ভাৰতত প্ৰৱেশৰ আগে আগে মাস্কৰ ষ্টাৰলিংকত বিঘিনিঃ থমকিল কাম-কাজ, চিন্তিত ব্যৱহাৰকাৰী

ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট প্ৰদানকাৰী কোম্পানী ষ্টাৰলিংকে ভাৰতত সেৱা আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে। অতি সোনকালেই কোম্পানীটোৱে ভাৰতত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব পাৰিব বুলি আশা কৰা হৈছে। পিছে ভাৰতত সেৱা আৰম্ভ কৰাৰ পূৰ্বে বিঘিনিৰ সন্মুখীন হৈছে ষ্টাৰলিংক।

ভাৰতত প্ৰৱেশৰ আগে আগে মাস্কৰ ষ্টাৰলিংকত বিঘিনিঃ থমকিল কাম-কাজ, চিন্তিত ব্যৱহাৰকাৰী

ষ্টাৰলিংকৰ সেৱাত বিজুতি

Published: 

28 Jul 2025 | 03:55 PM

বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি ইলন মাস্কৰ ষ্টাৰলিংকৰ শীঘ্ৰেই প্ৰৱেশ ঘটিব ভাৰতত ইতিমধ্যে মাস্কৰ চেটেলাইট ইণ্টাৰনেট প্ৰদানকাৰী কোম্পানী ষ্টাৰলিংকে ভাৰতত সেৱা আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় অনুমোদন লাভ কৰিছে। অতি সোনকালেই কোম্পানীটোৱে ভাৰতত ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব পাৰিব বুলি আশা কৰা হৈছে। পিছে ভাৰতত সেৱা আৰম্ভ কৰাৰ পূৰ্বে বিঘিনিৰ সন্মুখীন হৈছে ষ্টাৰলিংক

চেটেলাইট ইণ্টাৰনেট প্ৰদানকাৰী কোম্পানীটোৰ ইণ্টাৰনেট সেৱা শেহতীয়াকৈ বৃহৎ বিজুতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। যোৱা ২৪ জুলাইত আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশত এই সমস্যাই গা কৰি উঠিছিল কোম্পানীটোৰ সেৱা ব্যৱহাৰকাৰীসকলে হঠাতে ইণ্টাৰনেট ব্যৱহাৰত বাধাৰ সন্মুখীন লগা হয়

প্ৰকাশিত খবৰ অনুসৰি প্ৰায় ৬১ হাজাৰ গ্ৰাহক সন্মুখীন হয় এই সমস্যাৰ। ইয়াৰ পিছতে ষ্টাৰলিংকে এই বিজুতিৰ বিষয়ে নিজা এক্স হেণ্ডেলত অৱগত কৰেষ্টাৰলিংকে লগতে এই পোষ্টটোত ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত দেখা দিয়া এই বিজুতি দূৰ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে।

ষ্টাৰলিংকৰ অভিযান্ত্ৰিক বিভাগৰ উপ-সভাপতি মাইকেল নিকোলাছে এক্স হেণ্ডেলত কোম্পানীটোৰ ইণ্টাৰনেট সেৱা স্বাভাৱিক হ’বলৈ প্ৰায় ডেৰ-দুঘণ্টা সময় লাগিছিল বুলি সদৰী কৰে। চফটৱেৰ বিকলতাৰ বাবেই এই আকস্মিক সমস্যাই দেখা দিয়া বুলিও তেওঁ জানিবলৈ দিয়ে অৱশ্যে এই বিজুতিৰ সঠিক কাৰণ জানিবলৈ চেষ্টা চলোৱা বুলি প্ৰতিশ্ৰুতি দিছে ষ্টাৰলিংকৰ বিষয়াগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব