আপোনাৰ মোবাইলটো বাৰে বাৰে Hang হৈ যায় নেকি? সমাধানৰ সহজ উপায়

মোবাইল ফোন পুৰণি হ’বলৈ ধৰাৰ লগে লগে ফোনটোৰ পাৰফৰমেন্সো লেহেমীয়া হ’বলৈ ধৰে । প্ৰায় সংখ্যক লোকেই স্মাৰ্টফোন হেংগিঙৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু কেনেকৈ দূৰ কৰিব?

আপোনাৰ মোবাইলটো বাৰে বাৰে Hang হৈ যায় নেকি? সমাধানৰ সহজ উপায়

আপোনাৰ মোবাইলটো বাৰে বাৰে Hang হৈ যায় নেকি?

Published: 

17 Aug 2025 21:46 PM

মোবাইল ফোনটো যেতিয়া পুৰণি হয় তেতিয়া বিভিন্ন সমস্যা দেখা দিয়ে। যেতিয়া ফোনটোৰ ইণ্টাৰনেল ষ্ট’ৰেজ বা ৰেম ভৰি পৰে তেতিয়া মোবাইল ফোনটোৱে আপোনাৰ যিকোনো কমাণ্ড প্ৰচেছ কৰাত অসুবিধা পাবলৈ আৰম্ভ কৰে। এনে সমস্যা হ’লে ফোনটো ৰিষ্টাৰ্ট কৰিব লাগে।

আজিকালি প্ৰতিজনৰ হাততে স্মাৰ্টফোন থাকে, কোনোবাৰ সস্তীয়া বাজেটৰ স্মাৰ্টফোন আৰু কোনোবাই দামী স্মাৰ্টফোন ব্যৱহাৰ কৰে। স্মাৰ্টফোনে আমাৰ সকলোৰে জীৱন সহজ কৰি তুলিছে যদিও একে সময়তে মানুহে স্মাৰ্টফোনটোক বেয়া বুলি গালি পাৰি থকাও দেখা যায়। কেতিয়াবা ফোনৰ পাৰফৰমেন্স বহুত লেহেমীয়া হৈ পৰে। যদি আপুনিও আপোনাৰ ফোনটোৰ পাৰফৰমেন্সৰ বাবে চিন্তিত, তেন্তে এই সমস্যাৰ পৰা হাত সাৰিবলৈ এটাই উপায় আছে।

যদি আমি আপোনাক এটা প্ৰশ্ন কৰোঁ, আপুনি কেতিয়াবা আপোনাৰ ফোনটো ৰিষ্টাৰ্ট কৰেনে? বহুতৰে উত্তৰ নকৰোঁ হ’ব আৰু কিছুমান মানুহৰ উত্তৰ কৰোঁ হ’ব। কিন্তু কিমান দিনৰ পিছত ফোনটো ৰিষ্টাৰ্ট কৰিব লাগে

আপোনাৰ ফোনটো কিমান পুৰণি আৰু আপুনি আপোনাৰ ডিভাইচটো কেনেকৈ ব্যৱহাৰ কৰে তাৰ ওপৰত গোটেই পাৰফৰমেন্স নিৰ্ভৰ হৈ থাকে।

মোবাইল ৰিষ্টাৰ্ট: কিমান সময়ৰ পিছত ইয়াক ৰিষ্টাৰ্ট কৰিব লাগে?

ফোনটোৰ উন্নত প্ৰদৰ্শনৰ বাবে সপ্তাহত এবাৰ হ’লেও ফোনটো ৰিষ্টাৰ্ট কৰাটো বাঞ্ছনীয়। এনে কৰিলে ফোনটোৰ প্ৰচেছৰ আৰু মেম’ৰী থিকে থকাত সহায় হয়। ইয়াৰ উপৰিও ফোনটো ৰৈ ৰৈ থকা বা লেহেমীয়া হোৱাৰ সম্ভাৱনাও কমি যায়।

ৰিষ্টাৰ্ট কৰক

মানুহে কয় যে ফোনটো ৰৈ আছে, গৰম হৈ আছে আৰু অতি লেহেমীয়াকৈ চলি আছে। এই সকলোবোৰ সমস্যা তেতিয়াহে উদ্ভৱ হয় যেতিয়া আপুনি ফোনটো বন্ধ নকৰাকৈয়ে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থাকে। এইটোও এটা মেচিন যিটো ঠাণ্ডা হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়। যদি ফোনটো অত্যধিক হেং হৈ আছে, এপবোৰ ক্ৰেচ হৈছে, বেটাৰী বেকআপ কমিছে আৰু ফোনটো অত্যধিক গৰম হৈছে, তেন্তে তৎক্ষণাত ফোনটো ৰিষ্টাৰ্ট কৰক।

UMANG এপৰ জৰিয়তে আপোনাৰ আধাৰক UAN ৰ সৈতে সহজে লিংক কৰক, কেনেকৈ কৰিব? জানক
এই ৭ টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব আপোনাৰ ছাল!
মানসিক চাপত ভুগিলে কি কি লক্ষণে দেখা দিয়ে? জানক,,,
মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক