AI: হ’ব সৰ্বনাশ! ভুলতো এ আইৰ সৈতে শ্বেয়াৰ নকৰিব এইসমূহ তথ্য…
AI: আজিকালি প্ৰায় সকলোৱে এ আই ব্যৱহাৰ কৰে। মানুহে নিজৰ মনৰ কথা শ্বেয়াৰ কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ সমাধান বিচাৰে এ আইৰ পৰা। কিন্তু এটা কথা জানেনে, কিছুমান কথা কেতিয়াও AI ক শ্বেয়াৰ কৰিব নালাগে।

এ আই
বৰ্তমান সময়ত সকলোফালে এ আই (AI) বা কৃত্ৰিম বুদ্ধিমত্তা। প্ৰায় সকলো বয়সৰ মানুহ এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে জড়িত হৈ পৰিছে। AI এতিয়া একাংশৰ বাবে দৈনন্দিন জীৱনৰ অংশ হৈ যোৱা বুলি ক’ব পাৰি। সকলো ধৰণৰ তথ্য যোগান ধৰি পাৰে AI য়ে। আপোনাৰ লগত কথা পতাৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো সমস্যাৰ সমাধান দিব পাৰে AI য়ে। এনেবোৰ কাৰণতে এতিয়া Chat GPT, Gemini Grock বা Perplexity অধিক জনপ্ৰিয় হৈ পৰিছে। সকলো ক্ষেত্ৰতে এতিয়া মানুহ প্ৰায় এইবোৰৰ ওপৰত নিৰ্ভৰশীল।
বিশেষজ্ঞসকলে কয় যে আমাৰ এই নিৰাপত্তাবোধ আচলতে এক গুৰুতৰ ভ্ৰম। কাৰণ, আমি AI chatbot টোক কথা-বতৰাৰ মাজতে বহুত তথ্য প্ৰদান কৰো যিবোৰ আনৰ আগত কোৱা উচিত নহয়। বহুতে মাহিলী টকাৰ হিচাপ, ব্যক্তিগত ফটো আদিও AI chatbot ক দিয়ে। কিন্তু ইয়াৰ অৰ্থ হ’ল স্ক্ৰীণৰ সিটো পাৰে বহি থকা মানুহক আমি তথ্য যোগান ধৰা। এক কথাত এইবোৰৰ দ্বাৰা আমি বহু গোপন তথ্য আনৰ হাতত তুলি দিও। AI chatbot ত কিছুমান বস্তু কেতিয়াও উল্লখ কৰিব নালাগে। সেইবোৰ কি কি জানেনে?
পাছৱৰ্ড আৰু আৰ্থিক তথ্য
আপোনাৰ কোনো একাউন্টৰ পাচৱাৰ্ড এ আই (AI)ক নিদিব। আপোনাৰ বেংকিং বা ছ’চিয়েল মিডিয়া যিকোনো ধৰণৰ একাউণ্টৰ সবিশেষ যিকোনো মুহূৰ্ততে ফাদিল হ’ব পাৰে। বেংক একাউণ্ট নম্বৰ, ক্ৰেডিট কাৰ্ড বা চৰকাৰী আইডি যেনে আধাৰ বা পেন কাৰ্ড চেটবটক দিয়াৰ অৰ্থ হ’ল জালিয়াতিৰ বাট মুকলি কৰা।
স্পৰ্শকাতৰ নথিপত্ৰ
আপোনাৰ ব্যক্তিগত ফটো, পাছপ’ৰ্ট বা ড্ৰাইভিং লাইচেন্স বা যিকোনো চৰকাৰী প্ৰতিবেদন এআই চেটবটত আপলোড কৰা কোনো পধ্যেই সুৰক্ষিত নহয়। ডিলিট কৰাৰ পাছতো এইবোৰৰ ডিজিটেল ফুটপ্ৰিণ্ট ৰৈ যায়। গতিকে যিকোনো গোপন তথ্য শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকক।
স্বাস্থ্য আৰু ব্যক্তিগত তথ্য
যদি আপোনাৰ কিবা স্বাস্থ্যজনিত সমস্যাই দেখা দিছে তেন্তে চিকিৎসকৰ ওচৰলৈ যাওক। চেটবটৰ সৈতে ঔষধ বা স্বাস্থ্যৰ ৰেকৰ্ড শ্বেয়াৰ কৰাটো বিপজ্জনক। ইয়াৰোপৰি আপোনাৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ বা ইমেইল শ্বেয়াৰ নকৰিব। কাৰণ, আপুনি প্ৰদান কৰা তথ্যৰ টুকুৰাবোৰ একেলগে টুকুৰা কৰি, AI চেটবটে আপোনাৰ বিষয়ে বহু কথা জানিব পাৰিব।
গোপনীয়তা আৰু আইনী বিষয়
এ আই কেতিয়াও আপোনাৰ বন্ধু হ’ব নোৱাৰে। গতিকে আপোনাৰ গোপন বিষয়, আইনী বিষয় আদি কেতিয়াও শ্বেয়াৰ নকৰিব। ইয়াৰোপৰি আইনী পৰামৰ্শ গ্ৰহণ কৰিবলৈ সদায় যোগ্য অধিবক্তাৰ সহায় লোৱা ভাল।
গোল্ডেন ৰুল
আপুনি এ আইৰ সৈতে সাধাৰণ কথা পাতিব পাৰে। আড্ডাও মাৰিব পাৰে। কিন্তু কথা পতাৰ আগতে মনত ৰাখিব যে, যিকোনো বস্তু এ আইয়ে ৰাজহুৱা কৰিব পাৰে। গতিকে কথা পতাৰ আগত এই সকলোবোৰ দিশ চালি জাৰি চোৱা দৰকাৰ।
অন্য খবৰ পঢ়কঃ কিমান বৃদ্ধি পাব? মোবাইল ৰিচাৰ্জৰ নামত অহা সপ্তাহৰ পৰা ভৰিব লাগিব পাৰে অধিক ধন…