Smartphone Explosions: স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ মূল কাৰণসমূহ কি কি ? জানক

বিভিন্ন ঠাইত স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ খবৰ প্ৰায়ে প্ৰকাশ পাই থাকে । প্ৰকৃতে ফোন বিস্ফোৰণ হোৱাৰ কাৰণ নিৰ্ভৰ কৰে আপুনি স্মাৰ্টফোন কেনেকৈ ব্যৱহাৰ কৰিছে । কিছুমান সৱাধানতা অৱলম্বন কৰে নে ?

Smartphone Explosions: স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ মূল কাৰণসমূহ কি কি ? জানক

শুই উঠিয়েই ফোন চোৱাৰ অভ্যাস আছে নেকি?

Updated On: 

21 Oct 2024 | 07:33 PM

আজিৰ সময়ত প্ৰায় সকলো লোকৰে হাতে হাতে স্মাৰ্টফোন থাকে । ইয়াৰ মাজতে বিভিন্ন ঠাইত স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ খবৰ প্ৰায়ে প্ৰকাশ পাই থাকে । প্ৰকৃতে ফোন বিস্ফোৰণ হোৱাৰ কাৰণ নিৰ্ভৰ কৰে আপুনি স্মাৰ্টফোন কেনেকৈ ব্যৱহাৰ কৰিছে । কিছুমান সৱাধানতা অৱলম্বন কৰে নে ? এই প্ৰতিবেদনৰ জৰিয়তে কি কি ভুলৰ বাবে স্মাৰ্টফোন বিস্ফোৰণ হ’ব পাৰে জানো আহক…

  • মোবাইল চাৰ্জৰ বাবে সদায় ভাল কোম্পানীৰ চাৰ্জাৰ ব্যৱহাৰ কৰিব । যদি আপুনি বজাৰত পোৱা যিকোনো চাৰ্জাৰে ফোন চাৰ্জ দিয়ে তেন্তে বিস্ফোৰণৰ আশংকা থাকিব পাৰে। কাৰণ আপোনাৰ ফোনটো চাৰ্জ কৰিবলৈ কোম্পানীয়ে বনোৱা চাৰ্জাৰেহে ফোনটো চাৰ্জ কৰিব পাৰে।
  • ফোনটো অতিমাত্ৰা চাৰ্জ বা অতিমাত্ৰা গৰম হ’বলৈ নিদিব। চাৰ্জ কৰাৰ সময়ত ফোনটো ব্যৱহাৰ নকৰিব কাৰণ ই ফোনটো গৰম কৰি তুলিব পাৰে আৰু বিস্ফোৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।
  • ইয়াৰ উপৰিও ফোন চাৰ্জ কৰাৰ সময়ত গেম খেলাৰ পৰাও আঁতৰি থাকিব লাগে । ইয়াৰ ফলত ফোনটোৰ বেটাৰীত প্ৰভাৱ পৰিব পাৰে।
  • অধিক উষ্ণতাই আপোনাৰ ফোনটোৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে । মন কৰিব গ্ৰীষ্মকালত ফোন বিস্ফোৰণৰ অধিক খবৰ শুনা যায় । অত্যন্ত গৰমৰ সময়ত ফোনটো গাড়ীত নাৰাখিব। যদি আপোনাৰ ফোনটোৰ বেটাৰী দুৰ্বল হৈছে, তেন্তে ই বিস্ফোৰণ বা জুইৰ আশংকা সৃষ্টি কৰিব পাৰে।
  • ফোন বিস্ফোৰণ হোৱাৰ এটা কাৰণ হ’ল- মানুহে ফোনটোৰ পিছফালৰ কভাৰত নোট বা কাগজ ৰাখে। ইয়াৰ বাবে ফোনটোৰ মাজেৰে বায়ু পাৰ হৈ নাযায়, যাৰ বাবে ফোনটো সোনকালে গৰম হ’বলৈ আৰম্ভ কৰে। বহু সময়ত ফোনটোৰ কভাৰত ৰখা কাগজ বা নোটৰ বাবে বেতাঁৰ চাৰ্জিঙৰ সমস্যা হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব