আপুনিও চলায় নেকি ইলেক্ট্ৰিক স্কুটাৰ? সাৱধান! বাৰিষা কালত মনত ৰাখক এইসমূহ কথা…

সাধাৰণতে বাৰিষা কালত বাহনসমূহৰ বিশেষ যত্ন লোৱা প্ৰয়োজন বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। পিছে আপুনি যদি ইলেক্ট্ৰিক স্কুটাৰ চলায়, এইক্ষেত্ৰত অধিক সাৱধান হোৱা প্ৰয়োজন।

আপুনিও চলায় নেকি ইলেক্ট্ৰিক স্কুটাৰ? সাৱধান! বাৰিষা কালত মনত ৰাখক এইসমূহ কথা...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Jun 2025 | 02:51 PM

ৰাজ্যত বাৰিষাৰ আৰম্ভণিতেই দেখা গ’ল প্ৰথমটো বান। নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ প্ৰকোপৰ পৰা এতিয়াও সম্পূৰ্ণ ৰূপে মুক্ত হোৱা নাই ৰাজ্যৰ বহু স্থান। বাৰিষাৰ আৰম্ভণিতেই হোৱা প্ৰবল বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সময়ছোৱাত বৰষুণৰ প্ৰকোপ অধিক হ’ব বুলি অনুমান কৰা হৈছে। সাধাৰণতে বাৰিষা কালত বাহনসমূহৰ বিশেষ যত্ন লোৱা প্ৰয়োজন বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। পিছে আপুনি যদি ইলেক্ট্ৰিক স্কুটাৰ চলায়, এইক্ষেত্ৰত অধিক সাৱধান হোৱা প্ৰয়োজন।

সাম্প্ৰতিক সময়ত গ্ৰাহকৰ মাজত ইলেক্ট্ৰিক স্কুটাৰৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। বাইক-স্কুটাৰ নিৰ্মাণ কৰা বিখ্যাত প্ৰতিষ্ঠিত কোম্পানীৰ উপৰিও বহু ষ্টাৰ্ট আপেও সম্প্ৰতি ইলেক্ট্ৰিক স্কুটাৰো নিৰ্মাণ কৰে। ওলা বা আথেৰৰ দৰে বজাৰৰ আগশাৰীৰ ষ্টাৰ্ট-আপক এতিয়া ইলেক্ট্ৰিক স্কুটাৰৰ বজাৰত টিভিএছ, বাজাজ বা হিৰো মট’ কৰ্পৰ দৰে ভাৰতীয় বাইক কোম্পানীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

বিশেষজ্ঞৰ পৰামৰ্শ মতে বাৰিষাৰ সময়ত মুকলি ঠাইত বাহন ৰখাই থোৱাৰ পৰা বিৰত থাকিব লাগে। প্ৰবল বৰষুণত যিকোনো বাইক বা স্কুটাৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে। অৱশ্যে ওলা, আথেৰ, টিভিএছ, বাজাজ বা হিৰো মট’ কৰ্পৰ দৰে ভাল কোম্পানীৰ পৰা ইলেক্ট্ৰিক স্কুটাৰ কিনিলে বৰষুণৰ বাবে বিশেষ চিন্তা কৰিব নালাগে। কিন্তু তথাপিও কিছুমান দিশত সাৱধান হোৱা প্ৰয়োজন আহি পৰে।

বাৰিষাৰ সময়ত বাট-পথত পানী জমা হয়। সাধাৰণ বাহনৰ ক্ষেত্ৰত চাইলেন্সাৰ পাইপ বা ইঞ্জিনত পানী সোমালে বাহনখন ক্ষতিগ্ৰস্ত হ’ব পাৰে। যদিও ইলেক্ট্ৰিক স্কুটাৰত তেনে কোনো সমস্যা নাই, তথাপি জমা হোৱা পানীৰ পৰা সাৱধান হ’ব লাগে বুলি বিশেষজ্ঞসকলে কয়। কাৰণ, স্কুটাৰৰ যিকোনো তাঁৰ বা মটৰত পানী সোমালে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ইয়াৰ বাহিৰেও আন এটা সমস্যা হ’ল চাৰ্জিং প’ৰ্ট। বাৰিষাৰ সময়ত বাহনৰ চাৰ্জিং প’ৰ্টটো ঢাকি ৰাখিব লাগে। যদি কোনো ধৰণে চাৰ্জিং প’ৰ্টত পানী সোমায়, তেতিয়া ইলেক্ট্ৰিক স্কুটাৰখনৰ যথেষ্ট ক্ষতি হ’ব পাৰে। যিকোনো সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ বৈদ্যুতিক বাহনখনৰ চাৰ্ভিচিং কৰা প্ৰয়োজন। স্কুটাৰখন চলাওঁতে যদি কোনো অসুবিধা অনুভৱ হয়, লগে লগে মেকানিকৰ ওচৰলৈ লৈ যোৱা উচিত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব