EPFO: আধাৰৰ সৈতে লিংক কৰিছেনে? অন্যথা লাভ নকৰিব PFৰ ধন…

EPFO: আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে ইউ এ এন সংযোগ কৰিছেনে? যদি কৰা নাই তেন্তে সমস্যা আহিব পাৰে। আপুনিও লাভ নকৰিব পাৰে পি এফৰ ধন। এই ক্ষেত্ৰত কি কৰিব?

EPFO: আধাৰৰ সৈতে লিংক কৰিছেনে? অন্যথা লাভ নকৰিব PFৰ ধন...

পিএফ

Published: 

04 Dec 2025 | 12:07 PM

আপুনি আধাৰ কাৰ্ডৰ সৈতে UNA সংযোগ কৰিছেনে? যদি কৰা নাই তেন্তে হ’ব পাৰে বিপদ! লাভ নকৰিব পাৰে পিএফ (PF)! যোৱা ১ ডিচেম্বৰত কঠোৰ নিৰ্দেশনাত ইপিএফঅ’ (EPFO) ই স্পষ্ট কৰি দিছিল যে, আধাৰ আৰু ইউএএন (UAN) সংযোগৰ সময়সীমা ৩১ অক্টোবৰৰ পাছত বৃদ্ধি কৰা হোৱা নাই। ভৱিষ্য়তেও ইয়াৰ সীমা বৃদ্ধি কৰা নহয়। অৰ্থাৎ এই ক্ষেত্ৰত শিথিলতা শেষ। গতিকে এতিয়ালৈকে যদি আপুনি ইয়াৰ সংযোগ কৰা নাই তেন্তে সমস্যা আহিব পাৰে।

এই নিয়ম যদিও  ২০২১ চনৰ ১ জুনৰ পৰা কাৰ্যকৰী কৰা হৈছিল, তথাপি উত্তৰ-পূব ভাৰত আৰু কেইবাটাও বিশেষ ক্ষেত্ৰৰ বাবে ৰেহাই দিয়া হৈছিল। যেনে চাহপাত, বিড়ি বা নিৰ্মাণ উদ্যোগৰ লগত জড়িতসকলৰ বাবে কিছু ৰেহাই দিয়া হৈছিল। কিন্তু ১ ডিচেম্বৰৰ অধিসূচনাত কোৱা হৈছে যে যোৱা চাৰি বছৰত পৰ্যাপ্ত সময় দিয়া হৈছে। গতিকে পুনৰ সময়সীমা বৃদ্ধি কৰাটো যুক্তিসংগত নহয়।

ইয়াৰ প্ৰভাৱ কি?

২০২৫ চনৰ নৱেম্বৰৰ পৰা যিসকল কৰ্মচাৰীৰ আধাৰ আৰু ইউএএন সংযোগ নাই তেওঁলোকৰ নিয়োগকৰ্তাই আৰু ‘ইলেক্ট্ৰনিক চেলান কাম ৰিটাৰ্ণ’ বা ইচিআৰ (ECR) জমা দিব নোৱাৰিব। সহজ ভাষাত ক’বলৈ গ’লে লিংক নাথাকিলে কোম্পানীসমূহে পিএফ (PF)ৰ ধন জমা কৰাত অসুবিধা পাব।

কি কৰিব পাৰে

আপুনি চাহ বাগিচা বা বিড়ি কোম্পানীত কাম কৰে নেকি? নে আপুনি নিৰ্মাণ উদ্যোগৰ লগত জড়িত?  যদি হয় তেন্তে আপোনাৰ PF ৰ ষ্টেটাছ পৰীক্ষা কৰক। নিশ্চিত হওক যে আপোনাৰ আধাৰ আপোনাৰ ইউ এ এনৰ সৈতে সংযোগ হৈছেনে নাই। যদি নাই হোৱা তেন্তে আজিয়ে আপুনি কাম কৰা কোম্পানীটোৰ সৈতে যোগাযোগ কৰক বা কোম্পানীটোৰ এইচ আৰ (HR) মেনেজাৰৰ সৈতে যোগাযোগ কৰক।

ইপিএফঅ’ই এই বিষয়ত শীঘ্ৰে সজাগতা অভিযান আৰম্ভ কৰিবলৈ মণ্ডল কাৰ্যালয়সমূহক নিৰ্দেশ দিছে। মনত ৰাখিব নৱেম্বৰৰ PF জমা দিয়াৰ ক্ষেত্ৰত আৰু কোনো শিথিলতা নাথাকিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...