আহি আছে ষ্টাৰলিংক সেৱা ! স্পেচএক্সেৰ সৈতে চুক্তি ৰিলায়েন্স জিঅ’ৰ…

টেলিকম কোম্পানী এয়াৰটেলৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পাছত এতিয়া চেটেলাইট ভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ বাবে মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ৰ সৈতে অংশীদাৰিত্ব কৰিছে ইলন মাস্কৰ কোম্পানী স্পেচএক্সে।

আহি আছে ষ্টাৰলিংক সেৱা ! স্পেচএক্সেৰ সৈতে চুক্তি ৰিলায়েন্স জিঅ’ৰ...

স্পেচএক্সেৰ সৈতে জিঅ’ৰ চুক্তি

Updated On: 

12 Mar 2025 12:59 PM

ইলন মাস্কে ভাৰতত নিজৰ ব্যৱসায় দ্ৰুতগতিত সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছে । টেলিকম কোম্পানী এয়াৰটেলৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ পাছত এতিয়া চেটেলাইট ভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ বাবে মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ৰ সৈতে অংশীদাৰিত্ব কৰিছে ইলন মাস্কৰ কোম্পানী স্পেচএক্সে।

দীৰ্ঘদিন ধৰি ইলন মাস্কে ভাৰতত নিজৰ চেটেলাইট ভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংক আৰম্ভ কৰিব বিচাৰিছিল আৰু এতিয়া এয়াৰটেল আৰু জিঅ’ৰ সৈতে চুক্তি কৰি সেই সপোন বাস্তৱত পৰিণত কৰা দিশে আগবাঢ়িছে ইলন মাস্ক । অৱশ্যে ইলন মাস্কৰ ষ্টাৰলিংক কোম্পানী স্পেচএক্সে এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰ সৈতে চুক্তিবদ্ধ হৈছে যদিও ভাৰতত এই সেৱা আৰম্ভ কৰিবলৈ এতিয়াও কিছু সময় লাগিব পাৰে । ইয়াৰ কাৰণ হ’ল কোম্পানীটোৱে এতিয়াও কিছু অনুমোদন লাভ কৰা নাই।

এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰ সৈতে ষ্টাৰলিংকৰ এই চুক্তিৰ দ্বাৰা আপুনি কেনেদৰে লাভৱান হ’ব? উল্লেখ্য যে, পৃথিৱীৰ নিম্ন কক্ষপথত ষ্টাৰলিংকত হাজাৰ হাজাৰ কৃত্ৰিম উপগ্ৰহ আছে আৰু এই উপগ্ৰহবোৰ ইটোৱে সিটোৰ লগত লেজাৰ লিংকৰ জৰিয়তে সংযুক্ত হৈ থাকে, যাৰ বাবে তথ্য দ্ৰুতগতিত প্ৰেৰণ কৰা হয়। যদি ডাটা দ্ৰুতভাৱে প্ৰেৰণ কৰে তেন্তে আপুনি হাই স্পীড ইন্টাৰনেটৰ সুবিধা লাভ কৰিব।

ষ্টাৰলিংক সেৱা ব্যৱহাৰ কৰিবলৈ এটা সৰু ডিভাইচ ইনষ্টল কৰিব লাগিব যাক ষ্টাৰলিংক টাৰ্মিনেল বুলিও কোৱা হয়। এই ডিভাইচটো ছেট আপ কৰাৰ পিছত এই ডিভাইচত চেটেলাইটৰ পৰা সংকেত লাভ কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে মানুহে দ্ৰুত ইন্টাৰনেট সেৱা লাভ কৰে । ষ্টাৰলিংক নিৰ্মাণ কৰিছে ইলন মাস্কৰ কোম্পানী স্পেচএক্সে। ষ্টাৰলিংকৰ জৰিয়তে ৰাইজক হাই স্পীড ইন্টাৰনেটৰ ব্যৱস্থা কৰিবলৈ কোম্পানীয়ে কোনো টাৱাৰ স্থাপন কৰাৰ প্ৰয়োজন নাই। ষ্টাৰলিংকৰ লক্ষ্য হৈছে হাই স্পীড ইন্টাৰনেটৰ ব্যৱস্থা কৰা।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...