকেত...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী