ভাৰতত আৰম্ভ হৈছে E-Passport সেৱা, কেনেকৈ আবেদন কৰিব ? সবিশেষ জানক
ভাৰতত আৰম্ভ কৰা হৈছে ই-পাছপ’ৰ্ট সেৱা । ই-পাছপ’ৰ্টৰ দ্বাৰা আপুনি কেনেকৈ লাভান্বিত হ'ব ? ই-পাছপ’ৰ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰু কিমান দিন সময় লাগিব ইয়াৰ সবিশেষ এই প্ৰতিবেদনৰ জৰিয়তে জানক ।

ই-পাছপ’ৰ্ট
ভাৰত চৰকাৰে আৰম্ভ কৰিছে ই-পাছপ’ৰ্ট সেৱা। ইয়াৰ পৰা আপুনি বহুত লাভৱান হ’বলৈ গৈ আছে। আশা কৰা হৈছে যে, ইয়াৰ দ্বাৰা আপোনাৰ পৰিচয় সুৰক্ষিত হোৱাৰ লগতে আপোনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সহজ হ’ব। এই প্ৰতিবেদনৰ জৰিয়তে জানক ই-পাছপ’ৰ্ট কেনেকৈ বনাব আৰু ইয়াৰ বাবে কিমান দিন লাগিব ।
ই-পাছপ’ৰ্ট কি আৰু ই কেনেকৈ কাম কৰে?
ই-পাছপ’ৰ্ট দেখাত হুবহু সাধাৰণ পাছপ’ৰ্টৰ দৰেই। কিন্তু ইয়াৰ বিশেষত্ব ভিতৰত লুকাই আছে। ইয়াত ইলেক্ট্ৰনিক মাইক্ৰ’চিপ লগোৱা আছে, যাৰ ফলত ই আন পাছপ’ৰ্টতকৈ পৃথক। আপোনাৰ ব্যক্তিগত তথ্যৰ লগতে আপোনাৰ বায়মেট্ৰিক তথ্যও এই চিপত সংৰক্ষণ কৰা হয়। যেনে আপোনাৰ ফটো আৰু আঙুলিৰ ছাপ ইত্যাদি।
এই সকলো তথ্য বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি এনক্ৰিপ্ট কৰা হয়। যাতে আপোনাৰ পৰিচয় আৰু তথ্য সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে। এই তথ্য কেৱল সেই মেচিন বা স্ক্যানাৰৰ পৰাহে পঢ়িব পাৰি যিবোৰ চৰকাৰী পৰীক্ষিত। ই-পাছপ’ৰ্টে কেৱল আপোনাৰ পৰিচয়ৰ সুৰক্ষা নিশ্চিত কৰাই নহয়, বিমানবন্দৰত পৰীক্ষণ প্ৰক্ৰিয়াও ক্ষিপ্ৰ কৰে। ইয়াৰ ফলত যাত্ৰা সহজ হৈ পৰে।
ভাৰতৰ কিছুমান নিৰ্বাচিত চহৰতহে ই-পাছপ’ৰ্ট সেৱা আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত নাগপুৰ, দিল্লী, হায়দৰাবাদ, চেন্নাই, জয়পুৰ, ৰাঁচী, শিমলা, ভুৱনেশ্বৰ, জম্মু আৰু গোৱা অন্তৰ্ভুক্ত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫ চনৰ মাজভাগৰ ভিতৰত সমগ্ৰ দেশতে ইয়াক আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ পিছত প্ৰতিজন নাগৰিকে ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।
যিসকল লোকৰ ইতিমধ্যে পাছপ’ৰ্ট আছে। তৎক্ষণাত ই-পাছপ’ৰ্ট বনোৱাৰ প্ৰয়োজন নহ’ব। সাধাৰণ পাছপ’ৰ্টৰ ম্যাদ উকলি যোৱাৰ তাৰিখলৈকে বৈধ। কিন্তু নবীকৰণৰ সময়ত আপোনাক কেৱল ই-পাছপ’ৰ্টহে দিয়া হ’ব।
ই-পাছপ’ৰ্ট বনোৱা প্ৰক্ৰিয়া
ই-পাছপ’ৰ্টৰ বাবে আবেদন কৰাৰ প্ৰক্ৰিয়াটো আপুনি আগতে কৰা ধৰণেই। ইয়াৰ বাবে আপুনি এই পদক্ষেপসমূহ অনলাইনত অনুসৰণ কৰিব লাগিব।
ইয়াৰ বাবে প্ৰথমে আপুনি passportindia.gov.in ৱেবছাইটটো চাব লাগিব। ইয়াত পঞ্জীয়ন কৰক।
লগ ইন কৰাৰ পিছত Fresh or Reissue পাছপ’ৰ্টৰ বিকল্প নিৰ্বাচন কৰক।
এতিয়া আপোনাৰ পৰা যিবোৰ সবিশেষ সোধা হৈছে সেইবোৰ সকলো সবিশেষ ভালদৰে পূৰণ কৰক। অনলাইন মাচুল মোড নিৰ্বাচন কৰক আৰু ইয়াক পৰিশোধ কৰক।
ইয়াৰ পিছত ওচৰৰ পাছপ’ৰ্ট সেৱা কেন্দ্ৰ বা আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ত এপইণ্টমেণ্ট বুকিং কৰক।
এই কাম কৰাৰ পিছত আপুনি এপইণ্টমেণ্ট পত্ৰত সময় আৰু তাৰিখ পাব। আপোনাৰ প্ৰয়োজনীয় মূল নথি-পত্ৰ লৈ নিৰ্দিষ্ট সময়ত কেন্দ্ৰত উপস্থিত হওক।
ই-পাছপ’ৰ্টৰ সুবিধা কি?
এই পাছপ’ৰ্টত থকা চিপৰ ডুপ্লিকেট বনোৱা সম্ভৱ নহয়। ইয়াৰ দ্বাৰা পাছপ’ৰ্ট সম্পৰ্কীয় জালিয়াতিৰ গোচৰ হ্ৰাস কৰাত সহায়ক হ’ব।
এই চিপৰ সহায়ত বিষয়াজনে আপোনাৰ সবিশেষ সহজে আৰু দ্ৰুতভাৱে চাব পাৰিব। ইয়াৰ বাবে পৰীক্ষণৰ বাবে কম সময় লাগিব।
চিপত সংৰক্ষণ কৰা আপোনাৰ বিৱৰণসমূহ Public Key Infrastructure (PKI) প্ৰযুক্তিৰ সৈতে সুৰক্ষিত ৰখা হয়। কোনো অচিনাকি ব্যক্তিয়ে আপোনাৰ ব্যক্তিগত তথ্য লাভ কৰিব নোৱাৰিব। নতুবা কোনেও সলনি কৰিব নোৱাৰে।