Google Walk Mode: গুগল মেপ চাওতে বিভ্ৰান্ত হয় নেকি আপুনি? এই উপায়েৰে সহজে বুজি পাব পথ

যদি আপুনিও গুগল মেপৰ ওপৰত নিৰ্ভৰ কৰি ঘৰৰ পৰা ওলাই যায় কিন্তু মানচিত্ৰখন বুজি পোৱাৰল ক্ষেত্ৰত বিভ্ৰান্ত হয়। তেনেহ'লে এই তথ্য আপোনাৰ বাবে প্ৰয়োজনায়। এই কৌশলে গুগল মেপ চোৱাত ক্ষেত্ৰত থকা আপোনাৰ বিভ্ৰান্তি দুৰ কৰিব। যাৰ দ্দাৰা আপুনি যথেষ্ট লাভান্বিত হ'ব। ইয়াৰ পাছত আপুনি মানচিত্ৰখনো ভালদৰে বুজিব পাৰিব।

Google Walk Mode: গুগল মেপ চাওতে বিভ্ৰান্ত হয় নেকি আপুনি? এই উপায়েৰে সহজে বুজি পাব পথ

গুগল মেপ ৱাকিং ম'ড

Published: 

21 Jul 2024 15:13 PM

গুগল মেপবোৰ কিছুমান লোকৰ বাবে বুজিবলৈ অলপ কঠিন। বহুসময়ত তেওঁলোকে মানচিত্ৰৰ ওপৰত নিৰ্ভৰ কৰি ওলাই যায় কিন্তু পথটো বুজি নাপায়। যদি আপুনি গুগল মেপৰ দ্বাৰা দেখুওৱা পথত বিভ্ৰান্ত হয়, কোনফালে যাব লাগে বা কোনফালে নালাগে, তেনেহ’লে এই কৌশলটো আপোনাৰ বাবে। ইয়াৰ পাছত গুগল মেপ চাবলৈ আৰু বুজিবলৈ সহজ হ’ব। লগতে আপুনি সোনকালে আপোনাৰ গন্তব্য স্থানত উপনীত হ’ব।

যদি আপুনিও গুগল মেপৰ ওপৰত নিৰ্ভৰ কৰি ঘৰৰ পৰা ওলাই যায় কিন্তু মানচিত্ৰখন বুজি পোৱাৰল ক্ষেত্ৰত বিভ্ৰান্ত হয়। তেনেহ’লে এই তথ্য আপোনাৰ বাবে প্ৰয়োজনায়। এই কৌশলে গুগল মেপ চোৱাত ক্ষেত্ৰত থকা আপোনাৰ বিভ্ৰান্তি দুৰ কৰিব। যাৰ দ্বাৰা আপুনি যথেষ্ট লাভান্বিত হ’ব। ইয়াৰ পাছত আপুনি মানচিত্ৰখনো ভালদৰে বুজিব পাৰিব।

 

গুগল মেপচ ৱাকিং ম’ড

যেতিয়াই আপুনি গুগল মেপৰ পথ বুজি নাপায়, তেন্তে চেলফি লোৱাৰ দৰে আপুনি আপোনাৰ সন্মুখত ফোনটো হাতেৰে ধৰি ৰাখক। ইয়াৰ পাছত কেমেৰাটো লোড হ’ব আৰু পথবোৰত কাড়ৰ চিহ্ন প্ৰস্তুত কৰা হ’ব। যিয়ে আপোনাক ক’লৈ যাব লাগিব সেইটো ক’ব। কিন্তু এইটো কেনেকৈ হ’ব? এইটো জানিবলৈ তলৰ প্ৰক্ৰিয়াটো পঢ়ক। ইয়াৰ বাবে আপুনি ফোনত ছেটিং কৰিব লাগিব।

 

গুগল মেপ কেনেদৰে ছেট আপ কৰিব

  • গুগল মেপত সঠিক দিশ বুজিবলৈ আপুনি বেছি একো কৰিব নালাগে। কেৱল আপোনাৰ স্মাৰ্টফোনত গুগল মেপ খোলক।
  • ইয়াৰ পাছত আপুনি য’লৈ যাব বিচাৰে তাৰ অৱস্থান সন্নিবিষ্ট কৰক। তাৰ পাছত আপুনি থিয় হৈ থকা লাইভ অৱস্থানত দিয়ক।
  • এনে কৰাৰ পাছত মোডটো বাছনি কৰক।ই আপোনাক চাৰিচকীয়া বাহন, বাইক, বাছ আৰু খোজকঢ়াৰ প্ৰতিটো মোডৰ পথ দেখুৱায়।
  • ইয়াত আপুনি ৱাকিং ম’ড বাছনি কৰক। ফোনটো পোনপটীয়া দিশত ধৰি ৰাখক। ইয়াৰ পাছত কেমেৰাটো লোড হ’বলৈ আৰম্ভ কৰিব।
  • কেমেৰা লোড হোৱাৰ পাছত লাইভ ম’ড অন হ’ব। ই আপোনাক কাড় চিহ্নৰ সৈতে পথ দেখুৱাবলৈ আৰম্ভ কৰিব।

ইয়াৰ সহায়ত আপুনি স্পষ্টকৈ পথটো চাবলৈ সক্ষম হ’ব। আপুনি গোটেই মানচিত্ৰৰ জালত বন্দী হ’ব নালাগে । কিন্তু মনত ৰাখিব যে ৱাকিং ম’ডত, মানচিত্ৰখনে খোজ কঢ়া অনুসৰিহে পথটো দেখুৱায়। এই পথবোৰ কেতিয়াবা ঠেক গলিও হ’ব পাৰে। যদি আপুনি গাড়ী বা বাইকেৰে ভ্ৰমণ কৰি আছে, তেন্তে নিশ্চিতভাৱে এবাৰ তালৈ যাবলৈ ঠাই আছে নে নাই পৰীক্ষা কৰিব।

এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...