মোবাইল চাৰ্জ হোৱাৰ পাছত চাৰ্জাৰটো প্লাগত থৈ দিয়াৰ অভ্যাস আছে নেকি? সাৱধান, জানি লওক এই কথা…

বেছিভাগ মানুহৰে মোবাইল চাৰ্জ দি চাৰ্জাৰটো প্লাগত এৰি দিয়াৰ অভ্যাস আছে। বহুতে ভাবে ইয়াৰ ফলত কোনো সমস্যা নহয়। কিন্তু আপোনাৰো যদি এই অভ্যাস আছে তেন্তে ইয়াৰ ফলত কি হ'ব পাৰে জনা দৰকাৰ।

মোবাইল চাৰ্জ হোৱাৰ পাছত চাৰ্জাৰটো প্লাগত থৈ দিয়াৰ অভ্যাস আছে নেকি? সাৱধান, জানি লওক এই কথা...

চাৰ্জাৰ

Published: 

17 Sep 2025 | 06:53 PM

বেছিভাগ মানুহেই মোবাইল চাৰ্জ কৰি মোবাইলটো আঁতৰাই আনে যদিও চাৰ্জাৰটো প্লাগতে থৈ দিয়ে। আনকি বহুতে চাৰ্জৰ চুইচটো বন্ধ কৰা প্ৰয়োজনীয় বুলিও নাভাবে। বহুতে ভাবে ইয়াৰ ফলত কোনো সমস্যা নহয়। কিন্তু আপুনি জানি আচৰিত হ’ব যে ইয়াৰ ফলত সমস্যা হ’ব পাৰে। এনাৰ্জি বিশেষজ্ঞসকলে এই সন্দৰ্ভত বিশেষ সকীয়নি প্ৰদান কৰিছে। কিয়নো বিশেষজ্ঞসকলৰ মতে এই অভ্যাসৰ ফলত সামান্য পৰিমাণৰ বিদ্যুতৰ অপচয় হয়। যাৰ ফলত প্ৰডাক্ট বেয়া হ’ব পাৰে।

ভেম্পায়াৰ শক্তি কি?

চাৰ্জাৰটো ফোনটোৰ সৈতে সংযোগ হৈ নাথাকিলেও ই বিদ্যুত লৈ থাকে। কাৰণ চাৰ্জাৰত থকা ট্ৰেন্সফৰ্মাৰ আৰু চাৰ্কিটৰী সদায় চাৰ্জ কৰিবলৈ প্ৰস্তুত হৈ থাকে। এনে স্থলত গম নোপোৱাকৈ শক্তি অপচয় হৈ থাকে। যাত ‘ভেম্পায়াৰ পাৱাৰ’ বুলি কোৱা হয়।

প্ৰতিমাহে কি হ’ব পাৰে

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভেম্পায়াৰ শক্তিক ফেন্টম লোড বুলিও কোৱা হয়। যেতিয়া বন্ধ বা চুইচ অফ কৰা যন্ত্ৰই বিদ্যুৎ খৰচ কৰে তেতিয়া এই শব্দ ব্যৱহাৰ কৰা হয়। এটা চাৰ্জাৰে ০.১ৰ পৰা ০.৫ ৱাট শক্তি খৰচ কৰিব পাৰে, আনহাতে টিভি, চাৰ্জাৰ, আৰু কম্পিউটাৰৰ দৰে একাধিক প্লাগ-ইন ডিভাইচে প্ৰতিমাহে আপোনাৰ বিদ্যুতৰ বিল বৃদ্ধি কৰিব পাৰে।

এনেকৈ অলপ অলপকৈ বিদ্যুতৰ অপচয় হ’লেও প্ৰতিমাহে বিদ্যুতৰ বিল বৃদ্ধি পাব পাৰে। গতিকে কল্পনা কৰক, যদি এবছৰত আপুনি প্ৰতিদিনে এনেকৈ বিদ্যুতৰ অপচয় কৰে তেন্তে আপুনি ইয়াৰ বিনিময়ত অতিৰিক্ত ধনো দিব লাগিব। গতিকে চাৰ্জাৰবোৰ প্লাগত থৈ দিব নালাগে। থলেও চুইচটো বন্ধ কৰি থ’ব লাগে।

চাৰ্জাৰ আনপ্লাগ কৰি থলে কি কি সুবিধা হ’ব পাৰে-

  • বিদ্যুতৰ বিল কমকৈ আহিব।
  • বিদ্যুতৰ অপচয় নহ’ব।
  • প্লাগ ইন কৰি ৰখা চাৰ্জাৰ এটা অতিমাত্ৰা গৰম হৈ জুই জ্বলিব পাৰে। গতিকে ইয়াক আঁতৰাই থ’ব লাগে।
  • অহৰহ বিদ্যুতৰ সংস্পৰ্শলৈ অহাৰ বাবে, বিশেষকৈ ভল্টেজৰ উঠা-নমাৰ বাবে সমস্যা হ’ব পাৰে। গতিকে এইবোৰ আঁতৰাই ৰাখিলে প্ৰডাক্ট বেয়া হোৱাৰ সম্ভাৱনা নাথাকে।

 

অন্য খবৰ পঢ়কঃ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীলৈ বিশেষ উপহাৰ মেছিৰ! কি আছে সেই বিশেষ টোপোলাটোত?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...