হোটেলৰ কোঠাত কিদৰে ধৰা পেলাব লুকুৱাই থোৱা কেমেৰা! হাতৰ স্মাৰ্টফোনতে আছে সহজ উপায়

কোনো স্থানলৈ যাত্ৰা কৰাৰ সময়ত জিৰণি ল’বলৈ আৰু ৰাতিটো কটাবলৈ বহুসময়ত হোটেল বুকিং কৰিবলগা হয়। তেনে সময়ত হোটেলৰ কোঠাত হিডেন কেমেৰাৰ সন্ধান চলোৱাটো নিতান্তই আৱশ্যকীয়। ইয়াৰ বাবে আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৱেই এক উত্তম সহায়। স্মাৰ্টফোটোৰ জৰিয়তেইআপুনি কোঠাত লুকাই থকা হিডেন কেমেৰাৰ সন্ধান উলিয়াব পাৰিব।

হোটেলৰ কোঠাত কিদৰে ধৰা পেলাব লুকুৱাই থোৱা কেমেৰা! হাতৰ স্মাৰ্টফোনতে আছে সহজ উপায়

কিদৰে উলিয়াব হিডেন কেমেৰাৰ সন্ধান

Published: 

06 Feb 2025 23:38 PM

কাইলৈৰ পৰা আৰম্ভ হ’ব প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাৰ হেঁপাহৰ ভেলেণ্টাইন সপ্তাহ। এই বিশেষ দিনকেইটাত প্ৰিয়জনৰ সৈতে কিছু বিশেষ সময় কটোৱাৰ আশাৰে বহু লোকে হোটেলৰ কোঠা বুকিং কৰে। পিছে এই সময়ত বহুকেইটা দিশৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। এই ক্ষেত্ৰত আটাইতকৈ প্ৰধান হৈ পৰে হিডেন কেমেৰা অৰ্থাৎ লুকুৱাই থোৱা কেমেৰাৰ সন্ধান। কেৱল ভেলেণ্টাইন সপ্তাহৰ সময়খিনিতে নহয়, আন সময়তো এই বিষয়ৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত হৈ পৰে।

কোনো স্থানলৈ যাত্ৰা কৰাৰ সময়ত জিৰণি ল’বলৈ আৰু ৰাতিটো কটাবলৈ বহুসময়ত হোটেল বুকিং কৰিবলগা হয়। তেনে সময়তো হোটেলৰ কোঠাত হিডেন কেমেৰাৰ সন্ধান চলোৱাটো নিতান্তই আৱশ্যকীয়। কেতিয়াবা নহয় কেতিয়াবা আপুনিও হয়তো হোটেলৰ কোঠাত এইদৰে হিডেন কেমেৰা থকাৰ খবৰ শুনিবলৈ পাইছে বা তেনে খবৰ পঢ়িবলৈ পাইছে।

সেয়ে যদি আপুনিও ৰাতিটো কটাবলৈ হোটেলৰ কোঠা বুকিং কৰিছে, তেতিয়া কোঠাটোত সোমায়েই প্ৰথমে কোঠাত কেনেবাকৈ কেমেৰা লুকুৱাই থোৱা আছিল নেকি ভালদৰে পৰীক্ষা কৰিব লাগে। ইয়াৰ বাবে আপোনাৰ হাতত থকা স্মাৰ্টফোনটোৱেই এক উত্তম সহায়। স্মাৰ্টফোটোৰ জৰিয়তেইআপুনি কোঠাত লুকাই থকা হিডেন কেমেৰাৰ সন্ধান উলিয়াব পাৰিব।

সকলো কেমেৰাতে লেন্স থাকে, সেয়ে ই পোহৰ প্ৰতিফলিত কৰে। গতিকে ৰাতি হোটেলৰ কোঠাৰ লাইট বন্ধ কৰি মোবাইলৰ টৰ্চ অন কৰি কেমেৰা লুকাই থকাৰ সম্ভাৱনা থকা দিশত টৰ্চ জ্বলাওক। এইবোৰ ঠাইত কেমেৰা থাকিলে আপোনাৰ মোবাইলৰ টৰ্চৰ পোহৰ প্ৰতিফলিত হ’লহেঁতেন।

সকলো কেমেৰাই ইনফ্ৰাৰেড (IR) পোহৰ নিৰ্গত কৰে। এই পোহৰ চকুত দেখা নাযায়। এই কথা জানিবলৈ আপুনি আপোনাৰ স্মাৰ্টফোনৰ পিছফালৰ কেমেৰা ব্যৱহাৰ কৰিব পাৰে। কেতিয়াবা পিছফালৰ কেমেৰাইও ইনফ্ৰাৰেড লাইট ধৰা পেলাব নোৱাৰে। এনে পৰিস্থিতিত স্মাৰ্টফোনৰ সন্মুখৰ কেমেৰাৰ সহায়ত ইনফ্ৰাৰেড লাইট সহজে ধৰা পেলাব পৰা যায়।

এণ্ড্ৰইড আৰু আই অ’ এছ ডিভাইচত এনে বহু এপ পায়, যাৰ সহায়ত লুকাই থকা কেমেৰা সহজে ধৰা পেলাব পাৰি। গুগল প্লে ষ্ট’ৰ আৰু এপ ষ্ট’ৰৰ পৰা এই এপসমূহ ডাউনলোড কৰিব পাৰিব। আপোনালোকক কওঁ যে এই এপসমূহে ইনফ্ৰাৰেড লাইট, মেগনেটিক ফিল্ড আৰু অস্বাভাৱিক সংকেত স্কেন কৰি লুকাই থকা কেমেৰা ধৰা পেলায়।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...