Facebook: ফেচবুকৰ পৰা আঁতৰাই পেলোৱা হ’ব Like আৰু Comment বুটাম! জানক সকলো…

Facebook Like: ফেচবুকে বিভিন্ন সময়ত নতুন নতুন সিদ্ধান্ত গ্ৰহণ কৰে। শেহতীয়াকৈ ফেচবুকে আন এক সিদ্ধান্ত লৈছে। সেই অনুসৰি এতিয়াৰ পৰা আৰু নাথাকে লাইক-কমেন্টৰ অপশ্যন।

Facebook: ফেচবুকৰ পৰা আঁতৰাই পেলোৱা হব Like আৰু Comment বুটাম! জানক সকলো...

ফেচবুক

Published: 

12 Nov 2025 | 04:01 PM

বৰ্তমান সময়ত জনপ্ৰিয় এক সামাজিক মাধ্যম হৈছে ফেচবুক। আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে মানুহে টকা ঘটে। এনে অৱস্থাত ফেচবুকত লাইক, শ্বেয়াৰ আদিয়ে বিশেষ গুৰুত্ব বহন কৰে। প্ৰায় সকলোৱে ফেচবুকৰ Like বুটামটো চিনি পায়। বছৰ বছৰ ধৰি সামাজিক মাধ্যমত এই Like বুটামটোৱে মানুহৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰি আহিছে। কিন্তু শুনি আচৰিত হ’ব যে এই Like বুটামটো আৰু বেছি দিন নাথাকে। চিৰদিনৰ বাবে ফেচবুকৰ পৰা হেৰাই যাব Like বুটাম। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মেটাই ঘোষণা কৰিছে যে Facebook Like  আৰু  Comment অপশ্যন এক্সটাৰ্নেল ৱেবছাইটৰ পৰা আঁতৰাই দিয়া হ’ব।

কেতিয়াৰ পৰা আঁতৰ হ’ব

মেটাই ঘোষণা কৰিছে যে ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা বাহ্যিক ৱেবছাইটত ফেচবুক লাইক আৰু কমেণ্ট বুটাম আঁতৰাই দিয়া হ’ব। অৰ্থাৎ যি ব্লগ, শ্বপিং পৰ্টেল আৰু ৱেবপেজত ফেচবুকৰ পোষ্ট এম্বেড কৰা হয় তাৰ পৰা লাইক আৰু কমেন্ট বুটাম নোহোৱা হৈ যাব।

এই সিদ্ধান্ত ডেভেলপাৰ টুলক এডভান্স আৰু সৰল কৰিবলৈ কৰা হৈছে। এই প্লাগইনবোৰ প্ৰায় এদশক আগতে প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু এতিয়া সময় সলনি হৈছে আৰু ইয়াৰ ব্যৱহাৰ হ্ৰাস পাইছে। গতিকে কোম্পানীটোৱে এতিয়া নতুন ধাৰণাত মনোযোগ দিয়াৰ চেষ্টা কৰিছে।  উল্লেখ কৰা প্ৰয়োজন যে, ফেচবুক এপ আৰু অফিচিয়েল ফেচবুক চাইটত লাইক আৰু কমেণ্ট বুটাম দেখা যাব। কেৱল থাৰ্ড পাৰ্টিৰ বাবে নোহোৱা হ’ব।

উদাহৰণ স্বৰূপেঃ ধৰি লওক আপুনি এটা ব্লগ বা বাতৰি পঢ়ি আছে, তেতিয়া তাত এটা সৰু ফেচবুক লাইক বুটাম দেখিব য’ত নীলা ৰঙৰ বুঢ়া আঙুলি এটা আছে। আপুনি ফেচবুক নোখোলাকৈ কেৱল বুটামটো টিপি সেই ব্লগ বা খবৰটো লাইক কৰিব পাৰে। কিন্তু ১০ ফেব্ৰুৱাৰীৰ পাছত এয়া কৰিব নোৱাৰে। বাহিৰৰ চাইটৰপৰা লাইক,কমেন্ট কৰিব নোৱাৰে।

 

 

অন্য খবৰ পঢ়কঃ শব্দ হোৱাৰ পাছতো কেতিয়াবা ATM ৰ পৰা টকা নোলাই নেকি? সাৱধান, হ’ব পাৰে ডাঙৰ লোকচান…

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ