ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি? 1000 followers থাকিলে ধন পাবনে?

যদি আপুনি ফেচবুকত সক্ৰিয় হ'ম বুলি ভাবিছে, তেন্তে কিমান followers থাকিলেই ধন উপাৰ্জন কৰিব পাৰি জানেনে! কিন্তু ইয়াৰ বাবে আপুনি কি কি কৰিব লাগিব জানক...

ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি? 1000 followers থাকিলে ধন পাবনে?

ফেচবুকৰ পৰা টকা উপাৰ্জন কৰিব বিচাৰে নেকি?

Published: 

02 Jul 2025 13:50 PM

আজিৰ সময়ত ফেচবুক কেৱল ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নহয়। বৰং ই এক ডাঙৰ উপাৰ্জনৰ উৎস হৈ পৰিছে। যদি আপোনাৰ ভাল কন্টেন্ট আছে আৰু বহু লোকে আপোনাক অনুসৰণ কৰে, তেন্তে আপুনিও ফেচবুকৰ পৰা ধন উপাৰ্জন কৰিব পাৰে। কিন্তু বহুতে প্ৰশ্ন কৰে যে কেৱল ১০০০ followers থাকিলেই টকা পাবলৈ আৰম্ভ কৰে নেকি?

ফেচবুকৰ monetization ৰ কাম কেনেকৈ কৰিব, কি কি চৰ্ত পূৰণ কৰিব লাগিব আৰু উপাৰ্জন সঁচাকৈয়ে ১০০০ followersৰ পৰা আৰম্ভ হয় নে নহয়?

ফেচবুক monetization কি?

Facebook monetization মানে আপুনি ফেচবুকত পোষ্ট কৰা কন্টেন্ট যেনে ভিডিঅ’, ৰিল, লাইভ, পোষ্ট ইত্যাদিৰ বাবে ফেচবুকে ধন দিয়ে। টকা উপাৰ্জন কৰিবলৈ ফেচবুকৰ কিছুমান চৰ্ত আৰু নিয়ম পালন কৰিব লাগিব।

এতিয়া প্ৰশ্ন উত্থাপন হয় যে ১০০০ followers থাকিলে টকা পায় নেকি? কেৱল ১০০০ followers থকাটোৱেই টকা উপাৰ্জন কৰিবলৈ যথেষ্ট নহয়। ফেচবুকত monetization আৰম্ভ কৰিবলৈ আৰু কিছুমান গুৰুত্বপূৰ্ণ চৰ্ত আছে।

ফেচবুক monetization ৰ বাবে প্ৰয়োজনীয়তা

10000 followers বা 600000 minutes of views যদি আপুনি ভিডিঅ’ কন্টেন্ট (in-stream ads)ৰ পৰা উপাৰ্জন কৰিব বিচাৰে, তেন্তে আপোনাৰ ভিডিঅ’টো যোৱা ৬০ দিনত মুঠ ৬ লাখ মিনিটৰ ভিউজ হোৱা উচিত। লগতে আপোনাৰ পেজত ১০,০০০ followers থাকিব লাগিব। কমেও ৫ টা সক্ৰিয় ভিডিঅ’ আপলোড কৰিব লাগে। যোৱা ৩০ দিনত এই ভিডিঅ’বোৰ পেজত সক্ৰিয় হ’ব লাগিব। কমেও ৬০,০০০ মিনিট চোৱাৰ সময়, এই ভিডিঅ’ত হ’ব লাগে। ইয়াত লাইভ ভিডিঅ’ও অন্তৰ্ভুক্ত কৰিব পাৰিব। Facebook Partner Monetization Policies আৰু Community Standards অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ বিষয়বস্তু মৌলিক হ’ব লাগিব। কপি-পেষ্ট বা আনৰ ভিডিঅ’ৰ দ্বাৰা monetization উপলব্ধ নহ’ব।

ফেচবুকৰ পৰা ধন উপাৰ্জনৰ উপায়

  1. In-Stream Ads: যেতিয়া আপুনি ৩ মিনিট বা তাতকৈ অধিক সময়ৰ দীঘলীয়া ভিডিঅ’ আপলোড কৰে, তেতিয়া ফেচবুকে আপোনাৰ ভিডিঅ’ৰ মাজত বিজ্ঞাপন চলায়। সেই বিজ্ঞাপনবোৰ যিমানেই মানুহে চায় সিমানেই টকা পাব।
  2. Reels Bonus Program: ফেচবুকে কেতিয়াবা ভাল ৰিল সৃষ্টিকৰ্তাক ৰিলত বোনাছ দিয়ে। বৰ্তমান এইখিনি কেৱল কিছুমান দেশতহে উপলব্ধ।
  3. Fan Subscriptions: যদি আপোনাৰ অনুগামীৰ সংখ্যা ভাল হয়, তেন্তে আপুনি এটা চাবস্ক্ৰিপচন সক্ৰিয় কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে প্ৰতিমাহে কিছু ধন দি আপোনাক সমৰ্থন কৰে।
  4. Stars: আপুনি লাইভত গ’লে অনুৰাগীয়ে আপোনাক ফেচবুক ষ্টাৰ পঠায়। প্ৰতিটো ষ্টাৰৰ এটা মূল্য থাকে আৰু পিছত আপুনি সেইবোৰক টকালৈ ৰূপান্তৰিত কৰিব পাৰে।
  5. Affiliate Marketing আৰু ব্ৰেণ্ড ডিল ল’ব পাৰে। ব্ৰেণ্ডৰ সামগ্ৰীৰ প্ৰচাৰ কৰি ফেচবুকৰ পৰাও টকা উপাৰ্জন কৰিব পাৰিব। তেতিয়া আপুনি ফেচবুকৰ পৰা পোনপটীয়াকৈ টকা নাপায়, ব্ৰেণ্ডৰ পৰাহে পায়।

 

 

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...